--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৩১ মে'ত কলকাতাৰ নজৰুল মঞ্চত সংগীত প্ৰদৰ্শন  কৰাৰ পিছত যেতিয়া কে কে হোটেললৈ উভতি আহিছিল তেতিয়াই তেওঁ মৃত্যুবৰণ কৰে। ইউফোৰিয়া খ্যাত পলাশ সেনে তেওঁৰ গানৰ যোগেদি তেওঁৰ ঘনিষ্ঠ বন্ধুক শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে। দেওবাৰে, তেওঁ  ফেচবুক পৃষ্ঠাত এটা বিশেষ ভিডিঅ' আপলোড কৰে কে.কে শ্ৰদ্ধাঞ্জলি জনাবৰ বাবে । 

এক মিনিট আৰু ২২ ছেকেণ্ডৰ ভিডিঅ'টোত, পলাশক কেকেৰ জনপ্ৰিয় গীত প্যাৰ কে পল গীতটো গাই থকা দেখা গৈছে। গানটো শেষ হোৱাৰ পিছত তেওঁ ক'লে, "কেকে, মোৰ বাবে চিৰদিনৰ বাবে  ভাই হৈ ৰৱ। "কেকে ১৩ দিনৰ আগতে মৃত্যু হৈছিল। সকলো মানুহৰে এদিন মৃত্যু হব আৰু সকলোৱে জীৱনৰ এই কঠোৰ বাস্তৱক গ্ৰহণ কৰিব লাগিব। কিয়নো জীৱনটো খুবেই ক্ষন্তেকীয়া। আমি আমাৰ জীৱনৰ বেছিভাগ সময়  সত্য লুকুৱাই বা ঘৃণা বিয়পাই অতিবাহিত কৰোঁ!  আজি দিনটো জীৱনৰ শেষ দিন বুলি কোনেও হয়তো নাভাৱে। কিন্তু মানুহে প্ৰতিটো উশাহত এই কথা মনত ৰখা উচিত।" 

ঘটনাক্ৰমে, ঊষা উথুপে কেকেলৈ 'প্যাৰ কে পাল' গানটো ৰিমেক কৰি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰিছে । কলিকতা ব্লুজ খ্যাত ইমান সেন, গুৰজিৎ সিং আৰু মাম্পি নায়াৰেও গানটোত কণ্ঠ দান কৰিছে। সেই জনপ্ৰিয় হিন্দী গানটোৰ মাজত, বাংলা ভাষাও অন্তভুক্ত কৰিছে। দৰাচলতে, এই গানটোৰ শেষত সম্প্ৰসাৰিত বাংলা সংস্কৰণটোও সংলগ্ন কৰা হৈছে। গীতটো অভিজিত পালে লিখিছে আৰু সেই অংশটো শুভাশিস বিশ্বাসে ৰচনা কৰিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত