--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ২০২২ চনৰ আইপিএলত দেখুওৱা প্ৰদৰ্শনেৰে উমৰাণ মালিক, অৰ্শ্বদীপ সিং, তিলক বাৰ্মাৰ দৰে প্ৰতিভাৱান ক্ৰিকেটাৰে বিশ্ব ক্ৰিকেটৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। উমৰাণ মালিক আৰু অৰ্শ্বদীপ সিঙে দৰ্শনীয় প্ৰদৰ্শনেৰে দক্ষিণ আফ্ৰিকা শৃংখলাৰ বাবে ভাৰতীয় দলত স্থান নিশ্চিত কৰিছে। ২০২২ চনৰ আইপিএলৰ আন এগৰাকী যুৱ তাৰকাই সমালোচকৰ হৃদয় জয় কৰিবলৈ সক্ষম হৈছে। তেওঁ হৈছে মহছিন খান। লক্ষ্ণৌৰ হৈ দুৰ্দান্ত প্ৰদৰ্শন আগবঢ়াইছিল মহছিন খানে।

২০২২ চনৰ আইপিএলত মহছিন খানে লক্ষ্ণৌ ছুপাৰ জায়েন্টছৰ হৈ ৯ খন মেচত ৫.৯৮ ইকনমীৰে মুঠ ১৪ টা উইকেট দখল কৰিছে। এই ছিজনত মহছিন খানে ৩০ অ’ভাৰতকৈ অধিক বলিং কৰিছে। লক্ষ্ণৌ ছুপাৰ জায়েন্টছে ২০ লাখ টকাত বাছি লৈছিল মহছিন খানক।

নিজৰ ছাত্ৰৰ এনে প্ৰদৰ্শনক লৈ মুখ খুলিছিল প্ৰশিক্ষক বদৰুদ্দিন ছিদ্দিকিয়ে। মহম্মদ ছামীৰ সৈতে ছিদ্দিকীয়ে মহছিন খানৰ বিষয়ে কি কথা পাতিছিল সেই কথা এতিয়া মুকলিকৈ কৈছে বদৰুদ্দিনে। স্প’ৰ্টছ ইয়াৰীৰ সৈতে হোৱা কথা-বতৰাত ছিদ্দিকীয়ে কয়, ‘নিলাম চলি থকাৰ সময়ত মই ছামীৰ সৈতে তেওঁৰ ফাৰ্মত বহি আছিলো। তেওঁৰ লগতে মহছিনকো নিৰ্বাচিত কৰা হৈছিল। তাৰ পিছত আমাৰ মাজত মহছিনৰ বিষয়ে কথা-বতৰা হ’ল৷ ছামীয়ে মোক কৈছিল, ‘তেওঁৰ লগত ৪মাহ সময় দিলে মই তেওঁক ভাৰতৰ শ্ৰেষ্ঠ অলৰাউণ্ডাৰ কৰি তুলিম।’ 

ছিদ্দিকীয়ে লগতে কয় যে, তৰুণ ক্ৰিকেটাৰ সকলৰ বাবে সদা সচেতন ছামী। ছিদ্দিকিয়ে কয়, ‘বলাৰ বহুতো থাকিব পাৰে, কিন্তু ভাল বুজাবুজি থাকিব লাগিব। কোন বেটছমেনৰ বিৰুদ্ধে কোনটো বল প্ৰয়োগ কৰিব লাগে সেইটো জানিব লাগিব। আজি ছামী বিশ্বমানৰ বলাৰ। কিন্তু তৰুণ ক্ৰিকেটাৰসকলক বাট দেখুৱাবলৈ সদায় সাজু ছামী।’
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
২০২৭ত মহাকাশলৈ মানৱসহ ভাৰতে প্ৰেৰণ কৰিব প্ৰথমখন মহাকাশ যান, ২০২৮ চনত চন্দ্রলৈ প্ৰেৰণৰ লক্ষ্য চন্দ্রযান-৪
সেমেকা মন, সেমেকা দুচকু; ‘হিয়াৰ আমঠু’ অবিহনে আজি প্ৰথমটো জন্মদিন উদযাপন অসমীয়াৰ
নগৰবেৰাত ১২টা চুৰি গৰু জব্দ; গ্ৰেপ্তাৰ দুই সৰবৰাহকাৰী চাত্তাৰ আলী আৰু আবেদ আলী
ডিগবৈত ভয়ংকৰ পথ দুৰ্ঘটনা; ডাম্পাৰ-মটৰচাইকেলৰ মুখামুখি সংঘৰ্ষত থিতাতে নিহত সেনা জোৱান
মহাৰাষ্ট্ৰত মহাবিকাশ অঘাড়ীত বিভাজনৰ সম্ভাৱনা, BMCৰ নিৰ্বাচনত অকলে যুঁজিব কংগ্ৰেছে
প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ ওপজা দিন ৩ দিনীয়াকৈ উদযাপন আছুৰ
ৰূপহীহাটৰ ঔআনাত বৃহৎ পৰিমাণৰ নিষিদ্ধ ক'ফ চিৰাফ জব্দ; আটক ৰফিকুল ইছলাম
কেপচিকামৰ নানা স্বাস্থ্য উপকাৰী গুণ
হাজো উচ্চতৰ মাধ্যমিক বিদ্যালয়ত হুৱাদুৱা! বিদ্যালয়খনৰ পুৰণি বিজ্ঞান ভৱনৰ দুৱাৰত দুৰ্বৃত্তই লগাই দিলে জুই
দিল্লীত বছৰটোৰ ভিতৰতে সবাতোকৈ শোচনীয় বায়ুৰ মান সূচকাংক
ফতেহপুৰৰ ঘৰে ঘৰে চলালে তালাচী; ফালাহ বিশ্ববিদ্যালয়ত এহাজাৰ আৰক্ষীৰ
ঘৰত অপৰাজিতাৰ ফুল থকাটো অতি শুভ! কোন দিশত ৰোপণ কৰিলে শুভফল পোৱা যায়, জানেনে?
দিল্লী ৰক্তাক্ত কৰা ৫ ডাক্তৰৰ গেং
ৰাজ্যত পুনৰ বন্যহস্তীৰ কৰুণ মৃত্যু , এমাহৰ ভিতৰতে চাৰিটাকৈ বন্যহস্তীৰ মৃত্যু ওদালগুৰিত