--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : বৰ্তমান সময়ত বহু পুৰুষ-মহিলাই শৰীৰত ইউৰিক এচিড বৃদ্ধিৰ ফলত সন্মুখীন বিভিন্ন ৰোগৰ৷ বিশেষকৈ ইউৰিক এচিড বৃদ্ধি পালে গাঁঠিৰ বিষ হয়, গাঁঠি ফুলি আহে লগতে উঠা-বহাত যথেষ্ট অসুবিধাৰ সৃষ্টি হয়। ইউৰিক এচিড এক ধৰণৰ পদাৰ্থ, যি পিউৰিন নামৰ প্র'টিন ভাঙি উৎপন্ন হয়। ইউৰিক এচিড কিডনিৰ দ্বাৰা পৰিশোধিত হৈ প্রস্রাৱৰ পথেৰে বাহিৰ ওলাই যায়। কিন্তু ৰক্তত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি পালে কিডনিয়েও ইয়াক নির্গত কৰিব নোৱাৰে। অস্বাস্থ্যকৰ জীৱন-যাপন আৰু খাদ্যাভ্যাসৰ কাৰণে ইউৰিক এচিডৰ সমস্যাত ভোগ বহু লোকে। বিশ্বৰ প্রায় চাৰে ৪ কোটি মানুহে এই সমস্যাত ভুগি থকাৰ লগতে প্রায় ১৫ লাখ মানুহে ইউৰিক এচিডৰ ফলত হোৱা গাঁঠিৰ বিষত শয্যাশায়ী হৈ দিন কটাইছে। ইউৰিক এচিডৰ সমস্যা বৃদ্ধি পালে হার্ট এটেক, মাল্টিপল অৰ্গেন ফেইলিঅৰ, কিডনী ফেইলিঅৰৰ আশংকা বাঢ়ি যায়। চিকিৎসা আৰু ঔষধৰ উপৰি উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে নিজৰ খোৱা-লোৱাৰ বিশেষ যত্ন লোৱা উচিত। ইউৰিক এচিডত ভুগি থকা লোকসকলে এই খাদ্যসমূহ খোৱাৰ পৰা বিৰত থাকক : দাইল আৰু বিন : এই ৰোগীসকলে কেইবাবিধো দাইল আৰু বিন নাখাব। দেশীয় বুট, কুলথী বা হৰ্ছ গ্রাম, ৰাজমাহ, কাবুলি ইত্যাদি নিজৰ খাদ্য তালিকাৰ পৰা বাদ দিয়ক। এই খাদ্যবোৰে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে। পিউৰিন সমৃদ্ধ খাদ্য: ইউৰিক এচিডৰ ৰোগীসকলে পিউৰিনযুক্ত খাদ্য এৰাই চলা উচিত। কাৰণ এই পিউৰিন ভাঙিয়েই শৰীৰত ইউৰিক এচিড সৃষ্টি হয়। এনে পৰিস্থিতিত মাছ, মাংস নাখাব। ইয়াৰ উপৰি, দৈ, ভিনেগাৰ, মদ্যপানো এৰাই চলক। উল্লেখ্য, দৈত থকা ট্রান্স ফেটে শৰীৰত ইউৰিক এচিডৰ পৰিমাণ বৃদ্ধি কৰে। মিঠা খাদ্য আৰু ড্রিংকছ : মিঠা খাদ্য আৰু ড্রিংছত থকা ফ্রুক্টোজে পিউৰিনৰ মেটাবলিজম বৃদ্ধি কৰে। মিঠা খাদ্যই ওজন বৃদ্ধি কৰে, যাৰ ফলত ৰক্তত শর্কৰাৰ পৰিমাণ বৃদ্ধি পায়। সেয়ে উচ্চ ইউৰিক এচিডৰ ৰোগীসকলে মিঠাই ত্যাগ কৰা উচিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ৰঙা পৰি শুকাই গৈছে বিঘাই বিঘাই ধান খেতি, নলবাৰীত কৃষক ৰাইজৰ হাহাকাৰ
চন্দ্ৰযানে ধৰা পেলালে চন্দ্ৰপৃষ্ঠত সূৰ্যৰ প্ৰভাৱ, ইছ'ৰৰ সফলতা অর্জন
'মোৰ ঈশ্বৰ পুৰুষ, তুমি মোক সদায়ে আৱৰি থাকিবা মই জানো' - গৰিমা শইকীয়া গাৰ্গ
কাৰ বেংক একাউণ্টত সোমাই জুবিনৰ কামৰ টকা? CID কাৰ্যালয়ৰ পৰা ওলাই গ'ল NK প্ৰডাকচনৰ স্বত্বাধিকাৰী দেৱ বৰকটকী
সুৰৰ ভগৱানক সংগীতেৰে পূজা, সোণাপুৰৰ সমাধিস্থলীত নাম-প্ৰসংগ, বাঁহীৰ সুৰ, মায়াবিনীৰ মূর্ছনা
শিৱসাগৰত কালীপূজাৰ থলীত জুবিনদাৰ ছবি সম্বলিত স্কুল বেগ বিতৰণ চাফাই কৰ্মীৰ
গণশিল্পী জুবিন গাৰ্গৰ ন্যায় বিচাৰি ঢেকিয়াজুলিত #JusticeForZubeenGarg শীৰ্ষক অনুষ্ঠান
ভাৱৰীয়াৰ ৰূপত বিধায়ক ৰূপজ্যোতি কুৰ্মী
লিভাৰ বেয়া হ’লে লক্ষণ ফুটি উঠে হাত আৰু ভৰিত; লগে লগে সজাগ হওক
গোলাঘাটৰ পাহাৰলাইন বন শিবিৰত ভয়ংকৰ ঘটনা! মাতাল বনকর্মীৰ গুলীত আহত এজন
চাবুৱাৰ থানাই চাহ বাগিছাত পুনৰ প্ৰকাণ্ড নাহৰফুটুকী পিঞ্জৰাবদ্ধ
নিয়ন্ত্ৰণৰেখাৰ কাষতে বৃহৎ ৰে'লপথৰ নিৰ্মাণ আৰম্ভ চীনৰ, তিব্বতৰ বিশেষজ্ঞৰ সতর্কবাণী
শ্ৰীমন্ত মাধৱদেৱ আন্তঃৰাষ্ট্ৰীয় প্ৰেক্ষাগৃহত অনুষ্ঠিত বিশ্ব এলঝাইমাৰ দিৱস; নাট 'জলছবি'ৰ সফল মঞ্চায়ন
তেজপুৰত চাঞ্চল্যকৰ হত্যাকাণ্ড; কুঠাৰেৰে ঘপিয়াই হত্যা কৰে মহিলাক