--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ দেশকে শোক সাগৰত বুৰাই আঁতৰি গ’ল সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ। তেওঁৰ কায়িক অনুপস্থিতিয়ে সৃষ্টি কৰা শূন্যতাক আজিও সহজভাৱে ল’ব পৰা নাই তেওঁৰ অগনন অনুৰাগীয়ে। সকলোৱে তেওঁৰ স্মৃতি ৰোমন্থনৰ জৰিয়তে তেওঁক অন্তৰত জীয়াই ৰখাৰ চেষ্টা কৰিছে। সুৰ আৰু সংগীতৰ জৰিয়তে চিৰকালীন বিস্তৃতি আৰু এক মহাজীৱন লাভ কৰা লতা মংগেশকাৰ সংগীত থকালৈকে জীয়াই থাকিব সংগীত অনুৰাগীৰ অন্তৰে অন্তৰে। তেওঁৰ কায়িক অনুপস্থিতিৰ পাছত স্মৃতি ৰোমন্থনেৰে তেওঁৰ চিৰউজ্জ্বল ব্যক্তিত্বক অধিক উজলাই তোলাৰ প্ৰয়াস কৰিছে তেওঁৰ বিভিন্নজন অনুৰাগীয়ে। এই বাৰ লতাজী সম্পৰ্কত দুটা বিশেষ কথা প্ৰকাশ কৰিছে প্ৰখ্যাত অভিনেত্ৰী বিন্দুৱে। কেইবাদশকো ধৰি অভিনেত্ৰী বিন্দুৱে ‘শ্ব’বিজ’ (showbiz)ৰ অংশ হৈ আছিল আৰু তেওঁৰ বাবে লতাজীয়ে গাইছিল ১২টাকৈ গীত। এইগৰাকী অভিনেত্ৰীয়ে লতাজীৰ জীৱনশৈলীৰ দুটা বিশেষ দিশৰ কথা প্ৰকাশ কৰিছে। তেওঁ লতা মংগেশকাৰৰ দুটা বিশেষ দুৰ্বলতাৰ কথা তেওঁ প্ৰকাশ কৰে। ‘আজ টক’ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ‘তুম মুঝে ভুলা না পাওগে’ত লতা মংগেশকাৰৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাতৰ স্মৃতি ৰোমন্থন কৰি তেওঁ অভিনেত্ৰী বিন্দুৱে কয়, ‘আনপঢ় ছবিখনত প্ৰথমবাৰৰ বাবে মোৰ কাৰণে গীত গাইছিল লতা জীয়ে। তাৰ পাছৰে পৰা মই তেওঁক লগ পোৱাৰ মানস কৰি আহিছিলোঁ। তেনেতে লক্ষ্মীজী (প্ৰখ্যাত সংগীত যুটী লক্ষ্মীকান্ত-প্যাৰেলালৰ লক্ষ্মীকান্ত) মোৰ আত্মীয়ত পৰিণত হৈছিল। তেওঁলোকৰ ৰেকৰ্ডিং ষ্টুডিঅ’টো আছিল মোৰ ঘৰৰ কাষতে। লতা মংগেশকাৰ যেতিয়া তেওঁলোকৰ ষ্টুডিঅ’লৈ গীতৰ ৰেকৰ্ডিঙৰ কাৰণে আহিছিল তেতিয়া তেওঁ মোক শিল্পীগৰাকীৰ লগ পাবলৈ মাতিছিল। তেতিয়াই মই ষ্টুডিঅ’লৈ গৈ লতাজীক প্ৰথমবাৰৰ কাৰণে লগ পাইছিলোঁ।’ অভিনেত্ৰীগৰাকীয়ে লতাজীৰ দুটা বিশেষ দুৰ্বলতা তথা অভ্যাসৰ কথাও অনুষ্ঠানটোত সদৰি কৰে। তেওঁ সদায় দুডাল বেণী গুঁঠিছিল আৰু হীৰাৰ অলংকাৰ পিন্ধিছিল বুলি তেওঁ প্ৰকাশ কৰে। হীৰাৰ অলংকাৰৰ প্ৰতি তেওঁৰ বিশেষ দুৰ্বলতা আছিল বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ প্ৰথম লগ পোৱাৰ সময়তো তেওঁ হীৰাৰ কাণফুলি পিন্ধি আছিল বুলি তেওঁ প্ৰকাশ কৰে। অতি সাত্বিক আৰু সহজ-সৰল জীৱনশৈলী অতিবাহিত কৰা লতা মংগেশকাৰৰ এনে বিশেষ দুটা অভ্যাসৰ কথা তেওঁৰ অনুৰাগীসকলৰ বেছিভাগেই নাজানে। সেইবাবে হীৰৰ অলংকাৰ আৰু বেণীগুঁঠা চুলিৰ প্ৰতি তেওঁৰ দুৰ্বলতাৰ কথাটোৱে সকলোকে আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, যোৱা দেওবাৰে দীঘলীয়া অসুস্থতাৰ পাছত শিল্পীগৰাকীয়ে কায়িক জীৱনৰ সমাপ্তি ঘটাইছিল। কিন্তু গীত আৰু সুৰৰ অনুৰণনে দেশৰ আকাশ ভৰাই ৰাখিছে পূৰ্বৰ দৰেই, বৰং অধিক বাংময়তাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ