--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এছিয়া চেম্পিয়নশ্বিপত চেয়াৰ আম্পায়াৰৰ বিৰুদ্ধে গৰজি উঠিল পি ভি সিন্ধু। চেয়াৰ আম্পায়াৰৰ বিৰুদ্ধে অন্যায়ভাৱে পইণ্ট কৰ্তন কৰাৰ অভিযোগ উত্থাপন কৰিছে ভাৰতীয় তাৰকাগৰাকীয়ে। সিন্ধুৱে ছেমিফাইনেলত জাপানৰ আকানে য়ামাগুচিৰ বিৰুদ্ধে তিনিটা ছেটত পৰাস্ত হয়। তাৰ পাছতেই , চেয়াৰ আম্পায়াৰে অনৈতিকভাৱে য়ামাগুচিক এটা পইণ্ট দিয়া বুলি অভিযোগ সিন্ধু।

ঘটনাটো খেলখনৰ দ্বিতীয় ছেট চলি থকা সময়ত সংঘটিত হৈছিল। খেলৰ প্ৰথম ছেটত জয়ী হৈছিল সিন্ধু। দ্বিতীয় ছেটতো ১৪-১১ ৰ ব্যৱধানত জয়ী হৈছিল সিন্ধু। সেই সময়তে, আম্পায়াৰে সিন্ধুৰ প্ৰতিদ্বন্দ্বিক এক পইণ্ট দি দিয়ে। কাৰণ হিচাপে, তেওঁ কয়, ‘সিন্ধুৱে ছাৰ্ভ কৰোতে অধিক সময় লৈছিল। সেইকাৰণে য়ামাগুচিক পেনাল্টি হিচাপে এক পইণ্ট দিয়া হৈছে।’ ফলস্বৰূপে, দুয়োৰে পইণ্টৰ ব্যৱধান হৈ পৰে ১৪-১২।

ঘটনাটোক লৈ তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে সিন্ধুই। খেলৰ মাজতে আম্পায়াৰৰ সৈতে তৰ্কত লিপ্ত হয় ভাৰতীয় তাৰকাগৰাকীয়ে। কিন্তু বিশেষ লাভজনক নহ’ল সিন্ধুৰ বাবে।খেলৰ ছন্দ হেৰুৱাই পেলায়  সিন্ধুৱে। পৰৱৰ্তী সময়ত আৰু খেলখনলৈ ঘূৰি আহিব নোৱাৰিলে ভাৰতীয় তাৰকাগৰাকীয়ে। দুয়োৰে মাজত তীব্ৰ যুঁজ হয়। অৱশেষত, প্ৰতিযোগিতাখনৰ শীৰ্ষ স্থানপ্ৰাপ্ত য়ামাগুচিৰ হাতত ২১-১৩, ১৯-২১, ১৬-২১ ব্যৱধানত পৰাস্ত হয় সিন্ধু। ইয়াৰ লগে লগে স্বৰ্ণ জয়ৰ স্বপ্ন ভাগি যায় সিন্ধুৰ।

খেলখনৰ শেষত সিন্ধুৱে কয়, ‘মই ছাৰ্ভ কৰিবলৈ সময় লৈছিলো কাৰণ তেতিয়া মোৰ প্ৰতিদ্বন্দ্বী সাজু নাছিল। কিন্তু মোৰ কথা শুনিবলৈ বিচৰা নাছিল আম্পায়াৰে। হঠাতে য়ামাগুচিক এটা পইণ্ট দিয়া হ'ল। এইটো বহুত অন্যায় হৈছে। মই ভাবো যে মই খেলখন হেৰুওৱাৰ ই অন্যতম কাৰণ।’ ঘটনাটো সংঘটিত হোৱাৰ পাছত উত্তেজিত সিন্ধুৰ মনোসংযোগ বিচ্ছিন্ন হৈ পৰে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ