--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ কিংবদন্তী মহিলা ক্ৰিকেটাৰ মিথালী ৰাজে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেটৰ পৰা অৱসৰ লোৱাৰ পাছতে বিচিচিআইয়ে ভাৰতীয় মহিলা দলৰ অধিনায়ক হিচাপে হৰমনপ্ৰীত কৌৰৰ নাম ঘোষণা কৰিছে। ভাৰতক মহিলা দলক এদিনীয়া ক্ৰিকেটক নেতৃত্ব দিব হৰমনপ্ৰীত কৌৰে। বুধবাৰে মিথালীয়ে খেলৰ পৰা অৱসৰৰ কথা ঘোষণা কৰাৰ কেইঘণ্টামান পিছতে ৰাষ্ট্ৰীয় নিৰ্বাচক সকলে শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতীয় মহিলা ক্ৰিকেট দল ঘোষণা কৰে। এদিনীয়া দলৰ লগতে টি-২০ দলৰ অধিনায়ক হিচাপেও নিৰ্বাচিত হৈছে হৰমনপ্ৰীত।

স্মৰ্তব্য যে, ইয়াৰ পূৰ্বেও হৰমনপ্ৰীতে ভাৰতৰ টি-২০ দলক নেতৃত্ব দিছিল। অৱশ্যে, এদিনীয়া দলত মিথালীৰ সহযোগী আছিল হৰমনপ্ৰীত। এইবাৰ ৫০ অ’ভাৰৰ ক্ৰিকেটত ভাৰতৰ অধিনায়ক হিচাপে নিৰ্বাচিত হৈছে হৰমনপ্ৰীত কৌৰ। নৱনিযুক্ত অধিনায়কগৰাকীৰ সহ অধিনায়কৰ দায়িত্ব পালন কৰিব স্মৃতি মান্ধানাই। ইফালে, শ্ৰীলংকা ভ্ৰমণৰ বাবে ভাৰতৰ এদিনীয়া দলত ঝুলন গোস্বামীৰ নাম অন্তৰ্ভুক্ত নহ’ল। তেনেস্থলত ঝুলন গোস্বামীৰো অৱসৰৰ প্ৰসংগই অধিক চৰ্চা লাভ কৰা দেখা গৈছে।

ভাৰতৰ এদিনীয়া স্কোয়াডঃ হৰমনপ্ৰীত কৌৰ (অধিনায়ক), স্মৃতি মান্ধানা (সহ অধিনায়ক), শ্বেফালী বাৰ্মা, যস্তিকা ভাটিয়া (উইকেট ৰক্ষক), সুব্বিনেনী মেঘনা, দীপ্তি শৰ্মা, পূনম যাদৱ, ৰাজেশ্বৰী গায়কোৱাদ, ছিমৰণ বাহাদুৰ, মেঘনা সিং, ৰেণুকা সিং, তানিয়া ভাটিয়া (উইকেট ৰক্ষক) আৰু হাৰ্লিন দেউল।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ