--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : অস্কাৰ বিজয়ী সংগীতজ্ঞ এ আৰ ৰহমানৰ বিৰুদ্ধে ৰুজু হৈছে গোচৰ৷ ২০২৩ চনৰ বক্স অফিচত হিট ছবি ‘পন্নিয়িন চেলভান: ২’ৰ ‘বীৰা ৰাজা বীৰা’ গীতটো সন্দৰ্ভত কপিৰাইট উলংঘাৰ গোচৰত এ আৰ ৰহমান আৰু প্ৰডাকশ্যন ফাৰ্ম মাদ্ৰাজ টকীজক দুই কোটি টকাৰ অন্তৱৰ্তীকালীন জৰিমনা বিহিছে দিল্লী উচ্চ ন্যায়ালয়ে ।

ন্যায়াধীশ প্ৰতিভা এম সিঙৰ একক বিচাৰপীঠে স্পষ্ট কৰি দিয়ে যে গীতটো কেৱল অনুপ্ৰাণিত নহয় বৰঞ্চ মাত্ৰ সৰু সৰু পৰিৱৰ্তনেৰে "শিৱ স্তুতি"ৰ সম্পূৰ্ণ প্ৰতিলিপি। আদালতে ৰহমান আৰু চলচ্চিত্ৰ প্ৰডাকচন কোম্পানী মাদ্ৰাজ টকিছক গীতটোৰ ক্ৰেডিট সংশোধন কৰি প্ৰয়াত গৰাকীৰ নাম দিবলৈ নিৰ্দেশ দিয়ে। উস্তাদ নাছিৰ জহীৰুদ্দিন ডাগাৰ আৰু স্বৰ্গীয় ড. উস্তাদ নাছিৰ ফৈয়াজুদ্দিন ডাগাৰক উচিত কৃতিত্ব দিবলৈ দাবী জনায়।

আবেদনকাৰী ডাগৰে উল্লেখ কৰিছিল যে সংগীতটো মূলতঃ তেওঁৰ পিতৃ নাছিৰ ফৈয়াজুদ্দিন ডাগৰ আৰু খুড়াক জাহিৰুদ্দিন ডাগৰে ৰচনা কৰিছিল আৰু স্পষ্ট কৰি দিছিল যে সংগীতৰ ওপৰত তেওঁলোকৰ স্বত্ব আছে । তেওঁ কৈছিল যে এই গানশৈলীক 'ডাগৰ বাণী' বুলি কোৱা হয় আৰু ই ধ্ৰুপদ গানৰ আধাৰ গঠন কৰে । আবেদনকাৰীজনে লগতে উল্লেখ কৰে যে তেওঁৰ পিতৃৰ এটা পুৰণি ৰচনা হৈছে শিৱ স্তুতি, যিটো ১৯৭০ চনত গোৱা হৈছিল ।


আদালতে লগতে কয় যে হিন্দুস্তানী শাস্ত্ৰীয় সংগীতৰ মৌলিক ৰচনাসমূহ কপিৰাইট আইনৰ অধীনত সম্পূৰ্ণৰূপে সুৰক্ষিত আৰু ইয়াৰ সৃষ্টিকৰ্তাসকলে তেওঁলোকৰ সকলো বিধিগত অধিকাৰ লাভ কৰিব।আদালতৰ পঞ্জীয়নত ২ কোটি টকা জমা দি বাদী ডাগৰক ২ লাখ টকা খৰচ আদায় দিবলৈও নিৰ্দেশ দিয়া হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ