--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : সমগ্ৰ দেশকে শোক সাগৰত বুৰাই আঁতৰি গ’ল সুৰ সম্ৰাজ্ঞী লতা মংগেশকাৰ। তেওঁৰ কায়িক অনুপস্থিতিয়ে সৃষ্টি কৰা শূন্যতাক আজিও সহজভাৱে ল’ব পৰা নাই তেওঁৰ অগনন অনুৰাগীয়ে। সকলোৱে তেওঁৰ স্মৃতি ৰোমন্থনৰ জৰিয়তে তেওঁক অন্তৰত জীয়াই ৰখাৰ চেষ্টা কৰিছে। সুৰ আৰু সংগীতৰ জৰিয়তে চিৰকালীন বিস্তৃতি আৰু এক মহাজীৱন লাভ কৰা লতা মংগেশকাৰ সংগীত থকালৈকে জীয়াই থাকিব সংগীত অনুৰাগীৰ অন্তৰে অন্তৰে। তেওঁৰ কায়িক অনুপস্থিতিৰ পাছত স্মৃতি ৰোমন্থনেৰে তেওঁৰ চিৰউজ্জ্বল ব্যক্তিত্বক অধিক উজলাই তোলাৰ প্ৰয়াস কৰিছে তেওঁৰ বিভিন্নজন অনুৰাগীয়ে। এই বাৰ লতাজী সম্পৰ্কত দুটা বিশেষ কথা প্ৰকাশ কৰিছে প্ৰখ্যাত অভিনেত্ৰী বিন্দুৱে। কেইবাদশকো ধৰি অভিনেত্ৰী বিন্দুৱে ‘শ্ব’বিজ’ (showbiz)ৰ অংশ হৈ আছিল আৰু তেওঁৰ বাবে লতাজীয়ে গাইছিল ১২টাকৈ গীত। এইগৰাকী অভিনেত্ৰীয়ে লতাজীৰ জীৱনশৈলীৰ দুটা বিশেষ দিশৰ কথা প্ৰকাশ কৰিছে। তেওঁ লতা মংগেশকাৰৰ দুটা বিশেষ দুৰ্বলতাৰ কথা তেওঁ প্ৰকাশ কৰে। ‘আজ টক’ৰ শ্ৰদ্ধাঞ্জলি অনুষ্ঠান ‘তুম মুঝে ভুলা না পাওগে’ত লতা মংগেশকাৰৰ সৈতে তেওঁৰ প্ৰথম সাক্ষাতৰ স্মৃতি ৰোমন্থন কৰি তেওঁ অভিনেত্ৰী বিন্দুৱে কয়, ‘আনপঢ় ছবিখনত প্ৰথমবাৰৰ বাবে মোৰ কাৰণে গীত গাইছিল লতা জীয়ে। তাৰ পাছৰে পৰা মই তেওঁক লগ পোৱাৰ মানস কৰি আহিছিলোঁ। তেনেতে লক্ষ্মীজী (প্ৰখ্যাত সংগীত যুটী লক্ষ্মীকান্ত-প্যাৰেলালৰ লক্ষ্মীকান্ত) মোৰ আত্মীয়ত পৰিণত হৈছিল। তেওঁলোকৰ ৰেকৰ্ডিং ষ্টুডিঅ’টো আছিল মোৰ ঘৰৰ কাষতে। লতা মংগেশকাৰ যেতিয়া তেওঁলোকৰ ষ্টুডিঅ’লৈ গীতৰ ৰেকৰ্ডিঙৰ কাৰণে আহিছিল তেতিয়া তেওঁ মোক শিল্পীগৰাকীৰ লগ পাবলৈ মাতিছিল। তেতিয়াই মই ষ্টুডিঅ’লৈ গৈ লতাজীক প্ৰথমবাৰৰ কাৰণে লগ পাইছিলোঁ।’ অভিনেত্ৰীগৰাকীয়ে লতাজীৰ দুটা বিশেষ দুৰ্বলতা তথা অভ্যাসৰ কথাও অনুষ্ঠানটোত সদৰি কৰে। তেওঁ সদায় দুডাল বেণী গুঁঠিছিল আৰু হীৰাৰ অলংকাৰ পিন্ধিছিল বুলি তেওঁ প্ৰকাশ কৰে। হীৰাৰ অলংকাৰৰ প্ৰতি তেওঁৰ বিশেষ দুৰ্বলতা আছিল বুলিও তেওঁ প্ৰকাশ কৰে। তেওঁ প্ৰথম লগ পোৱাৰ সময়তো তেওঁ হীৰাৰ কাণফুলি পিন্ধি আছিল বুলি তেওঁ প্ৰকাশ কৰে। অতি সাত্বিক আৰু সহজ-সৰল জীৱনশৈলী অতিবাহিত কৰা লতা মংগেশকাৰৰ এনে বিশেষ দুটা অভ্যাসৰ কথা তেওঁৰ অনুৰাগীসকলৰ বেছিভাগেই নাজানে। সেইবাবে হীৰৰ অলংকাৰ আৰু বেণীগুঁঠা চুলিৰ প্ৰতি তেওঁৰ দুৰ্বলতাৰ কথাটোৱে সকলোকে আকৰ্ষণ কৰা দেখিবলৈ পোৱা গৈছে। উল্লেখ্য যে, যোৱা দেওবাৰে দীঘলীয়া অসুস্থতাৰ পাছত শিল্পীগৰাকীয়ে কায়িক জীৱনৰ সমাপ্তি ঘটাইছিল। কিন্তু গীত আৰু সুৰৰ অনুৰণনে দেশৰ আকাশ ভৰাই ৰাখিছে পূৰ্বৰ দৰেই, বৰং অধিক বাংময়তাৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে