--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ চেন্নাই ছুপাৰ কিংছৰ অধিনায়ক মহেন্দ্ৰ সিং ধোনী। অপ্ৰত্যাশিতভাৱে, পুনৰ অধিনায়ক পদত সৰ্বকালৰ সৰ্বশ্ৰেষ্ঠ অধিনায়ক কেপ্টেইন কুল। দলৰ বৃহত্তৰ স্বাৰ্থত জাদেজাৰ পৰা অধিনায়কত্ব ঘূৰাই ল'বলৈ ধোনী সন্মত হৈছে বুলি শনিবাৰে এক বিবৃতিযোগে সদৰী কৰিছে চিএছকেই।

দৰাচলতে অধিনায়কত্বৰ হেঁচাই জাদেজাৰ বেটিং আৰু বলিঙক প্ৰভাৱিত কৰিছে বুলি খবৰ ওলাইছে। সম্ভৱতঃ অধিনায়কত্বৰ হেঁচাৰ বাবেই চলিত ছিজনত বিশ্বৰ অন্যতম শ্ৰেষ্ঠ অলৰাউণ্ডাৰজনে বেটে-বলে উজলি উঠিব পৰা নাই। সেইবাবেই জাদেজাই অধিনায়কত্ব ত্যাগ কৰি খেলত মনোনিবেশ কৰিব বিচৰা বুলি জানিবলৈ পোৱা গৈছে। তদুপৰি, জাদেজাৰ অধিনায়কত্বত চেন্নাইৰ অৱস্থাও চলিত ছিজনত সংকটজনক। ৯ খন মেচৰ ভিতৰত মাত্ৰ দুখনতহে জয়ী হৈছে চেন্নাই। পইণ্ট তালিকাৰ ৯ নম্বৰত আছে চেন্নাই। চেন্নাইৰ তলত আছে  মুম্বাই ইণ্ডিয়ানছ।

চেন্নাই এতিয়া যি পৰিস্থিতিত আছে তাৰ পৰা প্লে’  অফৰ যোগ্যতা অৰ্জন কৰাটো দুঃসাধ্য কাৰ্য হিচাপে দেখা দিছে। সেই দৃষ্টিকোণৰ পৰা, চেন্নাইৰ অধিনায়কত্বৰ মুকুটো এতিয়া কণ্টকময়। কিন্তু দলটোৰ বাবে, ধোনীয়ে পুনৰ সেই কণ্টকময় মুকুট পৰিধান কৰিবলৈ সন্মত হৈছে। পুনৰ এবাৰ ধোনীক অধিনায়কৰূপে দেখিবলৈ পাব বুলি জানিবলৈ পোৱাৰ পাছতে উচ্ছসিত হৈ পৰিছে মাহীৰ অনুৰাগী। আকৌ এবাৰ ধোনীক হালধীয়া জাৰ্ছীত টছ কৰা দেখিবলৈ পাব চেন্নাইৰ অনুৰাগীয়ে। জাডেজাৰ অধিনায়ক পদ ত্যাগ আৰু ধোনীৰ পূৰ্ণ সন্মতিয়ে দল আৰু অনুৰাগীসকলৰ মনোবল বৃদ্ধি কৰিব বুলি আশাবাদী চেন্নাই মেনেজমেণ্ট।

স্মৰ্তব্য যে, ধোনীয়ে আইপিএলৰ আৰম্ভণিৰ পৰা অৰ্থাৎ ২০০৮ চনৰ পৰাই চেন্নাইৰ অধিনায়ক হিচাপে খেলিছে। চিএছকেই প্ৰথম বছৰৰ নিলামত ধোনীক ৬ কোটি টকাত ক্ৰয়েৰে অভিলেখ গঢ়িবলৈ সক্ষম হৈছিল। মাহীয়ে আৰম্ভণিৰে পৰা চিএছকেৰ অধিনায়ক হিচাপে খেলি আহিছে। তেওঁৰ নেতৃত্বত  চাৰিবাৰ আইপিএলৰ চেম্পিয়ন খিতাপ অৰ্জন কৰিছে। ইয়াৰ মাজতে দুবছৰৰ বাবে মেচ ফিক্সিংত জড়িত থকাৰ অভিযোগত চিএছকেক নিৰ্বাসিত কৰা হৈছিল। ধোনীয়ে সেই দুবছৰ ৰাইজিং পুনে ছুপাৰজায়ান্টছৰ হৈ খেলিছিল। পৰৱৰ্তী সময়ত ধোনীয়ে পুনৰ চেন্নাইলৈ উভতি আহে আৰু পুনৰ সফলতাৰ আভূষনেৰে ভূষিত কৰে।  সেই একেগৰাকী ধোনীৰ হাততেই চেন্নাই মেনেজমেণ্টে দলটোৰ গৌৰৱ ঘূৰাই অনাৰ দায়িত্ব দিয়া দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ