--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচত চিনাকি ছন্দত দেখিবলৈ পোৱা গ’ল বাবৰ আজমক। দুৰন্ত শতকো অৰ্জন কৰে বাবৰে। অধিনায়ক হিচাপে বিৰাট কোহলীৰ অভিলেখ ভংগৰে নতুন অভিলেখ গঢ়িলে বাবৰ আজমে।

বুধবাৰে মুলটানত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন এদিনীয়া খেলত বাবৰে ১০৭টা বলত ১০৩ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। বাবৰৰ শতকীয় ইনিংছে দলটোৰ জয়ৰ ভেটি সুদৃঢ় হয়। অধিনায়ক হিচাপে  হাজাৰ ৰানৰ মাইলৰ খুঁটিও স্পৰ্শ কৰে খেলুৱৈগৰাকীয়ে।

অধিনায়ক হিচাপে হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ বাবৰক প্ৰয়োজন হৈছে মাত্ৰ ১৩টা ইনিংছৰ। ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ১৭টা ইনিংছ খেলিহে হাজাৰ ৰান সংগ্ৰহ কৰিছিল। তেনেস্থলত  কোহলীক অতিক্ৰমী পাক অধিনায়ক বাবৰে গঢ়িলে ইতিহাস। কেৱল কোহলীয়ে নহয়, অধিনায়ক হিচাপে হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ এবি ডি ভিলিয়াৰ্ছক ১৮টা ইনিংছ, কেন উইলিয়ামছনক ২০টা ইনিংছ আৰু এলেষ্টেয়াৰ কুকক ২১টা ইনিংছৰ প্ৰয়োজন হৈছিল।

স্মৰ্তব্য যে, বুধবাৰে  টছত জয়লাভ কৰি প্ৰথমে বেটিংৰ সিদ্ধান্ত লয় ৱেষ্ট ইণ্ডিজে। ৮ উইকেটত ৩০৫ ৰান কৰে তেওঁ। ছাই হোপে ১৩৪টা বলত ১২৭ ৰান সংগ্ৰহ কৰে। ছামৰাহ ব্ৰুকৰ বেটৰ পৰা আহে ৭০ ৰান।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ গৈ বাবৰৰ শতকীয় ইনিংছ, ইমাম-উল-হকৰ ৬৫ ৰান, মহম্মদ ৰিজৱানৰ ৫৯ আৰু খুছদিল শ্বাহৰ বেটৰ পৰা আহে  ৪১ ৰান। ৫টা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় বাবৰ বাহিনী। ৪টা বল বাকী থকা অৱস্থাত ৫ উইকেটত জয়লাভ কৰে পাকিস্তানে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ