--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ভেলেণ্টাইন ডে’ৰ বাবে সকলোৰে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ হৈছে। আপোনাৰ প্ৰেয়সীৰ সৈতে প্ৰেমৰ দিৱস উদযাপন কৰিবলৈ কি পিন্ধিব লাগে, ক’লৈ যাব লাগে, সকলোবোৰ চিন্তাই হয়টো আপোনাক জুমুৰি দি ধৰিছে। আপুনি দীৰ্ঘদিন ধৰি বিচৰা প্ৰিয়জনৰ সৈতে এইবেলি ভেলেণ্টাইন ডে’ত কিদৰে কথা পাতিব? সময় আৰু স্থান বাছনি কৰাটো দায়িত্ব আপোনাৰ। প্ৰেমৰ প্ৰস্তাৱ দিবলৈ কেনেধৰণৰ স্থান আপুনি বাছনি কৰিব পাৰে? সামাজিক মাধ্যমত প্ৰস্তাৱ নিদিব: নতুন-প্ৰজন্মই দিনটোৰ বেছিভাগ সময় সময় ছ’চিয়েল মিডিয়াত কটায়। তাতেই বহুতে প্ৰেমৰ মহাচ্ছনত পৰি হাবুডাবু খায়। যদি কোনোবাই কাৰোবাৰ প্ৰতি আকৰ্ষণ বাঢ়ি যায়, তেন্তে তেওঁৰ প্ৰ’ফাইলটো চোৱা, তেওঁক লগ পোৱাৰ ইচ্ছা থকাটো অতি স্বাভাৱিক। বহুলোকে তেওঁলোকৰ প্ৰিয় লোকসকলক টেগ কৰি সামাজিক মাধ্যমত দীঘলীয়া পাঠ লিখিব পাৰে। কিন্তু কিছুমান ব্যক্তিগত মুহূৰ্ত সদায় সামাজিক মাধ্যমত নাথাকে। এইবেলি ভেলেণ্টাইন ডে’ত সামাজিক মাধ্যমেৰে বিষয়ে নহয়, সাক্ষাতেৰে গঢ়ি তোলক এটি ধুনীয়া সম্পৰ্ক। শ্বপিং মলত একেবাৰে প্ৰস্তাৱ নিদিব- বহুতো মানুহে শ্বপিং মললৈ যায় আৰু তেওঁলোকৰ প্ৰিয়জনৰ প্ৰতি তেওঁলোকৰ মৰম প্ৰকাশ কৰে। এইটোৱে আপোনাৰ প্ৰিয়জনৰ মনত আপোনাৰ বিষয়ে এক বিৰূপ প্ৰভাৱ পেলাব পাৰে। বহুলোকৰ সন্মুখত প্ৰেম প্ৰকাশ কৰাটো প্ৰকৃততে সথিক বাৰ্তা বুলি গ্ৰহণ কৰা নহয়। ইমানবোৰ লোকৰ মাজত, আপোনাৰ প্ৰিয় ব্যক্তিজনে আপোনাৰ মন কথা বুজি নাপাবও পাৰে। মনোযোগ বাৰে বাৰে ব্যাহত হ’ব পাৰে। গতিকে শ্বপিং মলত প্ৰস্তাৱ কেতিয়াও নিদিব। গাড়ীলৈ ফুৰিবলৈ যাওঁতে প্ৰস্তাৱ নিদিব হয়তো আপুনি গাড়ীৰে এটা ৰোমাণ্টিক ভ্ৰমণলৈ গৈ আছে। সেয়া ঠিক আছে, কিন্তু গাড়ীত আপোনাৰ সংগীক প্ৰস্তাৱ নিদিব। এই মুহূৰ্তটো আপোনাৰ আৰু আপোনাৰ প্ৰিয়জনৰ বাবে অলপ বিশেষ। গতিকে, লাহে লাহে শান্ত হওক আৰু এনে পৰিৱেশ সৃষ্টি কৰক আৰু আপোনাৰ মন সকলো কথা লাহে লাহে প্ৰকাশ কৰক। চিনেমা চাবলৈ গ’লে প্ৰস্তাৱ নিদিব- ভেলেণ্টাইন ডে’ত সময় কটাবলৈ যদি চিনেমা হললৈ যায়। চিনেমা চাবলৈ য়াওঁতে প্ৰস্তাৱ নিদিব। চিনেমা অন্ধকাৰ, গতিকে প্ৰেম গাঢ় হ’ব পাৰে, কিন্তু প্ৰস্তাৱ দিয়াৰ বাবে ই আদৰ্শ স্থান নহয়। ভেলেণ্টাইন দিৱসক স্মৰণীয় কৰি তুলিবলৈ এটা ৰোমাণ্টিক ঠাই বাছনি কৰক। বন্ধুৰ ঘৰৰ পাৰ্টীত- এজন বন্ধুৰ ঘৰত ভেলেণ্টাইন ডে’ ২০২২ পাৰ্টী অনুষ্ঠিত কৰিব পাৰি। কিন্তু মনত ৰাখিব, আন কাৰোবাৰ ঘৰৰ পাৰ্টীলৈ যোৱা আৰু আপোনাৰ সংগীক প্ৰস্তাৱ দিয়াটো প্ৰত্যাখ্যান কৰাৰ সম্ভাৱনা অধিক।

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement