--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ পৃথিৱীত কেতিয়াবা কিছুমান আচৰিত ঘটনা সংঘটিত হয়। কেতিয়াবা কিছুমান ঘটনা একেলগে এনেদৰে ঘটে যে বিশ্বাস কৰাটো কঠিন হৈ পৰে। এই পৃথিৱীত কাকতলীয়াকৈ যিকোনো কথাই সম্ভৱ হ’ব পাৰে। আমেৰিকাৰ(America) অৰেঞ্জ কাউন্টিত এনে এটা ঘটনা সংঘটিত হৈছে যিয়ে সকলোকে আচৰিত কৰি তুলিছে। একেদিনাই একেখন হাস্পতালত দেখাত একে সন্তান জন্ম দিলে যমজ ভগ্নীয়ে! এই কথাত সকলো আচৰিত হৈ পৰিছে। আমেৰিকা নিৱাসী এই যমজ ভগ্নীৰ নাম হৈছে জিল জাষ্টিনিয়ানি আৰু এৰিন চেপ্লাক। 

দুয়ো একেদিনাই একেখন চালিৰ তলত অৰ্থাৎ একেখন চিকিৎসালয়তে দেখাত একে সন্তান জন্ম দিছে। জিল আৰু এৰনৰ জীৱনত ঘটা এই ঘটনাত চিকিৎসকসকলো আচৰিত হৈ পৰিছে। দুই ভগ্নীৰ গৰ্ভৰ পৰা হুবহু একে জোখ-মাখৰ দুটা পুত্ৰ সন্তানৰ জন্ম হৈছিল। দুয়োটা নৱজাতক শিশুৰ ওজন আছিল ৭ পাউণ্ড, ৩ আউন্স আৰু জন্মৰ সময়ত তেওঁলোকৰ উচ্চতাও একে আছিল অৰ্থাৎ ২০ ইঞ্চি। 

জিল আৰু এৰিনে কয় যে, ''আমি সদায় ইজনে সিজনৰ ওচৰত আছিলো। আমি এতিয়ালৈকে একে জীৱন কটাই আহিছো। সেইবাবেই জীৱনৰ এই গুৰুত্বপূৰ্ণ অংশটোও অৰ্থাৎ মাতৃত্বৰ বাবে সুখী হ’ব বিচৰাৰ ধাৰণাটোও আমাৰ মাজলৈ একেলগে আহিল। তেতিয়া আমি একেলগে অৰ্থাৎ একে সময়তে মাতৃ হোৱাৰ সিদ্ধান্ত লৈছিলোঁ। গৰ্ভাৱস্থাৰ প্ৰতিটো পৰ্যায়তে আমি দুয়োজনে ইজনে সিজনক সহায় কৰিছিলোঁ। আমাৰ আৱেগিক বন্ধনৰ বাবে আমি গোটেই ৯ মাহ ইজনে সিজনৰ লগত গৰ্ভাৱস্থাৰ দৈনন্দিন শাৰীৰিক পৰিৱৰ্তন আৰু অভিজ্ঞতাসমূহ শ্বেয়াৰ কৰিছিলোঁ।'' 

উল্লেখ্য যে মাতৃত্ব অৰ্জন কৰাৰ পাছত সকলো মহিলাৰ শাৰীৰিক অৱস্থা একে নাথাকে। সেয়েহে শাৰীৰিক অৱস্থাৰ প্ৰতি লক্ষ্য ৰাখি মহিলাসকলক হাস্পতালৰ পৰা ৰিলিজ দিয়া হয় কিন্তু আচৰিত কথাটো হ'ল যমজ ভগ্নী জিল আৰু এৰনক একে সময়তে হাস্পতালৰ পৰা ৰিলিজ দিয়া হৈছিল। সন্তান জন্ম দিয়াৰ পাছতো আনকি দুয়োৰে সকলোখিনি একে আছিল..যি কথাই সকলোকে ভাবিবলৈ বাধ্য কৰাইছে সঁচাই এই পৃথিৱীত কেতিয়াবা অবিশ্বাস্য ঘটনা কিছুমান সংঘটিত হয়, যাৰ ৰহস্য কোনেও উদঘাটন কৰিব নোৱাৰে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ