--°C
Loading...
Advertisement
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ এসময়লৈকে বলীউড ইন্ডাষ্ট্ৰিত এটা অতি জনপ্ৰিয় যুটি হিচাপে স্বীকৃতি লাভ কৰিছিল অক্ষয় কুমাৰ-ৰবীনা টেণ্ডনে। এই দুই তাৰকা অভিনীত বহুতো চলচ্চিত্ৰই দেখিছে সফলতাৰ মুখ। বলীউডত আটাইতকৈ জনপ্ৰিয় অভিনেত্ৰী সকলৰ মাজৰ অন্যতম এগৰাকী হৈছে ৰবীনা টেণ্ডন আৰু এই মুহূৰ্তত তেওঁ কেৱল বলীউডতে নহয় দক্ষিণ ভাৰতীয় চলচ্চিত্ৰতো কাম কৰি থকা দেখা গৈছে। অলপতে দক্ষিণ ভাৰতীয় তাৰকা অভিনেতা যশ অভিনীত কেজিএফ চেপ্টাৰ-২ চলচ্চিত্ৰত এটা অতি গুৰুত্বপূৰ্ণ চৰিত্ৰত অভিনয় কৰা দেখা গৈছে ৰবীনা টেণ্ডনক। তেওঁ তেওঁৰ অভিনয় দক্ষতাৰ জৰিয়তে চৰিত্ৰটো ভালদৰে ফুটাই তুলিছে।পাছে এই মুহূৰ্তত ৰবীনা টেণ্ডন ছ’চিয়েল মিডিয়াত চৰ্চিত হৈ পৰিছে আন এটা কাৰণতহে।

আজি আমি আপোনাক অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডনৰ কিছুমান ব্যক্তিগত কথা ক'ম যিবোৰ আপুনি আগতে শুনা নাই। এয়া তেওঁলোক দুয়োজনৰে অভিনয় কেৰিয়াৰৰ প্ৰথমাৰ্দ্ধৰ কথা। ‘মোহৰা’ বোলছবিখনে তেতিয়া মুক্তিলাভ কৰিছিল মাত্ৰ। ছবিখনত মুখ্য চৰিত্ৰত অভিনয় কৰিছিল ৰবীনা টেণ্ডন আৰু অক্ষয় কুমাৰে। আৰু অভিনেত্ৰী ৰবীনা টেণ্ডনে চিনেমাখনৰ ছেটৰ পৰাই এনে কিছুমান গোপন কথা সকলোৰে সৈতে ভাগ-বতৰা কৰিছিল। 

মাত্ৰ ৩.৭৫ কোটি টকাৰ বাজেটেৰে নিৰ্মিত ‘মোহৰা’ নামৰ ছবিখনে তেতিয়াই ২২.৬৫ কোটি টকা উপাৰ্জন কৰিছিল। চলচ্চিত্ৰখনৰ সফলতাৰ প্ৰভাৱ পৰিছিল অক্ষয়-ৰবীনাৰ কেৰিয়াৰতো। অৱশ্যে, এই চলচ্চিত্ৰখনৰ মূল আকৰ্ষণ আছিল অক্ষয় কুমাৰ আৰু ৰবীনা টেণ্ডন অভিনীত ‘টিপ টিপ বৰছা পানী…’ গীতটো। আমাৰ চকুৰ আগেদি কেইবাদশক পাৰ হৈ গ'ল, অথচ এই গীতটোৰ জনপ্ৰিয়তা আজিও ম্লান পৰা নাই। গীতটোৰ শ্বুটিং কৰোঁতে, ৰবীনা টেণ্ডনে যথেষ্ট সমস্যাৰ সন্মুখীন হ'ব লগা হৈছিল। শেহতীয়াকৈ, ৰবীনাই নিজেই সকলোৰে সন্মুখত এই বিষয়ে মুকলিকৈ প্ৰকাশ কৰিছে।

ৰবীনাই কয়, ‘ টিপ টিপ বৰ্ষা পানী গীতটো এটা নিৰ্মিয়মান ঘৰত দৃশ্যগ্ৰহণ কৰা হৈছিল। দৃশ্যগ্ৰহণৰ সময়ত মোৰ ভৰিত শিলে বিন্ধিছিল। বৰষুণৰ বাবে ব্যৱহাৰ কৰা টেংকৰ পানীও অত্যন্ত ঠাণ্ডা আছিল। মোৰ তীব্ৰ চৰ্দি হৈছিল আৰু জ্বৰো।’ ৰবীনাই লগতে কয়, ‘তীব্ৰ জ্বৰৰ বাবে গোটেই শৰীৰটো জুইৰ দৰে তপত হৈ পৰিছিল। মই ঠাণ্ডাৰ পৰা হাত সাৰিবলৈ বাৰে বাৰে আদা চাহ খাইছিলো। লগতে এবাৰ আঁঠু কাঢ়ি ৰাউণ্ডটো ঘূৰিব লগা হৈছিল। এই দৃশ্যটোৰ দৃশ্যগ্ৰহণৰ সময়ত, মোৰ আঁঠুৰ ছালো এৰাই গৈছিল। আনকি সেই সময়ত মোৰ ঋতুস্ৰাৱ হৈছিল। তথাপি সেই গীতটোত মই লাস্যময়ীৰ ৰূপত ধৰা দিছিলো। এয়া মোৰ বাবে অত্যন্ত কঠিন আছিল। কিন্তু যেতিয়া জানিব পাৰিলো যে গীতটো হিট হৈছে।তেতিয়া মোৰ সমস্ত কষ্ট যজ্ঞৰ আহুতি সাৰ্থক হোৱা বুলি মনতে ভাব হৈছিল আৰু সুখী হৈ পৰিছিলো।’

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২১ চনৰ জঘন্য কাণ্ডৰ ৰায়দান: ছাত্ৰীক যৌন নিৰ্যাতন চলোৱা প্ৰধান শিক্ষকক ৭ বছৰৰ জে’ল, ১০ হাজাৰ টকাৰ জৰিমনা ধুবুৰীৰ বিশেষ POCSO আদালতৰ
ড° পাৰ্থসাৰথি মহন্তৰ ‘ছিমি’লৈ ‘অনাৰেবল মেনশ্যন’, এথেন্স মাৰাথন ফিল্ম এৱাৰ্ডছ
স্পেইনেই হ’ব বিশ্বকাপৰ চেম্পিয়ন: অপ্টা ছুপাৰ কম্পিউটাৰ-ই এছ পি এন
২০০ লিটাৰতকৈ অধিক ডিজেল ক্ৰয় কৰিব নোৱাৰিব এজন গ্রাহকে: পেট্রলিয়াম মন্ত্র্যালয়
ধিঙত এটা পৰিয়ালৰ কান্দোন; ৫টাকৈ গৰু চুৰি কৰি নিলে চোৰে
অসমত ১,৮৭৯.৫৯ হেক্টৰ বনাঞ্চল নিৰ্বনীকৰণ কৰাৰ সিদ্ধান্ত
ডবকাত ড্ৰাগছ বিৰোধী অভিযান: হেৰ’ইনসহ দুই সৰবৰাহকাৰী গ্ৰেপ্তাৰ
গ্ৰেণ্ড শ্লামত ফ্লেভিঅ’ ক’ব’লিক কঠিন যুঁজত হৰুৱাই আলেকজেণ্ডাৰ জেভেৰভৰ জয়লাভ
লৰ্ডছৰ পিটছৰ অৱস্থা সন্দৰ্ভত মেৰিলেবন ক্ৰিকেট ক্লাবৰ গভীৰ অসন্তুষ্টি
জুবিন গাৰ্গৰ মৃত্যু গোচৰত সাক্ষীৰ পৰীক্ষা আৰম্ভ, এক গুৰুত্বপূৰ্ণ পৰ্যায়ত প্ৰৱেশ
গোৱালপাৰাৰ বিদ্যালয়ত গো-মাংস বিতৰ্ক: আৰক্ষীৰ তদন্ত, উত্তেজনা বৃদ্ধি
অসম মন্ত্ৰীসভাত আজি বিভাগ আৱণ্টনৰ সম্ভাৱনা
ডিব্ৰুগড়ক অসমৰ দ্বিতীয় ৰাজধানী হিচাপে গঢ়ি তোলাৰ বাবে বিজেপিৰ সবল সমৰ্থন
মণিপুৰত যুৱ সংগঠনৰ ঘাইপথ অৱৰোধ: অসম ৰাইফলছক লৈ তীব্ৰ উত্তেজনা
Advertisement