--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ ২০২৩ চনৰ বক্স অফিচত হিট ছবি ‘পন্নিয়িন চেলভান: ২’ৰ ‘বীৰা ৰাজা বীৰা’ গীতটো সন্দৰ্ভত কপিৰাইট উলংঘাৰ গোচৰত এ আৰ ৰহমান আৰু প্ৰডাকশ্যন ফাৰ্ম মাদ্ৰাজ টকীজক দুই কোটি টকাৰ অন্তৱৰ্তীকালীন জৰিমনা বিহিছে দিল্লী উচ্চ ন্যায়ালয়ে ।

ন্যায়াধীশ প্ৰতিভা এম সিঙৰ একক বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে গীতটো কেৱল অনুপ্ৰাণিত নহয় বৰঞ্চ মাত্ৰ সৰু সৰু পৰিৱৰ্তনেৰে "শিৱ স্তুতি"ৰ সম্পূৰ্ণ প্ৰতিলিপি। আদালতে ৰহমান আৰু চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী মাদ্ৰাজ টকিছক গীতটোৰ ক্ৰেডিট সংশোধন কৰি প্ৰয়াত গৰাকীৰ নাম দিবলৈ নিৰ্দেশ দিয়ে। উস্তাদ নাছিৰ জহীৰুদ্দিন ডাগাৰ আৰু স্বৰ্গীয় ড. উস্তাদ নাছিৰ ফৈয়াজুদ্দিন ডাগাৰক উচিত কৃতিত্ব দিবলৈ দাবী জনায়।

আবেদনকাৰী ডাগৰে উল্লেখ কৰিছিল যে সংগীতটো মূলতঃ তেওঁৰ পিতৃ নাছিৰ ফৈয়াজুদ্দিন ডাগৰ আৰু খুড়াক জাহিৰুদ্দিন ডাগৰে ৰচনা কৰিছিল আৰু স্পষ্ট কৰি দিছিল যে সংগীতৰ ওপৰত তেওঁলোকৰ স্বত্ব আছে । তেওঁ কৈছিল যে এই গানশৈলীক 'ডাগৰ বাণী' বুলি কোৱা হয় আৰু ই ধ্ৰুপদ গানৰ আধাৰ গঠন কৰে । আবেদনকাৰীজনে লগতে উল্লেখ কৰে যে তেওঁৰ পিতৃৰ এটা পুৰণি ৰচনা হৈছে শিৱ স্তুতি, যিটো ১৯৭০ চনত গোৱা হৈছিল ।


আদালতে লগতে কয় যে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ মৌলিক ৰচনাসমূহ কপিৰাইট আইনৰ অধীনত সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু ইয়াৰ সৃষ্টিকৰ্তাসকলে তেওঁলোকৰ সকলো বিধিগত অধিকাৰ লাভ কৰিব।আদালতৰ পঞ্জীয়নত ২ কোটি টকা জমা দি বাদী ডাগৰক ২ লাখ টকা খৰচ আদায় দিবলৈও নিৰ্দেশ দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ