--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াত শেহতীয়াকৈ ভাইৰেল হৈছে অভিনেতা বৰুণ ধাৱানৰ এটা ভিডিঅ’। ৰেকৰ্ডেত ভিডিঅ’টোত বৰুণে এজন শাৰীৰিকভাৱে অক্ষম অনুৰাগীৰ সৈতে ফটো তুলি থকা দেখা গৈছে। ফটোখন তোলাৰ পিছত অনুৰাগী জনে বৰুণৰ গালত আলফুলে চুমা খোৱাও দেখিবলৈ পোৱা গৈছে।

বলীউড অভিনেতাজনক এনেদৰে দেখিবলৈ পাই উচ্ছসিত অনুৰাগী। কেৱল সেয়াই নহয় নেটিজেনৰ প্ৰশংসাও বুটলিবলৈ সক্ষম হৈছে তেওঁ।

বৰুণৰ ভিডিঅ’টো দেখি প্ৰেমত পৰিছে তেওঁৰ অনুৰাগী। ভিডিঅ’টোত নেটিজেনৰ মন্তব্য, ‘বলীউডৰ অন্যতম দয়ালু অভিনেতা বৰুণ’। আন এজনে লিখিছে, ‘বৰুণে ইমান মমতাৰে মূৰত হাত থৈছে!’ একাংশই আকৌ লিখিছে, ‘ভিডিঅ’টোৱে দিনটো সুন্দৰ কৰি তুলিলে।’

‘ভেড়িয়া’;  ‘যুগ যুগ জিঅ’ৰ দৰে ছবিত বৰুণক দেখিবলৈ পোৱা যাব। ক’মেডী ড্ৰামা ছবিখনৰ পৰিচালনা ৰাজ মেহতাৰ আৰু প্ৰযোজনা হীৰু যশ জোহৰ, কৰণ জোহৰ আৰু অপূৰ্ব মেহতাৰ। বৰুণৰ উপৰি ছবিখনত অভিনয় কৰিছে অনিল কাপুৰ, নীতু কাপুৰ, কিয়াৰা আদাবনী, প্ৰযুক্তা কৌলী আৰু মনীষ পলৰ দৰে অভিনেতা। ২০২২ চনৰ ২৪ জুনত মুক্তি পাব ছবিখন।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত