--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ বলীউড জগতৰ কেইগৰাকীমান জনপ্ৰিয় অভিনেত্ৰীৰ ভিতৰত অন্যতম এগৰাকী হৈছে ঐশ্বৰ্য ৰায় বচ্চন। অভিনয় দক্ষতাৰ জৰিয়তে ইতিমধ্যে অনুৰাগীৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে ঐশ্বৰ্যই। তেওঁ বচ্চন পৰিয়ালৰ বোৱাৰী আৰু বিয়াৰ আগৰে পৰা ছ'চিয়েল মিডিয়াত চৰ্চিত হৈ আহিছে। অৱশ্যে, বিবাহৰ পূৰ্বে কিন্তু ঐশ্বৰ্য আৰু অভিষেকৰ সম্পৰ্কক লৈ তেনেকৈ ৰাজহুৱা তথ্য প্ৰকাশ হোৱা নাই। তেওঁলোকৰ এই সম্পৰ্কৰ বিষয়ে এতিয়া সকলোৱে জানিবলৈ উত্‍সুক। ঐশ্বৰ্য ৰায় আৰু অভিষেক বচ্চনৰ সম্পৰ্ক দীৰ্ঘদিন ধৰি ভালদৰে চলি আহিছে। দুয়ো ভাল কাপল হিচাপেও আছে সুনাম।

কিন্তু আপুনি জানেনে অভিষেক বচ্চনে ঐশ্বৰ্য ৰায়ক কেনেকৈ ভালপোৱাৰ প্ৰস্তাৱ দিছিল?  প্ৰথমতে কিন্তু কোনেও নাজানিছিল যে ঐশ্বৰ্য ৰায় আৰু অভিষেক বচনে ইজনে সিজনক ভাল পায় কিন্তু তেওঁলোক দুয়ো বিবাহৰ সিদ্ধান্তও লৈছিল। কিন্তু এটা সাক্ষাৎকাৰত ঐশ্বৰ্য ৰায়ে এই বিষয়ে মুকলি মন্তব্য কৰা দেখা গৈছে। ঐশ্বৰ্য ৰায়ে কৈছে যে, তেওঁ সেই সময়ত অভিষেক বচ্চনৰ সৈতে ‘গুৰু’ ছবিৰ দৃশ্যগ্ৰহণৰ কামত ব্যস্ত আছিল। ছবিখন কেইদিনমানৰ ভিতৰতে মুক্তি পোৱাৰ কথা আছিল। তেতিয়াই অভিষেক বচ্চনে এখন হোটেলত এটা পাৰ্টী দিছিল। ঘটনাটো ঘটিছিল নিউয়ৰ্কত। সেই হোটেলখনতে এখন বেলকনি আছিল আৰু অভিষেক বচ্চনে সেই বেলকনিতে আঁঠু কাঢ়ি ঐশ্বৰ্য ৰায়ক ভালপোৱাৰ প্ৰস্তাৱ দিছিল। 

ঐশ্বৰ্য ৰায়ে সংবাদ মাধ্যমৰ সন্মুখত এই কথা ঘোষণা কৰিছে আৰু তেওঁ নিজৰ অভিজ্ঞতাৰ বিষয়েও মুকলি মন্তব্য কৰিছে। যেতিয়া অভিষেক বচ্চনে তেওঁক প্ৰস্তাৱ দিছিল, তেতিয়া কেনে  অনুভৱ হৈছিল ঐশ্বৰ্যৰ? এই বিষয়ে সোধাত তেওঁ কয়, ‘মই যেন সাগৰৰ মাজত থিয় হৈ আছো আৰু সাগৰীয় বতাহে মোক নিজৰ ফালে টানি নিছে। এয়া সম্পূৰ্ণ হলিউড চলচ্চিত্ৰৰ দৰে দৃশ্য আছিল।’

মন কৰিবলগীয়া যে, ঐশ্বৰ্য ৰায়ে অভিষেক বচ্চনৰ প্ৰস্তাৱ গ্ৰহণ কৰিছিল। তাৰপাছতে ঐশ্বৰ্য ৰায়ে সামাজিক মাধ্যমত তেওঁলোকৰ বিবাহৰ কথা ঘোষণা কৰিছিল।  ‘যোধা আকবৰ’ চলচ্চিত্ৰখনৰ ‘খোজা মেৰে খোজা’ গীতটোৰ দৃশ্যগ্ৰহণৰ সময়ত নিজকে নতুন পত্নীৰ দৰে অনুভৱ হৈছিল হেনো ঐশ্বৰ্যৰ। ঐশ্বৰ্যৰ বাবে এই অনুভৱ আছিল সুকীয়া। আৰু এই চলচ্চিত্ৰখনৰ দৃশ্যগ্ৰহণৰ কেইদিনমান পাছতে অভিষেক বচ্চনৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল ঐশ্বৰ্য।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ