--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়লৈকে বলীউড ইন্ডাষ্ট্ৰিত এটা অতি জনপ্ৰিয় যুটি হিচাপে স্বীকৃতি লাভ কৰিছিল অক্ষয় কুমাৰ-ৰবীনা টেণ্ডনে। এই দুই তাৰকা অভিনীত বহুতো চলচ্চিত্ৰই দেখিছে সফলতাৰ মুখ। বলীউডত আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী সকলৰ মাজৰ অন্যতম এগৰাকী হৈছে ৰবীনা টেণ্ডন আৰু এই মুহূৰ্তত তেওঁ কেৱল বলীউডতে নহয় দক্ষিণ ভাৰতীয় চলচ্চিত্ৰতো কাম কৰি থকা দেখা গৈছে। অলপতে দক্ষিণ ভাৰতীয় তাৰকা অভিনেতা যশ অভিনীত কেজিএফ চেপ্টাৰ-২ চলচ্চিত্ৰত এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে ৰবীনা টেণ্ডনক। তেওঁ তেওঁৰ অভিনয় দক্ষতাৰ জৰিয়তে চৰিত্ৰটো ভালদৰে ফুটাই তুলিছে।পাছে এই মুহূৰ্তত ৰবীনা টেণ্ডন ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে আন এটা কাৰণতহে।

আজি আমি আপোনাক অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ কিছুমান ব্যক্তিগত কথা ক'ম যিবোৰ আপুনি আগতে শুনা নাই। এয়া তেওঁলোক দুয়োজনৰে অভিনয় কেৰিয়াৰৰ প্ৰথমাৰ্দ্ধৰ কথা। ‘মোহৰা’ বোলছবিখনে তেতিয়া মুক্তিলাভ কৰিছিল মাত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰবীনা টেণ্ডন আৰু অক্ষয় কুমাৰে। আৰু অভিনেত্ৰী ৰবীনা টেণ্ডনে চিনেমাখনৰ ছেটৰ পৰাই এনে কিছুমান গোপন কথা সকলোৰে সৈতে ভাগ-বতৰা কৰিছিল। 

মাত্ৰ ৩.৭৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ‘মোহৰা’ নামৰ ছবিখনে তেতিয়াই ২২.৬৫ কোটি টকা উপাৰ্জন কৰিছিল। চলচ্চিত্ৰখনৰ সফলতাৰ প্ৰভাৱ পৰিছিল অক্ষয়-ৰবীনাৰ কেৰিয়াৰতো। অৱশ্যে, এই চলচ্চিত্ৰখনৰ মূল আকৰ্ষণ আছিল অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডন অভিনীত ‘টিপ টিপ বৰছা পানী…’ গীতটো। আমাৰ চকুৰ আগেদি কেইবাদশক পাৰ হৈ গ'ল, অথচ এই গীতটোৰ জনপ্ৰিয়তা আজিও ম্লান পৰা নাই। গীতটোৰ শ্বুটিং কৰোঁতে, ৰবীনা টেণ্ডনে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। শেহতীয়াকৈ, ৰবীনাই নিজেই সকলোৰে সন্মুখত এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।

ৰবীনাই কয়, ‘ টিপ টিপ বৰ্ষা পানী গীতটো এটা নিৰ্মিয়মান ঘৰত দৃশ্যগ্ৰহণ কৰা হৈছিল। দৃশ্যগ্ৰহণৰ সময়ত মোৰ ভৰিত শিলে বিন্ধিছিল। বৰষুণৰ বাবে ব্যৱহাৰ কৰা টেংকৰ পানীও অত্যন্ত ঠাণ্ডা আছিল। মোৰ তীব্ৰ চৰ্দি হৈছিল আৰু জ্বৰো।’ ৰবীনাই লগতে কয়, ‘তীব্ৰ জ্বৰৰ বাবে গোটেই শৰীৰটো জুইৰ দৰে তপত হৈ পৰিছিল। মই ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ বাৰে বাৰে আদা চাহ খাইছিলো। লগতে এবাৰ আঁঠু কাঢ়ি ৰাউণ্ডটো ঘূৰিব লগা হৈছিল। এই দৃশ্যটোৰ দৃশ্যগ্ৰহণৰ সময়ত, মোৰ আঁঠুৰ ছালো এৰাই গৈছিল। আনকি সেই সময়ত মোৰ ঋতুস্ৰাৱ হৈছিল। তথাপি সেই গীতটোত মই লাস্যময়ীৰ ৰূপত ধৰা দিছিলো। এয়া মোৰ বাবে অত্যন্ত কঠিন আছিল। কিন্তু যেতিয়া জানিব পাৰিলো যে গীতটো হিট হৈছে।তেতিয়া মোৰ সমস্ত কষ্ট যজ্ঞৰ আহুতি সাৰ্থক হোৱা বুলি মনতে ভাব হৈছিল আৰু সুখী হৈ পৰিছিলো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান