--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মানুহে কেতিয়াবা বহুত ফল-মূল কিনি ফ্ৰীজত থৈ দিয়ে যাতে গোটেই সপ্তাহটো সতেজ হৈ থাকে। ফ্ৰীজ আমাৰ দৈনন্দিন জীৱনৰ এক গুৰুত্বপূৰ্ণ অংগ হৈ পৰিছে, আজিৰ ব্যস্ত জীৱনত ই আমাৰ বাবে অতি উপযোগী। কিন্তু কিছুমান ফল আছে যিবোৰ কেতিয়াও ফ্ৰীজত ৰাখিব নালাগে, কাৰণ তেনে কৰিলে এই ফলবোৰত থকা পুষ্টিকৰ উপাদানবোৰ নষ্ট হৈ যায় আৰু তেতিয়া সেইবোৰ খালে কোনো লাভ নহয়। 

এইবোৰ ফল ফ্ৰীজত নাৰাখিব

১/ কলঃ  কল কোঠাৰ উষ্ণতাত ৰখা ভাল। ফ্ৰীজত ৰাখিলে ক’লা হ’বলৈ আৰম্ভ কৰে আৰু সোনকালে নষ্ট হয়। এই ফলৰ পৰা ইথিলিন গেছ নিৰ্গত হয় যাৰ ফলত সুফল পোৱা নাযায়।

২/ আপেলঃ আপেল অতি সোৱাদযুক্ত আৰু পুষ্টিকৰ ফল, কোৱা হয় যে দৈনিক এটা আপেল খালে চিকিৎসকৰ ওচৰলৈ যোৱাৰ প্ৰয়োজন নাথাকে। আপেল ফ্ৰীজত ৰাখিলে ইয়াৰ পুষ্টিকৰ উপাদানবোৰ হেৰাই যায়। যদি ফ্ৰীজত ৰখাৰ প্ৰয়োজন হয়, তেন্তে আপেলবোৰ কাগজত মেৰিয়াই ৰাখিব।

৩/ তৰমুজঃ তৰমুজত পানীৰ পৰিমাণ অতি বেছি, সেয়েহে ই শৰীৰক জলসিঞ্চিত কৰি ৰখাত সহায় কৰে। যিহেতু ইয়াৰ আকাৰ যথেষ্ট ডাঙৰ, গতিকে আমি ইয়াক এবাৰতে খাব নোৱাৰো, সেয়েহে আমি কিছুমান অংশ কাটি ফ্ৰীজত ৰাখোঁ। কিন্তু এনে কৰিলে এই ফলত থকা এণ্টিঅক্সিডেণ্ট আৰু পুষ্টিকৰ উপাদানসমূহ ধ্বংস হ’ব পাৰে।

৪/ লিচুঃ লিচু এনেকুৱা ফল যে ফ্ৰীজত বেছি সময় ৰাখিলে ভিতৰৰ পৰা পচিবলৈ আৰম্ভ কৰে আৰু ইয়াৰ পুষ্টিকৰ উপাদানবোৰ নোহোৱা হ’বলৈ ধৰে, সেয়েহে একেদিনাই খাবলগীয়া হ’লেহে বজাৰৰ পৰা আনিব লাগে।

৫/ আমঃ যদি গ্ৰীষ্মকালত আম নাখায়, তেন্তে এই বতৰ যেন আধৰুৱা। যিহেতু আম সোনকালে পকিলে নষ্ট হ’ব পাৰে, গতিকে আমি ফ্ৰীজত থৈ দিওঁ, কিন্তু তেনে কৰিলে আমত থকা পুষ্টি আৰু এণ্টিঅক্সিডেণ্ট কমিবলৈ আৰম্ভ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ