--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘৰত পোহনীয়া জীৱ-জন্তু থাকিলে মানুহৰ মন আনন্দিত হৈ থাকে। সিহঁতৰ সংগ উপভোগ কৰিও মানুহে অকলশৰীয়া অনুভৱ নকৰাকৈ থাকিব পাৰে। কিছুমান পোহনীয়া প্ৰাণীক বাস্তু শাস্ত্ৰত অতি শুভ বুলি গণ্য কৰা হয়। যদি আপুনি তেনে প্ৰাণী ঘৰত ৰাখে তেন্তে আপোনাৰ যথেষ্ট লাভালাভ হ'ব। আহকচোন জানো বাস্তুশাস্ত্ৰই শুভ বুলি কোৱা ৫বিধ প্ৰাণী কি কি- মাছ বাস্তু শাস্ত্ৰৰ মতে ঘৰত একুৰিয়ামত মাছ পালন কৰাটো শুভ বুলি গণ্য কৰা হয়। পোহনীয়া মাছক মাছৰ দানা দৈনিক খোৱালে ঘৰখনলৈ সৌভাগ্যৰ আগমন ঘটে। মাছ পালন কৰিলে ঘৰত স্বাস্থ্য সম্পৰ্কীয় সমস্যাও হ্ৰাস হয়। যদি আপুনি একুৰিয়ামত মাছ পোহাৰ কথা ভাবিছে তেন্তে এটা কথা মনত ৰাখিব যে একুৰিয়ামৰ সংখ্যা ৩ আৰু ৭ হ'ব নালাগে। এনেকুৱা হ'লে দুৰ্ভাগ্য হোৱাৰ সম্ভাৱনা থাকে। লগতে আপুনি যিকোনো সংখ্যক মাছ ৰাখিব পাৰে। ইয়াৰ কোনো হিচাপ নাই। গৰু গৰু হৈছে এনে এক প্ৰাণী যাক বহু প্ৰাচীন কালৰ পৰা পালন কৰা হৈছে। অৱশ্যে আজিকালি ঠাইৰ অভাৱৰ বাবে বহুলোকে মন যোৱা স্বত্বেও গৰু পুহিব নোৱাৰে। বৰ্তমান কেৱল কৃষক বা গাখীৰ ব্যৱসায়ীয়েহে গৰুক লালন-পালন কৰি আছে আৰু কিছুমান মানুহে ঘৰত উপযুক্ত জেগা থাকিলে গৰু পোহে। হিন্দু ধৰ্মত গৰুক ঈশ্বৰৰ ৰূপ বুলিও বৰ্ণনা কৰা হয়। গৰু পুহিলে ঘৰখনত ইতিবাচক শক্তি বৃদ্ধি হয়। ঘৰলৈ সুখ আৰু সৌভাগ্য কঢ়িয়াই আনে। যদি আপুনি ঘৰত গৰু পুহিব নোৱাৰে তেন্তে অন্য গৰুক মৰম কৰি খাদ্য খোৱাব পাৰিলে ভাল। কাছ ঘৰত কাছ থকাটো অতি শুভ। বাস্তুশাস্ত্ৰত ইয়াৰ গুৰুত্বৰ ওপৰত যথেষ্ট গুৰুত্ব দিয়া হৈছে। এইকাৰণেই মানুহে ঘৰৰ শ্ব-কেছতো ধাতুৰে নিৰ্মিত কাছ ৰাখে। কিন্তু আপুনি বিচাৰিলে কাছ পুহিব পাৰে। ঘৰত পুহিবৰ বাবে অকণমানি কাছ পোৱা যায়। ঘৰত কাছ থাকিলে সম্পদ বৃদ্ধি হয় আৰু মা লক্ষ্মীৰ আগমন ঘটে। কাছ ভগৱান বিষ্ণুৰ অৱতাৰ। লক্ষ্মী বিষ্ণুৰ পত্নী, সেয়েহে লক্ষ্মীয়ে কাছ ভাল পায়। যদি আপুনি ধন সম্পৰ্কীয় সমস্যাৰ সৈতে যুঁজি আছে, তেন্তে আপুনি ঘৰত কাছ পুহিলে সমস্যা দূৰ হব। বগা নিগনি নিগনি গণেশৰ বাহন। ঘৰত বগা নিগনি এটা ৰাখিলে সৌভাগ্যৰ আগমন হয়। বগা নিগনিয়ে ঘৰৰ দুৰ্ভাগ্য আঁতৰাই দিয়ে। গতিকে যিসকলে দুৰ্ভাগ্যৰ সৈতে সঘনাই সন্মুখীন হয় তেওঁলোকে ঘৰত এটা বগা নিগনি পোহা উচিত। বগা নিগনি থাকিলে ঘৰৰ টকা-পইচাৰ সমস্যা নোহোৱা হয়। কুকুৰ মানুহৰ ঘৰত আটাইতকৈ বেছিকৈ পোহা জন্তুবিধেই হৈছে কুকুৰ। কুকুৰ আটাইতকৈ নিষ্ঠাৱান প্ৰাণী আৰু সহজে মানুহৰ সৈতে মিলা-মিছা কৰে। ঘৰত কুকুৰ এটা থাকিলে আপোনাৰ ঘৰত কেতিয়াও অপশক্তি প্ৰৱেশ নকৰে। ভৌতিক শক্তিকো ঘৰত প্ৰৱেশ কৰিবলৈ নিদিয়ে কুকুৰে। কুকুৰে সদায় দুষ্ট মানুহৰ পৰাও ঘৰখন সুৰক্ষিত কৰে। আৰু পঢ়কঃ স্বামীৰ মৃত্যু হোৱা ভাবি ২২ বছৰ বিধৱা জীৱন কটালে পত্নীয়ে! যোগীৰ ৰূপত আহিল স্বামী..তাৰপাছত?  

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ