--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আগন্তুক বাৰ্মিংহাম কমনৱেলথ গেমছৰ বাবে ভাৰতীয় বক্সিং দল নিৰ্বাচনৰ বাবে অনুষ্ঠিত হৈছিল ট্ৰায়েল মেচ। কিন্তু এই ট্ৰায়েলৰ পৰাই ভাৰতীয় সমৰ্থকৰ বাবে আহিল এক দুঃসংবাদ। কিংবদন্তী ভাৰতীয় বক্সাৰ মেৰীকমে ভৰিৰ আঘাতৰ বাবে ট্ৰায়েলৰ পৰা নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ৪৮ কেজি শাখাৰ পৰীক্ষামূলক অধিবেশনত অংশগ্ৰহণ কৰিছিল তেওঁ। তাতেই ভৰিত আঘাত পোৱাৰ বাবে মেৰীকমে নিজৰ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়।

স্মৰ্তব্য যে, ইন্দিৰা গান্ধী ষ্টেডিয়ামত অনুষ্ঠিত হৈছিল এই ট্ৰায়েল মেচখন। য’ত ৪৮ কেজি ওজনৰ ছেমিফাইনেলৰ প্ৰথম ৰাউণ্ডতে আঘাতপ্ৰাপ্ত হয় মেৰীকম। ফলত তেওঁ নাম প্ৰত্যাহাৰ কৰিবলগীয়া হয়। মেৰীকমে ট্ৰায়েলৰ ছেমিফাইনেলৰ পৰা নাম প্ৰত্যাহাৰ কৰা বাবে হাৰিয়ানাৰ নিতুৱে ফাইনেলত প্ৰৱেশ কৰে।

২০১৮ চনৰ কমনৱেলথ গেমছৰ স্বৰ্ণ পদক বিজয়ীগৰাকী হঠাতে প্ৰথম ৰাউণ্ডৰ ট্ৰাইলৰ সময়ত পৰি যায়। তথাপি, ৩৯ বছৰীয়া মেৰীকমে অব্যাহত ৰাখিছিল যুঁজ। কিন্তু একেৰাহে কেইবাটাও পাঞ্চ মৰাৰ পিছত আঘাতৰ বাবে তেওঁ আৰু নিজৰ ভাৰসাম্য ৰক্ষা কৰিব নোৱাৰিলে। ফলত তেওঁ নাম প্ৰত্যাহাৰ কৰিবলৈ বাধ্য হয়। ৰিঙৰ পৰা ওলাই আহোতেও সহায়কৰ প্ৰয়োজন হয় মেৰীকমৰ। ইফালে, অহা মাহত বাৰ্মিংহামত অনুষ্ঠিত হ’ব কমনৱেলথ গেমছ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ