--°C
Loading...
Listen to Article
2 min read
80%
স্বাধীনতাৰ সাতটা দশকৰো অধিককাল অতিক্ৰম কৰাৰ পিছতো দেশৰ ৰাজনৈতিক ক্ষেত্ৰ খন পৰিয়ালতন্ত্ৰৰ প্ৰভাৱৰ পৰা মুক্ত হোৱা নাই। দেশক দশকৰ পিছত দশক ধৰি শাসন কৰা কংগ্ৰেছ দলটোৰ প্ৰথম পৰিচয়েই হৈছে পৰিয়ালতন্ত্ৰ। 

পৰিয়ালতন্ত্ৰৰ মোহৰ পৰা দলটো আজিও মুক্ত হ’ব পৰা নাই। সেয়ে কংগ্ৰেছৰ তৰী আজি ডুবো ডুবো। এনে সময়তে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে কোনো দলৰ নাম উল্লেখ নকৰাকৈ পৰিয়ালতান্ত্ৰিক ৰাজনৈতিক দলৰ বিৰুদ্ধে সোচ্চাৰ হৈ পৰে।মোদীয়ে বিৰোধী কংগ্ৰেছ অথবা আন দলক বহু প্ৰসংগত বহুবাৰ সমালোচনা কৰিছে যদিও তেওঁৰ মুখত পৰিয়ালতন্তৰ কথা খুব কমেইহে শুুনা যায়। কিন্তু আজি তাৰ ব্যতিক্ৰম ঘটা দেখিবলৈ পোৱা গ’ল। 

তেলেংগানাৰ ইণ্ডিয়ান স্কুল অৱ বিজনেছ (আইএছবি)ৰ ২০ সংখ্যক বৰ্ষপূৰ্তিৰ অনুষ্ঠানত ভাগ ল’বলৈ যোৱা মোদীয়ে আজি বেগমপেট বিমানবন্দৰত বিজেপি কৰ্মীসকলৰ আগত পৰিয়ালতন্তৰ বিৰুদ্ধে ক্ষোভ উজাৰে। কংগ্ৰেছ বা আন কোনো দলৰ নাম উল্লেখ নকৰাকৈ মোদীয়ে কয়-’ পৰিয়ালতান্ত্ৰিক  দল কেৱল ৰাজনৈতিক সমস্যা নহয়, ভাৰতৰ গণতন্ত্ৰ আৰু যুৱপ্ৰজন্মৰো আটাইতকৈ ডাঙৰ শত্ৰু। এনে দলত দুৰ্নীতিয়েই মুখ্য বিষয় হৈ পৰে। পৰিয়ালতান্ত্ৰিক দলে দৰিদ্ৰ জনতাৰ দুখৰ প্ৰতি পিঠি দি কেৱল একক পৰিয়ালে  ক্ষমতাত থকাটো বিচাৰে। 

এনে দলে কেৱল দেশৰ সম্পদ লুণ্ঠন কৰিবলৈ জানে,  মানুহৰ কল্যাণ এনে দলৰ বাবে গৌণ কথা।

মোদীয়ে কয়, "একবিংশ শতিকাৰ ভাৰতে 'আত্মনিৰ্ভৰ ভাৰত' আৰু 'মেক ইন ইণ্ডিয়া'ৰ সপোন লৈ আগবাঢ়িছে। আমাৰ ষ্টাৰ্টআপবোৰে পৃথিৱীৰ ওপৰত এক প্ৰভাৱ পেলাইছে। আজি, আমি বিশ্বৰ আগশাৰীৰ ষ্টাৰ্টআপত পৰিণত হৈছো । এনে অৱস্থাত ভাৰতত পৰিয়ালতন্ত্ৰৰ কোনো গুৰুত্ব  নাই।" মোদীয়ে পৰিয়ালকেন্দ্ৰিক ৰাজনীতিৰ বিৰুদ্ধে মাত মাতি কোন ৰাজনৈতিক দলক আক্ৰমণৰ লক্ষ্য কৰি লৈছে সেয়া সহজেই অনুমেয়। কংগ্ৰেছে ২০২৪ চনৰ লোকসভা নিৰ্বাচনৰ প্ৰাকক্ষণতো পৰিয়ালতন্ত্ৰৰ আবেষ্টনীৰ পৰা ওলাই আহিব পৰা নাই। ফলত দলটোৰ প্ৰতি এতিয়া বহুতৰে মোহভংগও ঘটা পৰিলক্ষিত হৈছে।

তেলেংগানাত প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে তেলেংগানা ৰাষ্ট্ৰ সমিতিৰ নেতৃত্বত গঠিত চৰকাৰ আৰু কেচিআৰ নামেৰে জনাজাত মুখ্যমন্ত্ৰী কে চন্দ্ৰশেখৰ ৰাওৰ বিৰুদ্ধেও পৰিয়ালতান্ত্ৰিক ৰাজনীতিৰ অভিযোগ কৰে। 

ইয়াৰ বিপৰীতে তেওঁ উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী যোগী আদিত্যনাথক তেওঁৰ ভাষণত প্ৰশংসা কৰে। "তেলেংগানাৰ এই ভূমিৰ পৰা মই উত্তৰ প্ৰদেশৰ মুখ্যমন্ত্ৰী  যোগী আদিত্যনাথজীক অভিনন্দন জনাইছো। যোগীজীয়ে কৈছিল যে তেওঁ বিজ্ঞানত বিশ্বাস কৰে জাত-পাতত নহয়। সেয়ে তেওঁ আজি পুনৰ মুখ্যমন্ত্ৰী হৈছে।"





FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ