--°C
Loading...
Listen to Article
2 min read
80%
স্বাধীনতাৰ সাতটা দশকৰো অধিককাল অতিক্ৰম কৰাৰ পিছতো দেশৰ ৰাজনৈতিক ক্ষেত্ৰ খন পৰিয়ালতন্ত্ৰৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা নাই। দেশক দশকৰ পিছত দশক ধৰি শাসন কৰা কংগ্ৰেছ দলটোৰ প্ৰথম পৰিচয়েই হৈছে পৰিয়ালতন্ত্ৰ। 

পৰিয়ালতন্ত্ৰৰ মোহৰ পৰা দলটো আজিও মুক্ত হ’ব পৰা নাই। সেয়ে কংগ্ৰেছৰ তৰী আজি ডুবো ডুবো। এনে সময়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো দলৰ নাম উল্লেখ নকৰাকৈ পৰিয়ালতান্ত্ৰিক ৰাজনৈতিক দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।মোদীয়ে বিৰোধী কংগ্ৰেছ অথবা আন দলক বহু প্ৰসংগত বহুবাৰ সমালোচনা কৰিছে যদিও তেওঁৰ মুখত পৰিয়ালতন্তৰ কথা খুব কমেইহে শুুনা যায়। কিন্তু আজি তাৰ ব্যতিক্ৰম ঘটা দেখিবলৈ পোৱা গ’ল। 

তেলেংগানাৰ ইণ্ডিয়ান স্কুল অৱ বিজনেছ (আইএছবি)ৰ ২০ সংখ্যক বৰ্ষপূৰ্তিৰ অনুষ্ঠানত ভাগ ল’বলৈ যোৱা মোদীয়ে আজি বেগমপেট বিমানবন্দৰত বিজেপি কৰ্মীসকলৰ আগত পৰিয়ালতন্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে। কংগ্ৰেছ বা আন কোনো দলৰ নাম উল্লেখ নকৰাকৈ মোদীয়ে কয়-’ পৰিয়ালতান্ত্ৰিক  দল কেৱল ৰাজনৈতিক সমস্যা নহয়, ভাৰতৰ গণতন্ত্ৰ আৰু যুৱপ্ৰজন্মৰো আটাইতকৈ ডাঙৰ শত্ৰু। এনে দলত দুৰ্নীতিয়েই মুখ্য বিষয় হৈ পৰে। পৰিয়ালতান্ত্ৰিক দলে দৰিদ্ৰ জনতাৰ দুখৰ প্ৰতি পিঠি দি কেৱল একক পৰিয়ালে  ক্ষমতাত থকাটো বিচাৰে। 

এনে দলে কেৱল দেশৰ সম্পদ লুণ্ঠন কৰিবলৈ জানে,  মানুহৰ কল্যাণ এনে দলৰ বাবে গৌণ কথা।

মোদীয়ে কয়, "একবিংশ শতিকাৰ ভাৰতে 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া'ৰ সপোন লৈ আগবাঢ়িছে। আমাৰ ষ্টাৰ্টআপবোৰে পৃথিৱীৰ ওপৰত এক প্ৰভাৱ পেলাইছে। আজি, আমি বিশ্বৰ আগশাৰীৰ ষ্টাৰ্টআপত পৰিণত হৈছো । এনে অৱস্থাত ভাৰতত পৰিয়ালতন্ত্ৰৰ কোনো গুৰুত্ব  নাই।" মোদীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে মাত মাতি কোন ৰাজনৈতিক দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেয়া সহজেই অনুমেয়। কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণতো পৰিয়ালতন্ত্ৰৰ আবেষ্টনীৰ পৰা ওলাই আহিব পৰা নাই। ফলত দলটোৰ প্ৰতি এতিয়া বহুতৰে মোহভংগও ঘটা পৰিলক্ষিত হৈছে।

তেলেংগানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ নেতৃত্বত গঠিত চৰকাৰ আৰু কেচিআৰ নামেৰে জনাজাত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধেও পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ অভিযোগ কৰে। 

ইয়াৰ বিপৰীতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁৰ ভাষণত প্ৰশংসা কৰে। "তেলেংগানাৰ এই ভূমিৰ পৰা মই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী  যোগী আদিত্যনাথজীক অভিনন্দন জনাইছো। যোগীজীয়ে কৈছিল যে তেওঁ বিজ্ঞানত বিশ্বাস কৰে জাত-পাতত নহয়। সেয়ে তেওঁ আজি পুনৰ মুখ্যমন্ত্ৰী হৈছে।"





FOLLOW US F
POPULAR
FEATURE
TRENDY
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
হাজোত মহিলাৰ আ*ত্মহ*ত্যা! হত্যাৰ সন্দেহত স্বামীৰ ঘৰ জ্বলাই দিলে শহুৰেকৰ পৰিয়ালে
৩৯টা গ'লেৰে ৰ'নাল্ডোৰ অভিলেখ, হাংগেৰীক পৰাজিত কৰি অস্তিত্ব ৰক্ষা পৰ্টুগালৰ
'নেপালৰ পৰিৱেশ অতি ভয়াৱহ,এতিয়া নেপাললৈ নাযাব।'- নেপালত অধ্যয়নৰত অসমৰ ছাত্ৰ আনিনুল ইছলামৰ ভাষ্য
১৭ হাজাৰ শিক্ষার্থীয়ে সমস্বৰে 'মানুহে মানুহৰ বাবে' গাই ৰচিলে অভিলেখ
অক্টোবৰত দেশজুৰি নিৰ্বাচন আয়োগে আৰম্ভ কৰিব ভোটাৰ তালিকাৰ বিশেষ সংশোধনী!
পুনৰ বিপদত শিল্পা ছেট্টী আৰ ৰাজ কুন্দ্ৰা ! মুম্বাই আৰক্ষীয়ে জাৰি কৰিব লুক আউট জাননী
বৃক্কৰ বাবে এই ৫ টা ফল অমৃততকৈ কম নহয়; আজিৰে পৰা খাবলৈ আৰম্ভ কৰক
২৪৪০ কোটি ব্যয়েৰে বিদ্যালয়ত প্ৰৱৰ্তন হ'ব দক্ষতা শিক্ষাৰ পাঠ্যক্ৰম
পাঠকৰ অধীৰ আগ্ৰহৰ অন্ত! প্ৰকাশ পালে  ৪০০ পৃষ্ঠাৰে সজ্জিত দৈনিক জনমভূমিৰ শাৰদীয় আলোচনী
পশ্চিম বংগ বিধানসভাত উত্তপ্ত পৰিস্থিতি ; বিজেপিৰ ৫জন বিধায়কক নিলম্বন
দেশৰ শীৰ্ষ দহখন ৰাজ্যিক চৰকাৰী বিশ্ববিদ্যালয়ৰ নৱমত গুৱাহাটী বিশ্ববিদ্যালয়
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা