--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বিপক্ষ দলক পৰাজিত কৰাৰ পিছত খেলপথাৰত যেতিয়া হাৰ্ডিক পাণ্ডিয়াই তেওঁৰ সতীৰ্থসকলৰ সৈতে হাত মিলাইছিল,তেতিয়া পত্নী নাতাশা ষ্টানকোভিচক গেলেৰীত নৃত্য কৰা দেখা গৈছিল। বিৰাটৰ বেটৰ পৰা অৰ্ধশতক অহাৰ পাছত ভিআইপি বক্সৰ আসনৰ পৰা থিয় হৈ চিঞৰা দেখা গৈছিল  অনুষ্কা শৰ্মাক। ৰোহিত শৰ্মাৰ মুম্বাই বিফল হ’লে ভাৰাক্ৰান্ত কিম্বা মন মৰা অৱস্থাত দেখা গৈছিল পত্নী ৰিতিকা সচদেৱক। চলিত আইপিএলত দেখা পোৱা এই দৃশ্যসমূহ দৰ্শকসকলৰ বাবে চিৰপৰিচিত। অৱশ্যে, ছুপাৰ ছানডেৰ দিনা ৱানখেডেৰ গেলেৰীৰ দৃশ্যক লৈ এতিয়া ছ'চিয়েল মিডিয়াত হৈছে চৰ্চা।

চৰ্চালৈ আহিছে ঈশা নেগীৰ নাম। কোন এই ঈশা নেগী? জানিবলৈ পোৱা মতে,  তেওঁ হৈছে ঋষভ পন্তৰ প্ৰেমিকা। দিল্লী কেপিটেলছৰ খেল চাবলৈ ঈশা নেগীয়ে খেলপথাৰত উপস্থিত হোৱা বুলিও ওলাইছে খবৰ। প্ৰত্যাশা অনুসৰি কেমেৰাত বন্দী হোৱা ঈশা নেগীৰ ছবি এতিয়া ছ’চিয়েল মিডিয়াত ভাইৰেল হৈ পৰিছে। অৱশ্যে দিল্লীৰ অধিনায়ক ঋষভ পন্তে তেওঁৰ প্ৰেমিকাক বিজয়ৰ উপহাৰ দিব নোৱাৰিলে।  কে এল ৰাহুল বাহিনীৰ বিৰুদ্ধে ৬ ৰানত পৰাজিত হয় দিল্লী কেপিটেলছ।

প্ৰেয়সীৰ মুখত বিজয়ৰ হাঁহি দিব নোৱাৰিলেও অধিনায়ক হিচাপে এক নতুন অভিলেখৰ গৰাকী হ’ল ঋষভ পন্ত। যুৱ উইকেট ৰক্ষক-বেটছমেন তথা অধিনায়ক হিচাপে আইপিএলত এক নতুন মাইলৰ খুঁটি স্পৰ্শ কৰিছে। কালিৰ খেলখনৰ সৈতে পন্তে মুঠ ২৫ খন মেচত দিল্লীক নেতৃত্ব দিয়ে।  শ্বেন ৱাটছন আৰু ইয়ন মৰ্গানক অতিক্ৰমি  এই অভিলেখ ঋষভ পন্তৰ। দুয়োজন তাৰকাক মুঠ ২৪ খন খেলত অধিনায়কৰ ভূমিকাত দেখিবলৈ পোৱা গৈছিল।

মন কৰিবলগীয়া যে, ২০১৯ চনতে ঋষভে ঈশাক অনুৰাগীসকলৰ সৈতে চিনাকি কৰাই দিছিল। তেওঁ এখন ফটো পোষ্ট কৰি লিখিছিল, ‘মই তোমাক সুখী কৰিব বিচাৰো। কাৰণ তুমি মোৰ সুখৰ মূল চাবিকাঠি।’ ঈশাই কৈছিল, ‘ঋষভ মোৰ মনৰ মানুহ। আটাইতকৈ ভাল বন্ধু। মোৰ জীৱনৰ প্ৰেম।’ স্বাভাৱিকতে, নেটিজেনসকলে জানিব বিচাৰিছিল যে হঠাতে ভাইৰেল হৈ পৰা এইগৰাকী ঈশা কোন। ঋষভৰ প্ৰেমিকাৰ ছ’চিয়েল মিডিয়াৰ প্ৰফাইলে প্ৰকাশ কৰিছে যে তেওঁ এগৰাকী ইণ্টেৰিঅ’ৰ ডিজাইনাৰ। ঈশাৰ সৈতে সম্পৰ্ক গভীৰ হোৱাৰ পাছত ঋষভে প্ৰাক্তন প্ৰেমিকা উৰ্বশী ৰৌতেলাকো ছ’চিয়েল মিডিয়াত ব্লক কৰিছিল। সম্প্ৰতি ঋষভ-ঈশা যুটিৰ প্ৰেমে যে ফুলাম মেলিছে সেই কথাৰ উমান পোৱা যায় ঈশাৰ উপস্থিতিতে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ