--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ জন্মদিন কৰণ জোহৰৰ। উপহাৰ পালে বিৰাট কোহলীয়ে! ইমান দিনে একেলগে থকা পত্নীয়ে সম্পূৰ্ণ অচিনাকি ৰূপত ধৰা দিছে কোহলীক! ভাৰতীয় ক্ৰিকেট দলৰ প্ৰাক্তন অধিনায়কগৰাকীয়ে মুগ্ধ চাৱনিৰে এপলক চাই ৰ’ল অনুষ্কাৰ পিনে, নীৰৱে-নিৰলে।

কৰণ জোহৰৰ জন্মদিনৰ পাৰ্টীত তাৰকাৰ মেলা। অনুষ্ঠানলৈ গৈছিল অনুষ্কা শৰ্মাইয়ো। সেই অনুষ্ঠানতে ৰূপালী পৰ্দাৰ ‘পৰী’ৰ চমক। শাৰিৰীক সৌন্দৰ্যৰ লগতে, দেহৰ ভাজ, চকুৰ চাৱনিৰে দৃষ্টি আকৰ্ষণ কৰিছে সকলোৰে।  অনুষ্কাৰ এনে মোহনী ৰূপ দেখি বিৰাটে হয়তো মনে মনে গুণগুণাইছে ‘কুচ কুচ হোটা হ্যে’!

আগেয়ে নেদেখা নিজৰ এনে ছবি ইনষ্টাগ্ৰামত নিজেই পোষ্ট কৰিছে চাকদহ এক্সপ্ৰেছে। পত্নীৰ এনে পোছাক পৰিসজ্জাই আপ্লুত কৰি তুলিছে বিৰাট কোহলীকো। বিৰাটৰ মন্তব্য, ‘ৱাও’। লগতে প্ৰেম-ভালপোৱাৰ ৰঙা ইম’জী। বিৰাট পত্নীৰ এনে ৰূপ দেখি হতবাক বলীউড তাৰকা অভিনেত্ৰী। বহুতে প্ৰশংসাৰে উপচাই দিছে।

বিয়াৰ আগৰ পৰাই অনুষ্কা আৰু বিৰাটৰ প্ৰেম তথা ৰোমান্টিক ছবিবোৰ ছ’চিয়েল মিডিয়াত যথেষ্ট জনপ্ৰিয় হৈ পৰিছে। এতিয়া কন্যা ভামিকাও আহিছে বিৰাটৰ পৰিয়াললৈ। মুঠতে এই চেলিব্ৰিটী দম্পতী হৈ পৰিছে আৰু অধিক প্ৰেমময়। অনুষ্কা সম্প্ৰতি পৰিয়াল আৰু কন্যাৰ সৈতে আছে। কিছুদিনৰ পৰা নিজকে চিনেমাৰ পৰা আঁতৰাই ৰাখিছে তেওঁ। অনুষ্কাৰ মতে, ভামীকা অলপ ডাঙৰ হ’লেই পুনৰ পৰ্দালৈ ঘূৰি আহিব। ভাৰতীয় মহিলা ক্ৰিকেটাৰ ঝুলন গোস্বামীৰ এখন বায়’পিক শ্বুটিং কৰি আছে অনুষ্কাই। এই সকলোবোৰৰ মাজতে প্ৰযোজকৰ ভূমিকাত নায়িকা গৰাকীয়ে ইটোৰ পিছত সিটো ভূমিকা পালন কৰি আছে। হাতত বহুত প্ৰজেক্ট। কিন্তু কৰ্মক্ষেত্ৰ যিয়েই নহওক কিয়, অনুষ্কাই স্বামী বিৰাটক নতুনকৈ প্ৰেমত পেলাবলৈ সকলো ধৰণৰ প্ৰচেষ্টা হাতত লোৱা বুলিয়েই একপ্ৰকাৰ ধাৰণা কৰি লৈছে নেটিজেনে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ