--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউডত দুটা দশক পাৰ হৈ গ’ল৷ দুশৰো অধিক ছবিত অভিনয়।  বিভিন্ন চৰিত্ৰত অভিনয়ৰ আছে বিশেষ পাৰদৰ্শিতা। তথাপি , যেন লগ এৰা নাই ‘কমেডিয়ান’ নামৰ বিশেষ টেগটোৱে। ইয়াকে লৈ তীব্ৰ আপত্তি অভিনেতা ৰাজপাল যাদৱৰ। কিন্তু কিয়?

শেহতীয়াকৈ এক সাক্ষাৎকাৰত এই কথা ব্যক্ত কৰিছে জনপ্ৰিয় অভিনেতা গৰাকীয়ে। ক’মেডী ঘৰানাই তেওঁৰ জীৱনলৈ কঢ়িয়াই আনিছে খ্যাতি। ৰাজপাল অভিনীত ধেমেলীয়া চৰিত্ৰবোৰ হৈ পৰে চৰ্চাৰ অভিকেন্দ্ৰ। তথাপি,সহস্ৰ চলচ্চিত্ৰপ্ৰেমীৰ মন মাজুলীত মনোৰঞ্জনৰ খোৰাক জগোৱা ৰাজপাল যাদৱৰ দৰে অভিনেতাৰ থাকি যায় আক্ষেপ! হয় অনুশোচনা! 

এই প্ৰসংগত অভিনেতাজনে কয়, ‘মই সদায় ভাবো যে মই মূল চৰিত্ৰত অভিনয় কৰিছো। কিছুমান চৰিত্ৰ দীঘল, কিছুমান আকৌ প্ৰভাৱশালী। পৰিচালকে কয় আমি সকলোৱে কেমেৰাৰ সন্মুখত একো একোজন শিক্ষাৰ্থী। সেয়েহে মোক কেৱল কৌতুক অভিনেতা বুলি ক’লে মোৰ ভাল নালাগে।’

অৱশ্যে, কৌতুক চৰিত্ৰবোৰৰ বাবেই যে জনপ্ৰিয়তা লাভ কৰিছে কিম্বা আহিছে সফলতা সেই কথা অস্বীকাৰ কৰা নাই অভিনেতাজনে। তেওঁ কয়, ‘মানুহে মোক যি মৰম দিছে তাক লৈ মই খং কৰিব নোৱাৰো। কিন্তু অতি কম পৰিসৰৰ মাজেৰে ক’মেডী আছে। তাতেই মোৰ পৰিচয় সীমিত কৰি ৰখা হৈছে!' স্বাভাৱিকতে, এগৰাকী কৌতুক অভিনেতাৰ শাৰীত নিজকে আৱদ্ধ কৰি ৰখাৰ পৰিৱৰ্তে সৰ্বজনগ্ৰাহ্য অভিনেতা হিচাপে পৰিচয় দিয়েই হয়তো ভাল পায় তেওঁ! উপৰোক্ত কথাবোৰে যে তাৰেই ইংগিত বহন কৰিছে!

'ভুল ভূলাইয়া ২'ত ৰাজপালৰ অভিনয়ে লাভ কৰিছে বিপুল প্ৰশংসা। 'ছোটে পণ্ডিত'ৰ চৰিত্ৰৰ যোগেদি দৰ্শকৰ দিছে আমোদ, মুখত দিছে হাঁহিৰ খোৰাক। অক্ষয় কুমাৰ অভিনীত ‘ভুল ভূলাইয়া’ৰ নষ্টালজিয়া যেন পুনৰ ঘূৰি আহিল। ইয়াৰ বাহিৰে ‘চুপ চুপকে’, ‘মুঝছে শ্বাদী কৰোগী’, ‘ভাগম ভাগ’, ‘ফীৰ হেৰা ফেৰী’ আদি বহু জনপ্ৰিয় ছবিত অভিনয় কৰিছে ৰাজপাল যাদৱে। শেহতীয়াকৈ, মুক্তি পাইছে তেওঁৰ নতুন ৱেব ছিৰিজ- অৰ্ধ। অভিনেতা হোৱাৰ সপোন লৈ মুম্বাইলৈ অহা শিৱৰ চৰিত্ৰত অভিনয় কৰিছে ৰাজপালে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ