--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপক্ষ দলক পৰাজিত কৰাৰ পিছত খেলপথাৰত যেতিয়া হাৰ্ডিক পাণ্ডিয়াই তেওঁৰ সতীৰ্থসকলৰ সৈতে হাত মিলাইছিল,তেতিয়া পত্নী নাতাশা ষ্টানকোভিচক গেলেৰীত নৃত্য কৰা দেখা গৈছিল। বিৰাটৰ বেটৰ পৰা অৰ্ধশতক অহাৰ পাছত ভিআইপি বক্সৰ আসনৰ পৰা থিয় হৈ চিঞৰা দেখা গৈছিল  অনুষ্কা শৰ্মাক। ৰোহিত শৰ্মাৰ মুম্বাই বিফল হ’লে ভাৰাক্ৰান্ত কিম্বা মন মৰা অৱস্থাত দেখা গৈছিল পত্নী ৰিতিকা সচদেৱক। চলিত আইপিএলত দেখা পোৱা এই দৃশ্যসমূহ দৰ্শকসকলৰ বাবে চিৰপৰিচিত। অৱশ্যে, ছুপাৰ ছানডেৰ দিনা ৱানখেডেৰ গেলেৰীৰ দৃশ্যক লৈ এতিয়া ছ'চিয়েল মিডিয়াত হৈছে চৰ্চা।

চৰ্চালৈ আহিছে ঈশা নেগীৰ নাম। কোন এই ঈশা নেগী? জানিবলৈ পোৱা মতে,  তেওঁ হৈছে ঋষভ পন্তৰ প্ৰেমিকা। দিল্লী কেপিটেলছৰ খেল চাবলৈ ঈশা নেগীয়ে খেলপথাৰত উপস্থিত হোৱা বুলিও ওলাইছে খবৰ। প্ৰত্যাশা অনুসৰি কেমেৰাত বন্দী হোৱা ঈশা নেগীৰ ছবি এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে দিল্লীৰ অধিনায়ক ঋষভ পন্তে তেওঁৰ প্ৰেমিকাক বিজয়ৰ উপহাৰ দিব নোৱাৰিলে।  কে এল ৰাহুল বাহিনীৰ বিৰুদ্ধে ৬ ৰানত পৰাজিত হয় দিল্লী কেপিটেলছ।

প্ৰেয়সীৰ মুখত বিজয়ৰ হাঁহি দিব নোৱাৰিলেও অধিনায়ক হিচাপে এক নতুন অভিলেখৰ গৰাকী হ’ল ঋষভ পন্ত। যুৱ উইকেট ৰক্ষক-বেটছমেন তথা অধিনায়ক হিচাপে আইপিএলত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে। কালিৰ খেলখনৰ সৈতে পন্তে মুঠ ২৫ খন মেচত দিল্লীক নেতৃত্ব দিয়ে।  শ্বেন ৱাটছন আৰু ইয়ন মৰ্গানক অতিক্ৰমি  এই অভিলেখ ঋষভ পন্তৰ। দুয়োজন তাৰকাক মুঠ ২৪ খন খেলত অধিনায়কৰ ভূমিকাত দেখিবলৈ পোৱা গৈছিল।

মন কৰিবলগীয়া যে, ২০১৯ চনতে ঋষভে ঈশাক অনুৰাগীসকলৰ সৈতে চিনাকি কৰাই দিছিল। তেওঁ এখন ফটো পোষ্ট কৰি লিখিছিল, ‘মই তোমাক সুখী কৰিব বিচাৰো। কাৰণ তুমি মোৰ সুখৰ মূল চাবিকাঠি।’ ঈশাই কৈছিল, ‘ঋষভ মোৰ মনৰ মানুহ। আটাইতকৈ ভাল বন্ধু। মোৰ জীৱনৰ প্ৰেম।’ স্বাভাৱিকতে, নেটিজেনসকলে জানিব বিচাৰিছিল যে হঠাতে ভাইৰেল হৈ পৰা এইগৰাকী ঈশা কোন। ঋষভৰ প্ৰেমিকাৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইলে প্ৰকাশ কৰিছে যে তেওঁ এগৰাকী ইণ্টেৰিঅ’ৰ ডিজাইনাৰ। ঈশাৰ সৈতে সম্পৰ্ক গভীৰ হোৱাৰ পাছত ঋষভে প্ৰাক্তন প্ৰেমিকা উৰ্বশী ৰৌতেলাকো ছ’চিয়েল মিডিয়াত ব্লক কৰিছিল। সম্প্ৰতি ঋষভ-ঈশা যুটিৰ প্ৰেমে যে ফুলাম মেলিছে সেই কথাৰ উমান পোৱা যায় ঈশাৰ উপস্থিতিতে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত