--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩১ মে'ত কলকাতাৰ নজৰুল মঞ্চত সংগীত প্ৰদৰ্শন  কৰাৰ পিছত যেতিয়া কে কে হোটেললৈ উভতি আহিছিল তেতিয়াই তেওঁ মৃত্যুবৰণ কৰে। ইউফোৰিয়া খ্যাত পলাশ সেনে তেওঁৰ গানৰ যোগেদি তেওঁৰ ঘনিষ্ঠ বন্ধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেওবাৰে, তেওঁ  ফেচবুক পৃষ্ঠাত এটা বিশেষ ভিডিঅ' আপলোড কৰে কে.কে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে । 

এক মিনিট আৰু ২২ ছেকেণ্ডৰ ভিডিঅ'টোত, পলাশক কেকেৰ জনপ্ৰিয় গীত প্যাৰ কে পল গীতটো গাই থকা দেখা গৈছে। গানটো শেষ হোৱাৰ পিছত তেওঁ ক'লে, "কেকে, মোৰ বাবে চিৰদিনৰ বাবে  ভাই হৈ ৰৱ। "কেকে ১৩ দিনৰ আগতে মৃত্যু হৈছিল। সকলো মানুহৰে এদিন মৃত্যু হব আৰু সকলোৱে জীৱনৰ এই কঠোৰ বাস্তৱক গ্ৰহণ কৰিব লাগিব। কিয়নো জীৱনটো খুবেই ক্ষন্তেকীয়া। আমি আমাৰ জীৱনৰ বেছিভাগ সময়  সত্য লুকুৱাই বা ঘৃণা বিয়পাই অতিবাহিত কৰোঁ!  আজি দিনটো জীৱনৰ শেষ দিন বুলি কোনেও হয়তো নাভাৱে। কিন্তু মানুহে প্ৰতিটো উশাহত এই কথা মনত ৰখা উচিত।" 

ঘটনাক্ৰমে, ঊষা উথুপে কেকেলৈ 'প্যাৰ কে পাল' গানটো ৰিমেক কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । কলিকতা ব্লুজ খ্যাত ইমান সেন, গুৰজিৎ সিং আৰু মাম্পি নায়াৰেও গানটোত কণ্ঠ দান কৰিছে। সেই জনপ্ৰিয় হিন্দী গানটোৰ মাজত, বাংলা ভাষাও অন্তভুক্ত কৰিছে। দৰাচলতে, এই গানটোৰ শেষত সম্প্ৰসাৰিত বাংলা সংস্কৰণটোও সংলগ্ন কৰা হৈছে। গীতটো অভিজিত পালে লিখিছে আৰু সেই অংশটো শুভাশিস বিশ্বাসে ৰচনা কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ