--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘৰত পোহনীয়া জীৱ-জন্তু থাকিলে মানুহৰ মন আনন্দিত হৈ থাকে। সিহঁতৰ সংগ উপভোগ কৰিও মানুহে অকলশৰীয়া অনুভৱ নকৰাকৈ থাকিব পাৰে। কিছুমান পোহনীয়া প্ৰাণীক বাস্তু শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। যদি আপুনি তেনে প্ৰাণী ঘৰত ৰাখে তেন্তে আপোনাৰ যথেষ্ট লাভালাভ হ'ব। আহকচোন জানো বাস্তুশাস্ত্ৰই শুভ বুলি কোৱা ৫বিধ প্ৰাণী কি কি- মাছ বাস্তু শাস্ত্ৰৰ মতে ঘৰত একুৰিয়ামত মাছ পালন কৰাটো শুভ বুলি গণ্য কৰা হয়। পোহনীয়া মাছক মাছৰ দানা দৈনিক খোৱালে ঘৰখনলৈ সৌভাগ্যৰ আগমন ঘটে। মাছ পালন কৰিলে ঘৰত স্বাস্থ্য সম্পৰ্কীয় সমস্যাও হ্ৰাস হয়। যদি আপুনি একুৰিয়ামত মাছ পোহাৰ কথা ভাবিছে তেন্তে এটা কথা মনত ৰাখিব যে একুৰিয়ামৰ সংখ্যা ৩ আৰু ৭ হ'ব নালাগে। এনেকুৱা হ'লে দুৰ্ভাগ্য হোৱাৰ সম্ভাৱনা থাকে। লগতে আপুনি যিকোনো সংখ্যক মাছ ৰাখিব পাৰে। ইয়াৰ কোনো হিচাপ নাই। গৰু গৰু হৈছে এনে এক প্ৰাণী যাক বহু প্ৰাচীন কালৰ পৰা পালন কৰা হৈছে। অৱশ্যে আজিকালি ঠাইৰ অভাৱৰ বাবে বহুলোকে মন যোৱা স্বত্বেও গৰু পুহিব নোৱাৰে। বৰ্তমান কেৱল কৃষক বা গাখীৰ ব্যৱসায়ীয়েহে গৰুক লালন-পালন কৰি আছে আৰু কিছুমান মানুহে ঘৰত উপযুক্ত জেগা থাকিলে গৰু পোহে। হিন্দু ধৰ্মত গৰুক ঈশ্বৰৰ ৰূপ বুলিও বৰ্ণনা কৰা হয়। গৰু পুহিলে ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি হয়। ঘৰলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে। যদি আপুনি ঘৰত গৰু পুহিব নোৱাৰে তেন্তে অন্য গৰুক মৰম কৰি খাদ্য খোৱাব পাৰিলে ভাল। কাছ ঘৰত কাছ থকাটো অতি শুভ। বাস্তুশাস্ত্ৰত ইয়াৰ গুৰুত্বৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। এইকাৰণেই মানুহে ঘৰৰ শ্ব-কেছতো ধাতুৰে নিৰ্মিত কাছ ৰাখে। কিন্তু আপুনি বিচাৰিলে কাছ পুহিব পাৰে। ঘৰত পুহিবৰ বাবে অকণমানি কাছ পোৱা যায়। ঘৰত কাছ থাকিলে সম্পদ বৃদ্ধি হয় আৰু মা লক্ষ্মীৰ আগমন ঘটে। কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। লক্ষ্মী বিষ্ণুৰ পত্নী, সেয়েহে লক্ষ্মীয়ে কাছ ভাল পায়। যদি আপুনি ধন সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আপুনি ঘৰত কাছ পুহিলে সমস্যা দূৰ হব। বগা নিগনি নিগনি গণেশৰ বাহন। ঘৰত বগা নিগনি এটা ৰাখিলে সৌভাগ্যৰ আগমন হয়। বগা নিগনিয়ে ঘৰৰ দুৰ্ভাগ্য আঁতৰাই দিয়ে। গতিকে যিসকলে দুৰ্ভাগ্যৰ সৈতে সঘনাই সন্মুখীন হয় তেওঁলোকে ঘৰত এটা বগা নিগনি পোহা উচিত। বগা নিগনি থাকিলে ঘৰৰ টকা-পইচাৰ সমস্যা নোহোৱা হয়। কুকুৰ মানুহৰ ঘৰত আটাইতকৈ বেছিকৈ পোহা জন্তুবিধেই হৈছে কুকুৰ। কুকুৰ আটাইতকৈ নিষ্ঠাৱান প্ৰাণী আৰু সহজে মানুহৰ সৈতে মিলা-মিছা কৰে। ঘৰত কুকুৰ এটা থাকিলে আপোনাৰ ঘৰত কেতিয়াও অপশক্তি প্ৰৱেশ নকৰে। ভৌতিক শক্তিকো ঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে কুকুৰে। কুকুৰে সদায় দুষ্ট মানুহৰ পৰাও ঘৰখন সুৰক্ষিত কৰে। আৰু পঢ়কঃ স্বামীৰ মৃত্যু হোৱা ভাবি ২২ বছৰ বিধৱা জীৱন কটালে পত্নীয়ে! যোগীৰ ৰূপত আহিল স্বামী..তাৰপাছত?  

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ