--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া চেম্পিয়নশ্বিপত চেয়াৰ আম্পায়াৰৰ বিৰুদ্ধে গৰজি উঠিল পি ভি সিন্ধু। চেয়াৰ আম্পায়াৰৰ বিৰুদ্ধে অন্যায়ভাৱে পইণ্ট কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় তাৰকাগৰাকীয়ে। সিন্ধুৱে ছেমিফাইনেলত জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে তিনিটা ছেটত পৰাস্ত হয়। তাৰ পাছতেই , চেয়াৰ আম্পায়াৰে অনৈতিকভাৱে য়ামাগুচিক এটা পইণ্ট দিয়া বুলি অভিযোগ সিন্ধু।

ঘটনাটো খেলখনৰ দ্বিতীয় ছেট চলি থকা সময়ত সংঘটিত হৈছিল। খেলৰ প্ৰথম ছেটত জয়ী হৈছিল সিন্ধু। দ্বিতীয় ছেটতো ১৪-১১ ৰ ব্যৱধানত জয়ী হৈছিল সিন্ধু। সেই সময়তে, আম্পায়াৰে সিন্ধুৰ প্ৰতিদ্বন্দ্বিক এক পইণ্ট দি দিয়ে। কাৰণ হিচাপে, তেওঁ কয়, ‘সিন্ধুৱে ছাৰ্ভ কৰোতে অধিক সময় লৈছিল। সেইকাৰণে য়ামাগুচিক পেনাল্টি হিচাপে এক পইণ্ট দিয়া হৈছে।’ ফলস্বৰূপে, দুয়োৰে পইণ্টৰ ব্যৱধান হৈ পৰে ১৪-১২।

ঘটনাটোক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সিন্ধুই। খেলৰ মাজতে আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হয় ভাৰতীয় তাৰকাগৰাকীয়ে। কিন্তু বিশেষ লাভজনক নহ’ল সিন্ধুৰ বাবে।খেলৰ ছন্দ হেৰুৱাই পেলায়  সিন্ধুৱে। পৰৱৰ্তী সময়ত আৰু খেলখনলৈ ঘূৰি আহিব নোৱাৰিলে ভাৰতীয় তাৰকাগৰাকীয়ে। দুয়োৰে মাজত তীব্ৰ যুঁজ হয়। অৱশেষত, প্ৰতিযোগিতাখনৰ শীৰ্ষ স্থানপ্ৰাপ্ত য়ামাগুচিৰ হাতত ২১-১৩, ১৯-২১, ১৬-২১ ব্যৱধানত পৰাস্ত হয় সিন্ধু। ইয়াৰ লগে লগে স্বৰ্ণ জয়ৰ স্বপ্ন ভাগি যায় সিন্ধুৰ।

খেলখনৰ শেষত সিন্ধুৱে কয়, ‘মই ছাৰ্ভ কৰিবলৈ সময় লৈছিলো কাৰণ তেতিয়া মোৰ প্ৰতিদ্বন্দ্বী সাজু নাছিল। কিন্তু মোৰ কথা শুনিবলৈ বিচৰা নাছিল আম্পায়াৰে। হঠাতে য়ামাগুচিক এটা পইণ্ট দিয়া হ'ল। এইটো বহুত অন্যায় হৈছে। মই ভাবো যে মই খেলখন হেৰুওৱাৰ ই অন্যতম কাৰণ।’ ঘটনাটো সংঘটিত হোৱাৰ পাছত উত্তেজিত সিন্ধুৰ মনোসংযোগ বিচ্ছিন্ন হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
'বিহাৰত ব্যাপক হাৰত হৈছিল ভোট চুৰি', শোচনীয় পৰাজয়ৰ পাছত কংগ্ৰেছৰ চিন্তন বৈঠকত অভিযোগ
দুবৰি বনৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ! জানিলে আচৰিত হʼব আপুনি
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?