--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে প্ৰথমখন এদিনীয়া মেচত চিনাকি ছন্দত দেখিবলৈ পোৱা গ’ল বাবৰ আজমক। দুৰন্ত শতকো অৰ্জন কৰে বাবৰে। অধিনায়ক হিচাপে বিৰাট কোহলীৰ অভিলেখ ভংগৰে নতুন অভিলেখ গঢ়িলে বাবৰ আজমে।

বুধবাৰে মুলটানত ৱেষ্ট ইণ্ডিজৰ বিৰুদ্ধে অনুষ্ঠিত প্ৰথমখন এদিনীয়া খেলত বাবৰে ১০৭টা বলত ১০৩ ৰানৰ দৰ্শনীয় ইনিংছ খেলে। বাবৰৰ শতকীয় ইনিংছে দলটোৰ জয়ৰ ভেটি সুদৃঢ় হয়। অধিনায়ক হিচাপে  হাজাৰ ৰানৰ মাইলৰ খুঁটিও স্পৰ্শ কৰে খেলুৱৈগৰাকীয়ে।

অধিনায়ক হিচাপে হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ বাবৰক প্ৰয়োজন হৈছে মাত্ৰ ১৩টা ইনিংছৰ। ভাৰতৰ প্ৰাক্তন অধিনায়ক বিৰাট কোহলীয়ে ১৭টা ইনিংছ খেলিহে হাজাৰ ৰান সংগ্ৰহ কৰিছিল। তেনেস্থলত  কোহলীক অতিক্ৰমী পাক অধিনায়ক বাবৰে গঢ়িলে ইতিহাস। কেৱল কোহলীয়ে নহয়, অধিনায়ক হিচাপে হাজাৰ ৰান সম্পূৰ্ণ কৰিবলৈ এবি ডি ভিলিয়াৰ্ছক ১৮টা ইনিংছ, কেন উইলিয়ামছনক ২০টা ইনিংছ আৰু এলেষ্টেয়াৰ কুকক ২১টা ইনিংছৰ প্ৰয়োজন হৈছিল।

স্মৰ্তব্য যে, বুধবাৰে  টছত জয়লাভ কৰি প্ৰথমে বেটিংৰ সিদ্ধান্ত লয় ৱেষ্ট ইণ্ডিজে। ৮ উইকেটত ৩০৫ ৰান কৰে তেওঁ। ছাই হোপে ১৩৪টা বলত ১২৭ ৰান সংগ্ৰহ কৰে। ছামৰাহ ব্ৰুকৰ বেটৰ পৰা আহে ৭০ ৰান।

প্ৰত্যুত্তৰত বেটিং কৰিবলৈ গৈ বাবৰৰ শতকীয় ইনিংছ, ইমাম-উল-হকৰ ৬৫ ৰান, মহম্মদ ৰিজৱানৰ ৫৯ আৰু খুছদিল শ্বাহৰ বেটৰ পৰা আহে  ৪১ ৰান। ৫টা উইকেট হেৰুৱাই নিৰ্দিষ্ট লক্ষ্যত উপনীত হয় বাবৰ বাহিনী। ৪টা বল বাকী থকা অৱস্থাত ৫ উইকেটত জয়লাভ কৰে পাকিস্তানে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
তিৰুপতি মন্দিৰলৈ ২৫০ কোটি টকাৰ ভেজাল ঘিউ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং