--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ছ’চিয়েল মিডিয়াৰ কণ্টেণ্ট ক্ৰিয়েটৰ মিশা আগৰৱালাৰ মৃত্যুৰ খবৰ পাই স্তম্ভিত হৈ পৰিছিল ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীসকল। যোৱা ২৪ এপ্ৰিলত মিশাৰ মৃত্যুৰ খবৰ তেওঁৰ অনুৰাগীসকলে লাভ কৰিছিল। তেতিয়াৰ পৰাই মানুহে তেওঁৰ ইনষ্টাগ্ৰাম একাউণ্টত তেওঁৰ মৃত্যুৰ কাৰণ জানিবলৈ চেষ্টা চলাইছিল। বহুতে মিশাই আত্মহত্যা কৰা বুলি সন্দেহ কৰিছিল। ২৬ এপ্ৰিলত মিশাৰ জন্মদিন আছিল, তাৰ দুদিন পূৰ্বে মিশাই পৃথিৱীৰ পৰা চিৰবিদায় লয়৷ 

এতিয়া তেওঁৰ পৰিয়ালৰ লোকে মিশাৰ ইনষ্টাগ্ৰামত পোষ্ট কৰি মিশাৰ মৃত্যু কেনেকৈ হ’ল আৰু মিছাই কিয় আত্মহত্যা কৰিলে সেই কথা কৈছে। পোষ্টটোৰ মতে ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ্ছ কমি অহাৰ বাবে দুখী আৰু হতাশ হৈ পৰিছিল মিশা।

মিশাৰ ভিনিহিয়েকে আজি অৰ্থাৎ ৩০ এপ্ৰিলত মিশাৰ ইনষ্টাগ্ৰাম একাউণ্টত এটা পোষ্ট শ্বেয়াৰ কৰিছে। এই পোষ্টটোত তেওঁ কয় যে মিশা আগৰৱালা দীৰ্ঘদিন ধৰি কেৰিয়াৰক লৈ চিন্তিত আছিল কাৰণ তেওঁৰ ইনষ্টাগ্ৰাম ফ’ল’ৱাৰ কমি আহিছিল।

মিছাৰ ভিনিহিয়েকে পোষ্টটোত লিখিছে- "আমাৰ সৰু ভনীজনীয়ে ইনষ্টাগ্ৰাম আৰু তেওঁৰ ফ'ল'ৱাৰক কেন্দ্ৰ কৰি নিজৰ পৃথিৱীখন গঢ়ি তুলিছিল। তেওঁৰ লক্ষ্য আছিল ১০ লাখ ফ'ল'ৱাৰ৷ তেওঁৰ ফ'ল'ৱাৰ আছিল ১০ লাখ কিন্তু লাহে লাহে যেতিয়া তেওঁৰ ফ'ল'ৱাৰ কমিবলৈ ধৰিলে, তেতিয়া তেওঁ বহুত বিচলিত হৈ পৰিল আৰু এপ্ৰিলৰ পৰা হতাশাত ভুগিবলৈ ধৰিলে। এপ্ৰিলৰ পৰা তাই বহুত হতাশাত আছিল, তাই প্ৰায়ে মোক সাৱটি ধৰি কান্দি কৈছিল মোৰ ইনষ্টাগ্ৰাম ফ'ল'ৱাৰ্ছ কমি আহিছে এতিয়া মই কি কৰিম। মোৰ কেৰিয়াৰ শেষ হ'ব।"

পোষ্টটোত আৰু কোৱা হৈছে যে মিশাৰ ভিনিহিয়েকে তাইক বুজাই দিছিল যে এইখন (ইনষ্টাগ্ৰাম) তাইৰ সমগ্ৰ পৃথিৱী নহয়। এইটোৱে কাম নকৰিলেও পৃথিৱীৰ যাত্ৰাৰ শেষ নহয়। তেওঁ লিখিছে, "মই তাইক তাইৰ আন প্ৰতিভাৰ যেনে এল এল বি ডিগ্ৰী, পি চি এছ জেৰ প্ৰস্তুতিৰ কথা সোঁৱৰাই দিছিলো আৰু কৈছিলো যে তাই এদিন জজ হ'ব আৰু তাইৰ কেৰিয়াৰৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই।" মিশাক ভিনিহিয়েকে বুজাই দিছিল যে ইনষ্টাগ্ৰাম কেৱল মনোৰঞ্জনৰ মাধ্যম আৰু ইয়াৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই। কিন্তু দুৰ্ভাগ্যজনকভাৱে মিশাই তেওঁৰ কথা নুশুনি আত্মহত্যাৰ পদক্ষেপ ল’লে। মিশাৰ মৃত্যুত পৰিয়ালৰ লগতে তেওঁৰ অনুৰাগীসকল গভীৰভাৱে শোক প্ৰকাশ কৰিছে।

মিশাৰ আত্মহত্যাৰ কাৰণ পোহৰলৈ আহিছে যদিও অনুৰাগীসকলে মানি ল'ব বিচৰা নাই যে এই সাধাৰণ কথাটোতে মিশাই আত্মহত্যা কৰিব। অন্য কোনো কাৰণ থাকিব পাৰে, যি কথা পৰিয়ালে লুকুৱাইছে বুলি বহু সংখ্যক অনুৰাগীয়ে কমেণ্ট কৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ