--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বহু পুৰুষ-মহিলাই শৰীৰত ইউৰিক এচিড বৃদ্ধিৰ ফলত সন্মুখীন বিভিন্ন ৰোগৰ৷ বিশেষকৈ ইউৰিক এচিড বৃদ্ধি পালে গাঁঠিৰ বিষ হয়, গাঁঠি ফুলি আহে লগতে উঠা-বহাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ইউৰিক এচিড এক ধৰণৰ পদাৰ্থ, যি পিউৰিন নামৰ প্র'টিন ভাঙি উৎপন্ন হয়। ইউৰিক এচিড কিডনিৰ দ্বাৰা পৰিশোধিত হৈ প্রস্রাৱৰ পথেৰে বাহিৰ ওলাই যায়। কিন্তু ৰক্তত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে কিডনিয়েও ইয়াক নির্গত কৰিব নোৱাৰে। অস্বাস্থ্যকৰ জীৱন-যাপন আৰু খাদ্যাভ্যাসৰ কাৰণে ইউৰিক এচিডৰ সমস্যাত ভোগ বহু লোকে। বিশ্বৰ প্রায় চাৰে ৪ কোটি মানুহে এই সমস্যাত ভুগি থকাৰ লগতে প্রায় ১৫ লাখ মানুহে ইউৰিক এচিডৰ ফলত হোৱা গাঁঠিৰ বিষত শয্যাশায়ী হৈ দিন কটাইছে। ইউৰিক এচিডৰ সমস্যা বৃদ্ধি পালে হার্ট এটেক, মাল্টিপল অৰ্গেন ফেইলিঅৰ, কিডনী ফেইলিঅৰৰ আশংকা বাঢ়ি যায়। চিকিৎসা আৰু ঔষধৰ উপৰি উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে নিজৰ খোৱা-লোৱাৰ বিশেষ যত্ন লোৱা উচিত। ইউৰিক এচিডত ভুগি থকা লোকসকলে এই খাদ্যসমূহ খোৱাৰ পৰা বিৰত থাকক : দাইল আৰু বিন : এই ৰোগীসকলে কেইবাবিধো দাইল আৰু বিন নাখাব। দেশীয় বুট, কুলথী বা হৰ্ছ গ্রাম, ৰাজমাহ, কাবুলি ইত্যাদি নিজৰ খাদ্য তালিকাৰ পৰা বাদ দিয়ক। এই খাদ্যবোৰে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে। পিউৰিন সমৃদ্ধ খাদ্য: ইউৰিক এচিডৰ ৰোগীসকলে পিউৰিনযুক্ত খাদ্য এৰাই চলা উচিত। কাৰণ এই পিউৰিন ভাঙিয়েই শৰীৰত ইউৰিক এচিড সৃষ্টি হয়। এনে পৰিস্থিতিত মাছ, মাংস নাখাব। ইয়াৰ উপৰি, দৈ, ভিনেগাৰ, মদ্যপানো এৰাই চলক। উল্লেখ্য, দৈত থকা ট্রান্স ফেটে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে। মিঠা খাদ্য আৰু ড্রিংকছ : মিঠা খাদ্য আৰু ড্রিংছত থকা ফ্রুক্টোজে পিউৰিনৰ মেটাবলিজম বৃদ্ধি কৰে। মিঠা খাদ্যই ওজন বৃদ্ধি কৰে, যাৰ ফলত ৰক্তত শর্কৰাৰ পৰিমাণ বৃদ্ধি পায়। সেয়ে উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে মিঠাই ত্যাগ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ