--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ব্ৰেকফাষ্ট আমাৰ বাবে অতি গুৰুত্বপূৰ্ণ খাদ্য, ৰাতিপুৱা যিয়েই খাওক সেইটোৱেই নিৰ্ণয় কৰিব গোটেই দিনটোত আপোনাৰ কেনেধৰণৰ শক্তি থাকিব। যদি আপোনাৰ সন্তানৰ কথা আহে, তেন্তে স্বাস্থ্যসন্মত ব্ৰেকফাষ্ট আৰু অধিক গুৰুত্বপূৰ্ণ হৈ পৰে। স্কুললৈ যোৱা ল’ৰা-ছোৱালীসকলে স্বাস্থ্যকৰ ব্ৰেকফাষ্ট খাব লাগে, যাতে ঘৰলৈ উভতি অহালৈকে তেওঁলোকে ভাগৰ অনুভৱ নকৰে আৰু তেওঁলোকৰ শক্তি অক্ষত থাকে।

জানি লওক কি কি ৫টা স্বাস্থ্যকৰ ব্ৰেকফাষ্ট

১) এভোকেডো- এভোকেডো এবিধ অতি স্বাস্থ্যকৰ ফল য’ত ভাল চৰ্বি আৰু পুষ্টিকৰ উপাদানৰ অভাৱ নাই। এইখিনি খালে শিশুটিৰ পেটটো দীৰ্ঘসময় ধৰি ভৰি থাকিব, যাৰ বাবে তেওঁ বেছি খাদ্য নাখাব আৰু ওজন বজাই ৰাখিবলৈ সক্ষম হ’ব। ইয়াৰ ফলত গোটেই দিনটো শক্তিৰ যোগান ধৰা হ’ব আৰু শিশুৰ একাগ্ৰতাও বৃদ্ধি পাব।

২) কণী- কণীত প্ৰটিন আৰু আন বহুতো প্ৰয়োজনীয় পুষ্টিকৰ উপাদান থাকে। সিজোৱা কণীৰ পৰা আৰম্ভ কৰি ভজা কণীলৈকে শিশুৰ পছন্দ অনুসৰি বিভিন্ন ধৰণে ৰান্ধিব পাৰে। ইয়াৰ ফলত শিশুৰ শৰীৰ শক্তিশালী হ’ব।

৩) দৈ আৰু বেৰীজ- আমি সকলোৱে জানো যে দৈ স্বাস্থ্যৰ বাবে কিমান উপকাৰী, যদি আপুনি ইয়াৰ লগত বেৰীজ মিহলাই দিয়ে তেন্তে ই আপোনাৰ শিশুৰ বাবে এক সুন্দৰ ব্ৰেকফাষ্ট আৰু দিনটোৰ এক সুন্দৰ আৰম্ভণি হৈ পৰিব। সন্ধিয়ালৈকে তেওঁ নিজকে শক্তিৰে ভৰপূৰ অনুভৱ কৰিব।

৪) ড্ৰাই ফ্ৰুটছঃ  ড্ৰাই ফ্ৰুটছ স্কুলীয়া ল’ৰা-ছোৱালীক খুৱাবই লাগে। এইবোৰ খাই তেওঁলোকে নিজকে শক্তিৰে ভৰপূৰ অনুভৱ কৰিব। খিচমিচ, কাজু বাদাম, আলমণ্ড, বাদাম, আখৰোট আদি খুৱাব।

৫) ওটছ- আমাৰ বহুতেই ওটছ স্বাস্থ্যকৰ ব্ৰেকফাষ্ট হিচাপে গ্ৰহণ কৰে। ৰাতিপুৱা শিশুক খুৱাবও পাৰে, কাৰণ ইয়াত স্বাস্থ্যকৰ চৰ্বি, স্বাস্থ্যকৰ কেলৰি, প্ৰটিন, আঁহ আৰু কাৰ্ব আদি পুষ্টিকৰ উপাদান থাকে, যিয়ে তেওঁলোকৰ গোটেই দিনটোৰ বাবে বহু প্ৰয়োজনীয়তা পূৰণ কৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ