--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: জাকাৰ্টাত চলি থকা এছিয়া কাপ হকীত বৃহস্পতিবাৰে বৃহৎ বিজয়েৰে ছুপাৰ-৪ ত প্ৰৱেশ কৰিছে ভাৰতীয় পুৰুষ হকী দলে। প্ৰতিযোগিতাখনৰ অন্তিমখন গ্ৰুপ মেচত ডিফেণ্ডিং চেম্পিয়ন ভাৰতে ইণ্ডোনেছিয়াক ১৬-০ গলৰ বৃহৎ ব্যৱধানত পৰাস্ত কৰে। উল্লেখ্য যে ভাৰতে প্ৰথমখন খেলত পাকিস্তানৰ বিৰুদ্ধে ড্ৰ খেলাৰ পিছত দ্বিতীয়খন খেলত জাপানৰ হাতত ২-৩ গলৰ ব্যৱধানত পৰাস্ত হয়।

এনে অৱস্থাত অন্তিম চাৰিত প্ৰৱেশৰ বাবে ভাৰতে অন্তিমখন গ্ৰুপ মেচত ১৫ গলৰ ব্যৱধানত জয়ী হোৱাৰ প্ৰয়োজন আছিল। ইণ্ডোনেছিয়াৰ বিৰুদ্ধে মেচখনত অন্তিম কোৱাৰ্টাৰত ছটাকৈ গল স্ক’ৰ কৰি ছুপাৰ- ৪ ৰ পথ প্ৰশস্ত কৰে ভাৰতে। 

পুল এ- ত জাপানে ৯ পইণ্ট সংগ্ৰহ কৰি শীৰ্ষস্থানত থকাৰ বিপৰীতে ভাৰত আৰু পাকিস্তানে চাৰি পইণ্টকৈ সংগ্ৰহ কৰিছিল। কিন্তু উন্নত গলৰ হাৰৰ বাবে ভাৰতে দ্বিতীয় স্থান লাভ কৰাৰ সুবাদত ভাৰতে ছুপাৰ- ৪ ত প্ৰৱেশ কৰে। 

ভাৰতৰ জয়ৰ লগে লগে পাকিস্তান এছিয়া কাপৰ পৰা বাহিৰ হয়। লগতে অহা বৰ্ষত অনুষ্ঠিত হ’বলগীয়া বিশ্বকাপ হকীলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জনতো ব্যৰ্থ হয় পাকিস্তান। এছিয়া কাপৰ শীৰ্ষ তিনিটা দলে বিশ্বকাপলৈ পোনপটীয়াকৈ যোগ্যতা অৰ্জন কৰিব। 

বৃহস্পতিবাৰৰ মেচখনত ১০ মিনিটত ভাৰতে পৱন ৰাজৱৰৰ গলেৰে গলৰ পাতনি মেলে। ইয়াৰ পাছতে ইণ্ডোনেছিয়াৰ গলবক্সত উপৰ্যুপৰি আক্ৰমণেৰে ব্যতিব্যস্ত কৰি তোলে ভাৰতৰ আক্ৰমণ বিভাগে। ভাৰতৰ হৈ দীপচন তিৰ্কীয়ে পাঁচটা গল স্ক’ৰ কৰাৰ বিপৰীতে সুদেৱ বেলিমগ্গাই তিনিটা গল দিয়ে। 

দুটাকৈ গল কৰে চেলভম কাৰ্থি, সোমৱাৰপট সুনীল আৰু ৰাজৱৰে। আনহাতে উত্তম সিং, বীৰেন্দ্ৰ লাক্ৰা আৰু নীলমে এটাকৈ গল স্ক’ৰ কৰে।

সমগ্ৰ প্ৰতিযোগিতাখনত ভাৰতে ১৯ টা স্ক’ৰ কৰাৰ বিপৰীতে হজম কৰে ৬ টা গল।  

পুল এ- ৰ পৰা শীৰ্ষ দুটা দল জাপান আৰু ভাৰতে ছুপাৰ-৪ লৈ উন্নীত হোৱাৰ বিপৰীতে পুল বি- ৰ পৰা মালয়েছিয়া আৰু দক্ষিণ কোৰিয়াই ছুপাৰ-৪লৈ উন্নীত হৈছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ