--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতৰ কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্যতম এগৰাকী হৈছে ঐশ্বৰ্য ৰায় বচ্চন। অভিনয় দক্ষতাৰ জৰিয়তে ইতিমধ্যে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ঐশ্বৰ্যই। তেওঁ বচ্চন পৰিয়ালৰ বোৱাৰী আৰু বিয়াৰ আগৰে পৰা ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আহিছে। অৱশ্যে, বিবাহৰ পূৰ্বে কিন্তু ঐশ্বৰ্য আৰু অভিষেকৰ সম্পৰ্কক লৈ তেনেকৈ ৰাজহুৱা তথ্য প্ৰকাশ হোৱা নাই। তেওঁলোকৰ এই সম্পৰ্কৰ বিষয়ে এতিয়া সকলোৱে জানিবলৈ উত্‍সুক। ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি ভালদৰে চলি আহিছে। দুয়ো ভাল কাপল হিচাপেও আছে সুনাম।

কিন্তু আপুনি জানেনে অভিষেক বচ্চনে ঐশ্বৰ্য ৰায়ক কেনেকৈ ভালপোৱাৰ প্ৰস্তাৱ দিছিল?  প্ৰথমতে কিন্তু কোনেও নাজানিছিল যে ঐশ্বৰ্য ৰায় আৰু অভিষেক বচনে ইজনে সিজনক ভাল পায় কিন্তু তেওঁলোক দুয়ো বিবাহৰ সিদ্ধান্তও লৈছিল। কিন্তু এটা সাক্ষাৎকাৰত ঐশ্বৰ্য ৰায়ে এই বিষয়ে মুকলি মন্তব্য কৰা দেখা গৈছে। ঐশ্বৰ্য ৰায়ে কৈছে যে, তেওঁ সেই সময়ত অভিষেক বচ্চনৰ সৈতে ‘গুৰু’ ছবিৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত আছিল। ছবিখন কেইদিনমানৰ ভিতৰতে মুক্তি পোৱাৰ কথা আছিল। তেতিয়াই অভিষেক বচ্চনে এখন হোটেলত এটা পাৰ্টী দিছিল। ঘটনাটো ঘটিছিল নিউয়ৰ্কত। সেই হোটেলখনতে এখন বেলকনি আছিল আৰু অভিষেক বচ্চনে সেই বেলকনিতে আঁঠু কাঢ়ি ঐশ্বৰ্য ৰায়ক ভালপোৱাৰ প্ৰস্তাৱ দিছিল। 

ঐশ্বৰ্য ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰিছে আৰু তেওঁ নিজৰ অভিজ্ঞতাৰ বিষয়েও মুকলি মন্তব্য কৰিছে। যেতিয়া অভিষেক বচ্চনে তেওঁক প্ৰস্তাৱ দিছিল, তেতিয়া কেনে  অনুভৱ হৈছিল ঐশ্বৰ্যৰ? এই বিষয়ে সোধাত তেওঁ কয়, ‘মই যেন সাগৰৰ মাজত থিয় হৈ আছো আৰু সাগৰীয় বতাহে মোক নিজৰ ফালে টানি নিছে। এয়া সম্পূৰ্ণ হলিউড চলচ্চিত্ৰৰ দৰে দৃশ্য আছিল।’

মন কৰিবলগীয়া যে, ঐশ্বৰ্য ৰায়ে অভিষেক বচ্চনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাৰপাছতে ঐশ্বৰ্য ৰায়ে সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰিছিল।  ‘যোধা আকবৰ’ চলচ্চিত্ৰখনৰ ‘খোজা মেৰে খোজা’ গীতটোৰ দৃশ্যগ্ৰহণৰ সময়ত নিজকে নতুন পত্নীৰ দৰে অনুভৱ হৈছিল হেনো ঐশ্বৰ্যৰ। ঐশ্বৰ্যৰ বাবে এই অনুভৱ আছিল সুকীয়া। আৰু এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কেইদিনমান পাছতে অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ঐশ্বৰ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
কৃষকসকল দেশৰ বিকাশৰ যাত্ৰাৰ গুৰুত্বপূৰ্ণ অংশ: প্রধানমন্ত্রী, ৩৫,৪৪০ কোটি টকা ব্যয়সাপেক্ষে কৃষিখণ্ডৰ দুখন নতুন আঁচনি মুকলি
ফিল্মফেয়াৰ এৱাৰ্ডছ ২০২৫ ; সৰ্বাধিক বঁটাৰে বিজয়ী শিখৰত 'লাপাতা লেডিজ'
জুবিন গাৰ্গৰ নামত উছর্গিত হ'ব মাজুলীৰ আগন্তুক ৰাসোৎসৱ, দীপাৱলীত ফটকাৰ পৰিৱৰ্তে চাকিৰে উজলিব নদীদ্বীপ
ৰাজ্যত ৩৮%লৈ বৃদ্ধি পাব মিঞা, পৰৱৰ্তী লোকপিয়ল সন্দৰ্ভত ডিব্ৰুগড়ত মুখ্যমন্ত্ৰীৰ বিস্ফোৰক মন্তব্য
চন্দ্ৰপুৰত বন্যহস্তীৰ সন্ত্ৰাস ;আমচাং অভয়াৰণ্যৰ পৰা নামি অহা হাতীয়ে ভাঙিলে দুখনকৈ ৰিজৰ্ট
বাঁহীবাদক দীপক শর্মালৈ জুবিন গাৰ্গ স্মাৰক বঁটা
৮ অক্টোবৰত ভাৰতলৈ আহিব ব্রিটিছ প্রধানমন্ত্রী ষ্টাৰ্মাৰ
আজি ধনৰ অধিষ্ঠাত্ৰী দেৱী শ্ৰী শ্ৰী লক্ষ্মী পূজা
ডুমডুমাত চোৰৰ উপদ্ৰৱ; আৰক্ষীৰ তৎপৰতাত চুৰি সামগ্ৰীসহ গ্ৰেপ্তাৰ চোৰ
ৰাজ্যজুৰি জুবিন গাৰ্গৰ ৰাজহুৱা আদ্যশ্রাদ্ধ
প্রলয়ংকৰী বান, ভূমিস্খলন, দার্জিলিঙত ২০, নেপালত ৫১জনৰ মৃত্যু
এন জি অ'ৰ নামত বিদেশী পুঁজি সংগ্রহ সন্ত্রাসবাদীৰ, ভাৰতীয় চোৰাংচোৱাৰ প্ৰতিবেদনত পোহৰলৈ আহিছে উদ্বেগজনক তথ্য
ইণ্ডিয়ান বুক অব্ ৰেকৰ্ডছত নাম সন্নিৱিষ্ট নলবাৰীৰ আইনুলৰ, নিজৰ ১১টা কবিতা গামোচাত লিখি লাভ কৰিছে সমাদৰ
সৌৰজগতত নতুন গ্ৰহৰ সন্ধান