--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট মানেই অভিলেখৰ জোৱাৰ, পুৰণি অভিলেখ ভাঙি নতুন অভিলেখ গঢ়াৰ সুযোগ। প্ৰতিখন ক্ৰিকেট মেচতে কোনোবাই নহয় কোনোবাই নিজৰ নামত স্থাপন কৰে নানা অভিলেখ। কোনোৱে যদি নিজৰ চমকপ্ৰদ বেটিং প্ৰদৰ্শনেৰে অভিলেখ ৰচে, আন কোনোৱে আকৌ দুৰ্দান্ত বলিঙেৰে স্থাপন কৰিছে অভিলেখ। কোনোবাই আকৌ ফিল্ডিঙৰ যোগেৰেই প্ৰতিষ্ঠা কৰে নতুন ৰেকৰ্ড। কোনো এটা দলে সমূহীয়াকৈও সৃষ্টি কৰে অভিলেখৰ। পিছে এই সকলো ৰেকৰ্ডেই যে আকাংক্ষিত হ'ব এনে নহয়, কেতিয়াবা কোনোৱে ইচ্ছা নকৰাকৈয়ে এক অবাঞ্চিত ৰেকৰ্ডৰ গৰাকী হৈ পৰিব পাৰে। 

তেনে এক অনাকাংক্ষিত দুৰ্ভাগ্যজনক তালিকাত স্থান পাইছে ভাৰতৰ উইকেট ৰক্ষক বেটাৰ তথা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে নৱনিযুক্ত অধিনায়ক ঋষভ পণ্টে। কিন্তু অধিনায়ক হিচাপে পণ্টৰ আত্মপ্ৰকাশ আশানুৰূপ নহ'ল। যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টি-২০ মেচত পৰাস্ত হয় ভাৰত। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈ ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। 

ভাৰতে ঈশান কিষণৰ ৭৬ ৰাণৰ মাৰমুখী ইনিংছৰ লগতে গাইকোৱাড, শ্ৰেয়স আয়াৰ, অধিনায়ক পণ্ট আৰু হাৰ্দিক পাণ্ডিয়াৰ উপযোগী অৱদানৰ সহায়ত ২১১ ৰাণ সংগ্ৰহ কৰিছিল। এই বিশাল স্ক’ৰ থিয় কৰাইও মেচখনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হয় ভাৰতে। ২১২ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ৮১ ৰানত তিনিটা উইকেট হেৰুৱাই বিপদত পৰে যদিও মিলাৰ আৰু ভান ডাৰ ডুছেনে চতুৰ্থ উইকেটত অপৰাজিত ১৩১ ৰাণৰ যুটিৰে জয় কঢ়িয়াই আনে। মিলাৰে ৩১ টা বলত ৬৫ ৰান আৰু ডুছেনে ৪৬ বলত ৭৫ ৰানৰ বিস্ফোৰক ইনিংছেৰে অপৰাজিত হৈ ৰয়।

মেচখনত পৰাজয়ৰ লগে লগে এক অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হৈ পৰে পণ্ট। টি-২০ দলৰ অধিনায়ক হিচাপে অভিষেক মেচতে পৰাজয়ৰ মুখ দেখা দ্বিতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয় ঋষভ পণ্ট। এই ক্ষেত্ৰত তেওঁ ভাৰতৰ পূৰ্বৰ অধিনায়ক বিৰাট কোহলীৰ সৈতে একে তালিকাত স্থান পায়। কোহলীয়ে ২০১৭ চনত কানপুৰত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰ টি-২০ অধিনায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল। মেচখনত ৭ উইকেটত পৰাস্ত হৈছিল ভাৰত।  লক্ষণীয়ভাৱে পণ্ট-কোহলীয়ে ভাৰতৰ টি-২০ দলৰ অধিনায়ক হিচাপে প্ৰথমখন খেলত ২৯ ৰানকৈ সংগ্ৰহ কৰিছে। 

উল্লেখ্য যে আঘাতৰ বাবে কে এল ৰাহুল শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পিছত ৫ খনীয়া মেচৰ টি-২০ শৃংখলাটোৰ বাবে পণ্টক অধিনায়কৰ দায়িত্ব দিয়া হৈছিল। এনেদৰে পণ্ট টি-২০ ক্ৰিকেটত ভাৰতৰ অষ্টম আৰু সুৰেশ ৰাইনাৰ পিছত দ্বিতীয়গৰাকী কনিষ্ঠতম অধিনায়ক হিচাপে পৰিগণিত হয়।

ইফালে বৃহস্পতিবাৰৰ মেচখনত পৰাজয়ৰ পাছত ভাৰতে প্ৰথমবাৰৰ বাবে প্ৰথম ইনিংছত ২০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰাৰ পিছতো এখন টি-২০ খেলত পৰাজিত হৈছে। ভাৰতে বৰ্তমানলৈকে ১২ বাৰ প্ৰথমে বেটিং কৰি ২০০ তকৈ অধিক স্ক’ৰ সংগ্ৰহ কৰিছে। টি-২০ ক্ৰিকেটৰ ইতিহাসত ই এক অভিলেখ। এতিয়ালৈকে কোনো এটা দলেই এই সফলতা লাভ কৰিব পৰা নাই।

আনহাতে বৃহস্পতিবাৰৰ মেচখনত পৰাজয়ৰ লগে লগে ভাৰতে টি-২০ ক্ৰিকেটত সৰ্বাধিক মেচত ক্ৰমাগত জয়ৰ  বিশ্ব অভিলেখ গঢ়াৰ সুযোগ হেৰুৱায়। যোৱা নিশা মেচখনত পৰাজয়ৰ আগলৈকে ভাৰতে ১২ খন মেচত ধাৰাবাহিকভাৱে জয় সাব্যস্ত কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ