--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ আইপিএলত দেখুওৱা প্ৰদৰ্শনেৰে উমৰাণ মালিক, অৰ্শ্বদীপ সিং, তিলক বাৰ্মাৰ দৰে প্ৰতিভাৱান ক্ৰিকেটাৰে বিশ্ব ক্ৰিকেটৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। উমৰাণ মালিক আৰু অৰ্শ্বদীপ সিঙে দৰ্শনীয় প্ৰদৰ্শনেৰে দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান নিশ্চিত কৰিছে। ২০২২ চনৰ আইপিএলৰ আন এগৰাকী যুৱ তাৰকাই সমালোচকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে মহছিন খান। লক্ষ্ণৌৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল মহছিন খানে।

২০২২ চনৰ আইপিএলত মহছিন খানে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ ৯ খন মেচত ৫.৯৮ ইকনমীৰে মুঠ ১৪ টা উইকেট দখল কৰিছে। এই ছিজনত মহছিন খানে ৩০ অ’ভাৰতকৈ অধিক বলিং কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২০ লাখ টকাত বাছি লৈছিল মহছিন খানক।

নিজৰ ছাত্ৰৰ এনে প্ৰদৰ্শনক লৈ মুখ খুলিছিল প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকিয়ে। মহম্মদ ছামীৰ সৈতে ছিদ্দিকীয়ে মহছিন খানৰ বিষয়ে কি কথা পাতিছিল সেই কথা এতিয়া মুকলিকৈ কৈছে বদৰুদ্দিনে। স্প’ৰ্টছ ইয়াৰীৰ সৈতে হোৱা কথা-বতৰাত ছিদ্দিকীয়ে কয়, ‘নিলাম চলি থকাৰ সময়ত মই ছামীৰ সৈতে তেওঁৰ ফাৰ্মত বহি আছিলো। তেওঁৰ লগতে মহছিনকো নিৰ্বাচিত কৰা হৈছিল। তাৰ পিছত আমাৰ মাজত মহছিনৰ বিষয়ে কথা-বতৰা হ’ল৷ ছামীয়ে মোক কৈছিল, ‘তেওঁৰ লগত ৪মাহ সময় দিলে মই তেওঁক ভাৰতৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কৰি তুলিম।’ 

ছিদ্দিকীয়ে লগতে কয় যে, তৰুণ ক্ৰিকেটাৰ সকলৰ বাবে সদা সচেতন ছামী। ছিদ্দিকিয়ে কয়, ‘বলাৰ বহুতো থাকিব পাৰে, কিন্তু ভাল বুজাবুজি থাকিব লাগিব। কোন বেটছমেনৰ বিৰুদ্ধে কোনটো বল প্ৰয়োগ কৰিব লাগে সেইটো জানিব লাগিব। আজি ছামী বিশ্বমানৰ বলাৰ। কিন্তু তৰুণ ক্ৰিকেটাৰসকলক বাট দেখুৱাবলৈ সদায় সাজু ছামী।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ