--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: মুম্বাইৰ এটা অন্ধকাৰ বস্তি অঞ্চলৰ পৰা তেওঁৰ এই যাত্ৰা আৰম্ভ হৈছিল। কম্পিউটাৰ শিকাৰ বাবে এদিন হাহাকাৰ কৰিবলগীয়া হোৱা এই কিশোৰীগৰাকীয়ে শুবলগীয়া হৈছিল পথতো। এতিয়া তেওঁ বিশ্বৰ আগশাৰীৰ ছফটৱেৰ কোম্পানী মাইক্ৰ’ছফটত কাম কৰাই নহয় মুম্বাইৰ বিলাসী অট্টালিকাত তেওঁ বাস কৰিবলৈ সক্ষম হৈছে। ‘ছেলফ মেড’ এইগৰাকী মহিলাৰ এই সফলতাৰ কাহিনী এতিয়া ভাইৰেল হৈ পৰিছে। শ্বাহিনা আট্টাৰৱালা নামৰ এইগৰাকী মহিলাই জীৱনে দিয়া সকলো প্ৰত্যাহ্বানক জয় কৰি নতুন উদ্যম আৰু দৃঢ়তাৰে ঠিয় হৈছে জীৱনৰ সপক্ষে। এই কাহিনীয়ে এতিয়া বহুতকে অনুপ্ৰাণিত কৰি তুলিছে। মাইক্ৰ’ছফটৰ ডিজাইন লিডাৰ শ্বাহিনা আট্টাৰৱালাই কিদৰে তেওঁৰ জীৱনৰ প্ৰাৰম্ভিক সময়ছোৱা মুম্বাইৰ বস্তি এলেকাত আৰম্ভ কৰিছিল আৰু তাৰ পৰা তেওঁ নিজৰ জীৱনটোক এটা আকাৰ দিবলৈ সক্ষম হ’ল সেই কাহিনী এতিয়া ভাইৰেল হৈ পৰিছে। মাইক্ৰ’ছফটৰ গুৰুত্বপূৰ্ণ দায়িত্বত থকা আট্টাৰৱালাই নেটফ্লিক্সৰ এটা ছিৰিজত তেওঁৰ পুৰণি ঘৰটো দেখা পোৱাৰ পাছতে তেওঁৰ এৰি অহা দিনবোৰৰ কথা স্মৰণ কৰে। তেওঁ টুইটাৰত লিখিছে, ‘নেটফ্লিক্সৰ ছিৰিজ বেড বয় বিলিঅ’নিয়েৰ : ইণ্ডিয়াত মুম্বাইৰ বস্তি অঞ্চলৰ ওপৰত বিহংগম দৃষ্টি দিছে। ২০১৫চনত নিজৰ জীৱনটো গঢ়াৰ বাবে অকলে ওলাই অহাৰ আগলৈকে মই ইয়াতেই আছিলোঁ। আপোনালোকে আলোকচিত্ৰত দেখা (তেওঁ টুইট কৰা ফটোত) ঘৰবোৰৰ এটা আমাৰ আছিল।’ তেওঁৰ এই টুইটৰ পাছতে তেওঁ সকলোৰে আকৰ্ষণৰ কেন্দ্ৰ হৈ পৰে। সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে, বান্দ্ৰা ৰে’ল ষ্টেচনৰ সমীপৰ দুৰ্গা গলী বস্তিত তেওঁ বসবাস কৰিছিল। তেওঁৰ দেউতাক আছিল এজন হকাৰ যিয়ে বিভিন্ন তেল বিক্ৰী কৰিছিল। তেওঁ উত্তৰ প্ৰদেশৰ পৰা মুম্বাইলৈ অহা লোক আছিল। ‘বস্তিত বাস কৰাটো আছিল অতি কঠন আৰু অতি অস্বাস্থ্যকৰ আৰু অসুৰক্ষিত অৱস্থাত বসবাস কৰিবলৈ মোক ই বাধ্য কৰিছিল। য’ত আছিল লিংগ বৈষম্য, যৌন নিৰ্যাতনৰ শংকা। কিন্তু ময়ো মোৰ জীৱনটোক নতুন ৰূপ দিবলৈ সদায়ে নিজৰ আগ্ৰহক জাগ্ৰত কৰি ৰাখিছিলোঁ। ‘১৫বছৰমান বয়সৰ পৰাই মই মোৰ চৌপাশে থকা মহিলাসকলক নিৰীক্ষণ কৰিবলৈ আৰম্ভ কৰিছিলোঁ। তেওঁলোক আছিল অসহায়, পৰনিৰ্ভৰশীল, নিৰ্যাতিতা আৰু নিজৰ একো সিদ্ধান্ত ল’ব নোৱৰাকৈ, একো পচন্দ নোহোৱাকৈ তেওঁলোকে জীৱনটো আগুৱাই নিছিল। মই মোৰ বাবেও ৰৈ থকা অনুৰূপ ভাগ্যই মোক গ্ৰাস কৰালৈ ৰৈ থাকিব খোজা নাছিলোঁ। এই উচ্চাকাংক্ষী আৰু জীৱনক নিজৰ ধৰণে গঢ়িব খোজা কিশোৰীগৰাকীয়ে স্কুলত প্ৰথমে এটা কম্পিউটাৰ দেখা পাইছিল। এই কম্পিউটাৰেই তেওঁৰ জীৱন সলনি কৰিব পাৰে বুলি তেওঁ তেতিয়াই ধাৰণা কৰিছিল। কিন্তু স্কুলত তেওঁ কম্পিউটাৰ শিকাৰ সুযোগ পোৱা নাছিল। কিন্তু তাতে হতাশ নহৈ তেওঁ প্ৰযুক্তিৰ জগতখনতে নিজৰ জীৱন গঢ়াৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল। শ্বাহিনাই তেওঁৰ পিতৃক ধন ধাৰে লৈ হ’লেও তেওঁক কম্পিউটাক ক্লাছ এটা নাম লগাই দিবলৈ বাধ্য কৰিছিল আৰু এই কম্পিউটাৰেই সঁচাকৈয়ে তেওঁৰ ভাগ্য সলনি কৰিছিল। কম্পিউটাৰ শিকাৰ বাবে প্ৰয়োজনীয় অৰ্থ জোগাৰ কৰাৰ বাবে তেওঁ আনকি স্কুলৰ পৰা ঘৰলৈ খোজকাঢ়ি অহাৰ লগতে খোৱাৰ পৰাও টকা ৰাহি কৰিছিল। এই কষ্ট আৰু ত্যাগ তেওঁৰ অথলে নগ’ল আৰু এতিয়া এটা উজ্জ্বল জীৱনৰ তেওঁ অধিকাৰী হ’বলৈ সক্ষম হৈছে। এদিন পথত শোৱাৰ পৰা আজি তেওঁ মুম্বাইৰ এপাৰ্টমেণ্টত শুবলৈ সক্ষম হৈছে। তেওঁ সক্ষম হৈছে এতিয়া নিজৰ নিয়ন্ত্ৰণাধীন এটা জীৱন ধাৰণ কৰাৰ বাবে। টুইটাৰত তেওঁ লিখিছে, ভাগ্য, কঠিন পৰিশ্ৰম আৰু যুঁজত অৱতীৰ্ণ হোৱাৰ সাহসেই সকলো সলনি কৰিব পাৰে। এইগৰাকী আট্টৰৱালা এতিয়া লক্ষ্যজনৰ অনুপ্ৰেৰণাৰ উৎস হৈ পৰিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ