--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এজন ৰণবীৰে যদি বিবাহ পাশত আৱদ্ধ হৈছে, আন এজনে দিছে পিতৃ হোৱাৰ খবৰ। ইনষ্টাগ্ৰামত নৱজাতকক কোলাত লৈ এখন ফটো শ্বেয়াৰ কৰিলে ৰণবীৰ সিঙে। তাৰমানে মাতৃ হ’বলৈ ওলাইছে নেকি দীপিকা? নহয়, মাতৃ হ’বলৈ ওলোৱা নাই দীপিকা। বিষয়টো অলপ সুকীয়া। ৰণবীৰ অভিনীত 'জয়েশভাই জোৰদাৰ' ছবিখনে মুক্তিলাভ কৰিব ১৩ মে'ত। অভিনেতাজনে সেই একেটা লুকত নিজৰ এখন আলোকচিত্ৰ পোষ্ট কৰিছে। হাতত নৱজাতকৰ এখন ছবি।

পোষ্টটোত ৰণবীৰে লিখিছিল, 'জয়েশভাইৰ পুত্ৰ হ’ব নে কন্যা?' অনুৰাগীক প্ৰশ্ন অভিনেতাৰ, ‘আপোনালোকে কি ভাবে?' নতুন ছবিখনৰ মুক্তিৰ আগতীয়া বাতৰি দিয়াৰ উদ্দেশ্যেই এই পোষ্ট ৰণবীৰৰ।

জানিবলৈ পোৱামতে, ছবিখনত ৰণবীৰৰ চৰিত্ৰটো এজন গুজৰাটীৰ। ছবিখনৰ প্ৰথম পোষ্টাৰ আজিৰ পৰা ৩বছৰ পূৰ্বে প্ৰকাশ পাইছিল। শেহতীয়াকৈ, আন এখন পোষ্টাৰ মুকলি কৰা হৈছে।এই পোষ্টাৰখন দেখি এতিয়া সকলোৰে মনত এটাই প্ৰশ্ন, দীপিকাৰ স্বামীৰ কোলাত এয়া কাৰ সন্তানৰ আলোকচিত্ৰ? মন কৰিবলগীয়া যে, ৰণবীৰে ইতিমধ্যে গুজৰাটী ভাষা, খাদ্য আৰু সংস্কৃতিৰ প্ৰতি তেওঁৰ প্ৰেম প্ৰকাশ কৰিছে। যশৰাজ ফিল্মছৰ ছত্ৰছায়াত 'জয়েশভাই যোৰদাৰ' ছবিখন মুক্তিৰ বাবে সাজু হৈ উঠিছে। দক্ষিণৰ অভিনেত্ৰী শালিনী পাণ্ডেক ছবিখনত ৰণবীৰৰ সৈতে দেখিবলৈ পাব অনুৰাগীয়ে। ছবিখন পৰিচালনা কৰিছে দিব্যাঙ্কা ত্ৰিপাঠীয়ে। বিগত কেইবছৰমানত ৰণবীৰ সিঙক '৮৩', 'পদ্মাৱত', 'চিম্বা', 'বাজিৰাও মস্তানি'ৰ দৰে এখনৰ পাছত আনখন হিট ছবিত দেখা গৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ