--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : পূৰ্বে ধাৰণা কৰাতকৈ হ্ৰাস পাব ভাৰতৰ জিডিপিৰ বিকাশ। ২০২২ চনত ভাৰতৰ জিডিপিৰ বিকাশৰ হাৰ ৬.৪শতাংশ হ’ব বুলি ধাৰণা কৰা হৈছে। পূৰ্বে ভাৰতৰ জিডিপিৰ বিকাশৰ হাৰ ৮.৮ শতাংশ হ’ব বুলি পূৰ্বানুমান কৰা হৈছিল। কিন্তু শেহতীয়াকৈ এই হাৰ হ্ৰাস পাব বুলি ধাৰণা কৰা হৈছে। ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনতে এই তথ্য প্ৰকাশ পাইছে। জিডিপিৰ বিকাশত ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই গোলকীয়ভাৱে প্ৰভাৱ পেলোৱাৰ পৰিপ্ৰেক্ষিতত ভাৰতো প্ৰভাৱিত হোৱাৰ কথা এই প্ৰতিবেদনত প্ৰকাশ কৰা হৈছে। অৱশ্যে, তাৰ পাছতো বিশ্বৰ ভিতৰতে ভাৰতৰ অৰ্থনৈতিক বিকাশৰ হাৰ দ্ৰুততম হৈ থাকিব বুলি কোৱা হৈছে।

ৰাষ্ট্ৰসংঘৰ ডিপাৰ্টেমেণ্ট অব ইক’নমিক এণ্ড ছ’চিয়েল এফেয়াৰ্ছৰ ৱৰ্ল্ড ইক’নমিক ছিটুৱেচন এণ্ড প্ৰছপেক্টছ (ডব্লিউ ই এছ পি)ৰ প্ৰতিবেদন বুধবাৰে প্ৰকাশ পায়। এই প্ৰতিবেদনত ভালেমান উদ্বেগজনক তথ্য প্ৰকাশ কৰিছে। এই প্ৰতিবেদন অনুসৰি ৰাছিয়া ইউক্ৰেইনৰ যুদ্ধই মহামাৰীৰ সময়ত ভংগুৰ ৰূপ লোৱা বিশ্ব অৰ্থনীতিৰ ওপৰত অধিক ক্ষয়ংকৰ প্ৰভাৱ পেলাইছে। বিশেষকৈ ইউৰোপত এক বিধ্বংসী মানৱীয় সংকট সৃষ্টিৰ আশংকা সৃষ্টি কৰিছে। খাদ্য আৰু অত্যাৱশ্যকীয় সামগ্ৰীৰ ব্যাপক মূল্যবৃদ্ধিৰ আশংকা কৰা হৈছে সমগ্ৰ ইউৰোপতে। কেৱল ইউৰোপতে নহয়, সমগ্ৰ বিশ্বতে মুদ্ৰাস্ফীতিয়ে এক অভূতপূৰ্ব ৰূপ ধাৰণ কৰাৰ আশংকা সৃষ্টি হৈছে।  

তাৎপৰ্যপূৰ্ণভাৱে ২০২২ চনত গোলকীয় অৰ্থনীতিৰ বিকাশৰ হাৰ ৩.১ শতাংশ হোৱাৰ পূৰ্বানুমান কৰা হৈছে। এই বছৰৰ জানুৱাৰী মাহত অৰ্থনৈতিক বিকাশৰ এই হাৰ ৪ শতাংশ হ’ব বুলি ধাৰণা কৰা হৈছিল যদিও সেই হাৰ হ্ৰাস হোৱাৰ আশংকা কৰা হৈছে। আনহাতো গোলকীয় মুদ্ৰাস্ফীতিৰ বাৰ ৬.৭শতাংশলৈ বৃদ্ধিৰ পূৰ্বানুমান কৰা হৈছে। ২০১০-২০২০ চনৰ সময়ছোৱাত এই হাৰ আছিল ২.৯ শতাংশ। অৰ্থাৎ এতিয়া এই হাৰ বৃদ্ধি পাইছে দুগুণতকৈও অধিক হাৰত। খাদ্যসামগ্ৰী আৰু ইন্ধনৰ দামবৃদ্ধিয়ে এইক্ষেত্ৰত ব্যাপক প্ৰভাৱ বিস্তাৰ কৰাৰ আশংকা কৰা হৈছে। এই প্ৰতিবেদন অনুসৰি শেহতীয়া কেইটামান মাহত দক্ষিণ এছিয়াৰ পৰিস্থিতিৰঅ অৱনতি ঘটিছে।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ