--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্ৰিকেট মানেই অভিলেখৰ জোৱাৰ, পুৰণি অভিলেখ ভাঙি নতুন অভিলেখ গঢ়াৰ সুযোগ। প্ৰতিখন ক্ৰিকেট মেচতে কোনোবাই নহয় কোনোবাই নিজৰ নামত স্থাপন কৰে নানা অভিলেখ। কোনোৱে যদি নিজৰ চমকপ্ৰদ বেটিং প্ৰদৰ্শনেৰে অভিলেখ ৰচে, আন কোনোৱে আকৌ দুৰ্দান্ত বলিঙেৰে স্থাপন কৰিছে অভিলেখ। কোনোবাই আকৌ ফিল্ডিঙৰ যোগেৰেই প্ৰতিষ্ঠা কৰে নতুন ৰেকৰ্ড। কোনো এটা দলে সমূহীয়াকৈও সৃষ্টি কৰে অভিলেখৰ। পিছে এই সকলো ৰেকৰ্ডেই যে আকাংক্ষিত হ'ব এনে নহয়, কেতিয়াবা কোনোৱে ইচ্ছা নকৰাকৈয়ে এক অবাঞ্চিত ৰেকৰ্ডৰ গৰাকী হৈ পৰিব পাৰে। 

তেনে এক অনাকাংক্ষিত দুৰ্ভাগ্যজনক তালিকাত স্থান পাইছে ভাৰতৰ উইকেট ৰক্ষক বেটাৰ তথা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলাৰ বাবে নৱনিযুক্ত অধিনায়ক ঋষভ পণ্টে। কিন্তু অধিনায়ক হিচাপে পণ্টৰ আত্মপ্ৰকাশ আশানুৰূপ নহ'ল। যোৱা নিশা দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন টি-২০ মেচত পৰাস্ত হয় ভাৰত। দক্ষিণ আফ্ৰিকাৰ অধিনায়ক টেম্বা বাভুমাই টছত জয়ী হৈ বলিং কৰাৰ সিদ্ধান্ত লৈ ভাৰতক বেটিং কৰিবলৈ আমন্ত্ৰণ জনায়। 

ভাৰতে ঈশান কিষণৰ ৭৬ ৰাণৰ মাৰমুখী ইনিংছৰ লগতে গাইকোৱাড, শ্ৰেয়স আয়াৰ, অধিনায়ক পণ্ট আৰু হাৰ্দিক পাণ্ডিয়াৰ উপযোগী অৱদানৰ সহায়ত ২১১ ৰাণ সংগ্ৰহ কৰিছিল। এই বিশাল স্ক’ৰ থিয় কৰাইও মেচখনত পৰাজয়ৰ গ্লানি সহিবলগীয়া হয় ভাৰতে। ২১২ ৰানৰ বৃহৎ লক্ষ্য অনুসৰণ কৰি দক্ষিণ আফ্ৰিকাই ৮১ ৰানত তিনিটা উইকেট হেৰুৱাই বিপদত পৰে যদিও মিলাৰ আৰু ভান ডাৰ ডুছেনে চতুৰ্থ উইকেটত অপৰাজিত ১৩১ ৰাণৰ যুটিৰে জয় কঢ়িয়াই আনে। মিলাৰে ৩১ টা বলত ৬৫ ৰান আৰু ডুছেনে ৪৬ বলত ৭৫ ৰানৰ বিস্ফোৰক ইনিংছেৰে অপৰাজিত হৈ ৰয়।

মেচখনত পৰাজয়ৰ লগে লগে এক অনাকাংক্ষিত ৰেকৰ্ডৰ গৰাকী হৈ পৰে পণ্ট। টি-২০ দলৰ অধিনায়ক হিচাপে অভিষেক মেচতে পৰাজয়ৰ মুখ দেখা দ্বিতীয়গৰাকী ভাৰতীয় ক্ৰিকেটাৰত পৰিণত হয় ঋষভ পণ্ট। এই ক্ষেত্ৰত তেওঁ ভাৰতৰ পূৰ্বৰ অধিনায়ক বিৰাট কোহলীৰ সৈতে একে তালিকাত স্থান পায়। কোহলীয়ে ২০১৭ চনত কানপুৰত ইংলেণ্ডৰ বিৰুদ্ধে প্ৰথমবাৰ টি-২০ অধিনায়ক হিচাপে আত্মপ্ৰকাশ কৰিছিল। মেচখনত ৭ উইকেটত পৰাস্ত হৈছিল ভাৰত।  লক্ষণীয়ভাৱে পণ্ট-কোহলীয়ে ভাৰতৰ টি-২০ দলৰ অধিনায়ক হিচাপে প্ৰথমখন খেলত ২৯ ৰানকৈ সংগ্ৰহ কৰিছে। 

উল্লেখ্য যে আঘাতৰ বাবে কে এল ৰাহুল শৃংখলাৰ পৰা বাহিৰ হোৱাৰ পিছত ৫ খনীয়া মেচৰ টি-২০ শৃংখলাটোৰ বাবে পণ্টক অধিনায়কৰ দায়িত্ব দিয়া হৈছিল। এনেদৰে পণ্ট টি-২০ ক্ৰিকেটত ভাৰতৰ অষ্টম আৰু সুৰেশ ৰাইনাৰ পিছত দ্বিতীয়গৰাকী কনিষ্ঠতম অধিনায়ক হিচাপে পৰিগণিত হয়।

ইফালে বৃহস্পতিবাৰৰ মেচখনত পৰাজয়ৰ পাছত ভাৰতে প্ৰথমবাৰৰ বাবে প্ৰথম ইনিংছত ২০০ তকৈ অধিক ৰাণ সংগ্ৰহ কৰাৰ পিছতো এখন টি-২০ খেলত পৰাজিত হৈছে। ভাৰতে বৰ্তমানলৈকে ১২ বাৰ প্ৰথমে বেটিং কৰি ২০০ তকৈ অধিক স্ক’ৰ সংগ্ৰহ কৰিছে। টি-২০ ক্ৰিকেটৰ ইতিহাসত ই এক অভিলেখ। এতিয়ালৈকে কোনো এটা দলেই এই সফলতা লাভ কৰিব পৰা নাই।

আনহাতে বৃহস্পতিবাৰৰ মেচখনত পৰাজয়ৰ লগে লগে ভাৰতে টি-২০ ক্ৰিকেটত সৰ্বাধিক মেচত ক্ৰমাগত জয়ৰ  বিশ্ব অভিলেখ গঢ়াৰ সুযোগ হেৰুৱায়। যোৱা নিশা মেচখনত পৰাজয়ৰ আগলৈকে ভাৰতে ১২ খন মেচত ধাৰাবাহিকভাৱে জয় সাব্যস্ত কৰিছিল।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ