--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: চলিত ইণ্ডিয়ান প্ৰিমিয়াৰ লীগত চমকপ্ৰদ প্ৰদৰ্শনেৰে সকলোৰে দৃষ্টি আকৰ্ষণ কৰিছে উদীয়মান পেচাৰ উমৰান মালিকে। বিশেষকৈ দুৰ্দান্ত বেগেৰে বলিং কৰি প্ৰতিপক্ষ বেটাৰক ব্যতিব্যস্ত কৰি তুলিছে ছানৰাইজাৰ্ছ হায়দৰাবাদক প্ৰতিনিধিত্ব কৰা কাশ্মীৰৰ এই বলাৰ গৰাকীয়ে। ঘণ্টাত ১৫০ কিলোমিটাৰ গতিৰে ধাৰাবাহিকভাৱে বলিং কৰিব পৰা সক্ষমতাৰ বাবে চৰ্চিত হৈ পৰিছে উমৰান মালিক।

২০২১ বৰ্ষৰ আই পি এলতে দ্ৰুতবেগী বলিঙেৰে উমৰান মালিকে ক্ৰিকেট বিশেষজ্ঞ সকলৰ চকুত ধৰা দিছিল। অৱশ্যে সেইবাৰ দলৰ হৈ মাত্ৰ তিনিখন খেলতহে খেলাৰ সুযোগ পায় উমৰানে। এই তিনিখন খেলত উমৰানে দুটাহে উইকেট দখল কৰিবলৈ সক্ষম হয় যদিও তেওঁৰ প্ৰতিভাৰ উমান পাই ২০২২ বৰ্ষৰ আই পি এলৰ বাবে ছানৰাইজাৰ্ছ হায়দৰাবাদে ৪ কোটি টকাৰ দৰত উমৰানৰ ৰিটেইন প্লেয়াৰ হিচাপে দলত ৰাখে।

দদলটোৰ এই সিদ্ধান্ত সঠিক প্ৰমাণিত কৰি উমৰানে চলিত চিজনত ১৪ খন মেচত ২২ টা উইকেট দখল কৰে। চিজনৰ ৪০ সংখ্যক মেচত গুজৰাট টাইটানছৰ বিৰুদ্ধে ২৫ ৰানৰ বিনিময়ত ৫ টা উইকেট দখল কৰি কেৰিয়াৰৰ সৰ্বশ্ৰেষ্ঠ প্ৰদৰ্শন দাঙি ধৰে বলাৰগাৰকীয়ে। এই মেচখনৰ পাছতে উমৰানৰ প্ৰশংসাত পঞ্চমুখ হৈ পৰে কেইবাগৰাকীও প্ৰাক্তন ক্ৰিকেটাৰৰ লগতে ক্ৰিকেট বিশেষজ্ঞসকলো। 

চিজনটোত কেইবাবাৰো ১৫০ কিলোমিটাৰতকৈ অধিক গতি বেগত বলিং কৰা উমৰানৰ নামতে আছে এইবাৰৰ আই পি এলৰ আটাইতকৈ বেগী বলৰ ৰেকৰ্ড। দিল্লী কেপিটেলছৰ বিৰুদ্ধে ৫০ সংখ্যক মেচখনত ১৫৭ কিলোমিটাৰ বেগেৰে বলিং কৰি চমক সৃষ্টি কৰে উমৰানে। 

এই দ্ৰুতবেগী বলিং ক্ষমতাৰ বাবেই আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত পাকিস্তানৰ স্পীডষ্টাৰ ছোৱেইব আখটাৰৰ নামত থকা আটাইতকৈ দ্ৰুতবেগী বলৰ ৰেকৰ্ড উমৰানে ভংগ কৰিব বুলিও ব্যাপক চৰ্চা আৰম্ভ হৈছে। উমৰানক ভাৰতীয় ক্ৰিকেটৰ পেচ বলিং আক্ৰমণৰ ভৱিষ্যত হিচাপেও প্ৰক্ষেপ কৰিছে বিভিন্নজনে। ইতিমধ্যে এই ক্ষেত্ৰত প্ৰথমটো খোজ আগবঢ়াইছে উমৰানে। দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে আগন্তুক টি-২০ শৃংখলাৰ বাবে ভাৰতীয় দললৈ আমন্ত্ৰণ লাভ কৰিছে বলাৰগৰাকীয়ে।

উমৰান মালিকক লৈ চলি থকা চৰ্চাৰ মাজতে ভাৰতীয় ক্ৰিকেট নিয়ন্ত্ৰণ ব'ৰ্ডৰ (বিচিচিআই) সভাপতি সৌৰভ গাংগুলীয়ে উমৰণ মালিকলৈ আগবঢ়াইছে বিশেষ পৰামৰ্শ। আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত দীঘলীয়াকৈ কেৰিয়াৰ ৰক্ষাৰ বাবে গতি আৰু ফিটনেছৰ ওপৰত গুৰুত্ব দিবলৈ উমৰানক উপদেশ দিছে গাঙ্গুলীয়ে। 

গাঙ্গুলীয়ে কয়, "উমৰানৰ ভৱিষ্যত তেওঁৰ নিজৰ হাতত আছে। যদি তেওঁ ফিট থাকে আৰু এই গতিতে ধাৰবাহিকভাৱে বলিং কৰে, মই নিশ্চিত যে তেওঁ দীৰ্ঘদিন ধৰি আন্ত: ৰাষ্ট্ৰীয় ক্ৰিকেটত থাকিব।

গাঙ্গুলীয়ে লগতে আই পি এলত উন্নত প্ৰদৰ্শন দাঙি ধৰা কেইবাগৰাকীও উদীয়মান তাৰকাৰ প্ৰশংসা কৰিছে।

আই পি এলক প্ৰতিভা উন্মোচনৰ এক ক্ষেত্ৰ বুলি অভিহিত কৰি গাংগুলীয়ে কয় যে আই পি এলে ৰাহুল ত্ৰিপাঠী, তিলক বাৰ্মা আৰু ৰাহুল তেৱাটিয়াৰ দৰে কেইবাজনো ক্ৰিকেটাৰক সন্মুখলৈ আনিছে। নিজ ফ্ৰেঞ্চাইজিৰ হৈ এই খেলুৱৈগৰাকীয়ে যথেষ্ট ভাল প্ৰদৰ্শন দাঙি ধৰিছে বুলি তেওঁ মন্তব্য কৰে। 

আনহাতে উমৰান মালিকৰ লগতে চলিত চিজনত দ্ৰুতবেগী বলিঙ তথা উন্নত প্ৰদৰ্শন দাঙি ধৰা মহছিন খান, অৰ্শদ্বীপ সিং, আভেশ খানৰ দৰে উদীয়মান বলাৰৰো প্ৰশংসা কৰে গাঙ্গুলীয়ে।

উল্লেখ্য যে উমৰান মালিকৰ লগতে অৰ্শদ্বীপ সিঙেও দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান লাভ কৰিছে। আগন্তুক সময়ত এই উদীয়মান তাৰকা কেইগৰাকীয়ে নিজৰ প্ৰদৰ্শনৰ ধাৰাবাহিকতা ৰক্ষা কৰিব পাৰিবনে সেয়া লক্ষ্যণীয় হ’ব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ