--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : টেনিছক বিদায় জনাব ভাৰতীয় তাৰকা ছানিয়া মিৰ্জাই! ছানিয়াই এই বছৰৰ ইউএছ অ'পেনৰ পাছতে টেনিছক বিদায় জনাব বুলি চৰ্চা চলা দেখিবলৈ পোৱা গৈছে। কাৰণ এই বছৰটো খেলুৱৈগৰাকীৰ টেনিছ কেৰিয়াৰৰ শেষ বছৰ হ'ব বুলি ছানিয়াই পূৰ্বে মন্তব্য কৰিছিল। কিন্তু তেওঁ কেতিয়া অৱসৰ ল'ব সেয়া সঠিককৈ কোৱা নাছিল। 

ছানিয়াই মঙলবাৰে কৈছিল যে, তেওঁ বছৰটোৰ অন্তিম গ্ৰেণ্ড শ্লাম ইউএছ অপেন খেলি অৱসৰ লোৱাৰ পৰিকল্পনা কৰিছে। অৱশ্যে, যদি তেওঁ নতুনকৈ আঘাতপ্ৰাপ্ত হয়, তেন্তে তেওঁ তাৰ পূৰ্বেও অব্যহতি ল'ব পাৰে৷ ছটা গ্ৰেণ্ডশ্লেম বঁটা লাভ কৰিবলৈ সক্ষম হোৱা তাৰকা খেলুৱৈগৰাকীয়ে বৰ্তমান ফ্ৰেঞ্চ অ'পেনৰ বাবে প্ৰস্তুতি চলাই আছে। 

তেওঁ এতিয়া ৰোমৰ ক্লে’ ক’ৰ্টত ইটালিয়ান অ'পেন খেলি আছে। ছানিয়াৰ যুটিটো হৈছে লুচি ৰাদেকাহ। সোমবাৰে প্ৰথম ৰাউণ্ডত ছানিয়া-ৰাদেকাৰ যুটিয়ে পোলেণ্ডৰ এলিছায়া ৰোচোলস্কা আৰু নিউজিলেণ্ডৰ এৰিন ৰুটলিফৰ যুটিটোক ৬-১, ৬-২ত পৰাজিত কৰিছিল। ষষ্ঠস্থান প্ৰাপ্ত ছানিয়াই এলিনা ৰিবাকিনা-লিউডমিলা চেমচোভাৰ যুটিৰ সৈতে প্ৰাক-কোৱাৰ্টাৰত খেলিব।

ছানিয়াই কৈছিল যে যদি তেওঁৰ শৰীৰ ভালে থাকে বা নতুনকৈ আঘাতপ্ৰাপ্ত নহয় তেন্তে তেওঁ ফ্ৰেঞ্চ অ'পেনৰ পাছত বছৰটোৰ বাকী দুটা গ্ৰেণ্ডশ্লেম উইম্বলডন আৰু ইউএছ অ'পেনতো খেলিব। অৱশ্যে, তেওঁ এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই যে তেওঁ কোনবোৰ প্ৰস্তুতি প্ৰতিযোগিতাত খেলিব।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
৩.৫৯%! ৰাজ্যত ছমাহত মুদ্রাস্ফীতিৰ ভয়াৱহ ৰূপ
উপভোক্তাৰ পক্ষত ই-২০ পেট্র’ল বিষয়ক প্রথমটো গোচৰৰ ৰায়
গোসাইগাঁৱৰ বল্লামগুৰিত মাৰণাস্ত্ৰসহ চাৰিজন ছুপাৰী কিলাৰক আটক
ওজন কমোৱাত সহায় কৰে ব্লেক কফিয়ে; আপুনি খায়নে?
তিনিচুকীয়াত মানৱতাৰ নিদৰ্শন: হাঁহ ভক্ষণৰ পাছতো অজগৰক সুৰক্ষিতভাৱে উদ্ধাৰ
গুৱাহাটীত ২৫০০ কোটি টকাৰ ভূগৰ্ভস্থ বিদ্যুৎ প্ৰকল্পৰ পৰিকল্পনা
ৰাষ্ট্ৰীয় ঘাইপথত প্ৰতিবাদ: দুগৰাকী চাহ শ্ৰমিকৰ শোকাবহ মৃত্যুক লৈ উত্তাল পৰিস্থিতি
১৯ জুলাইত বিশ্বকাপ ফাইনেল; অতীতৰ শাসনকৰ্তা স্পেইনৰ বিৰুদ্ধে যুঁজিব একালৰ শোষিত আৰ্জেণ্টিনাই
১৯ নম্বৰৰ সৈতে আচৰিত সংযোগ মেছি আৰু য়ামালৰ
কঁঠাল গুটিৰ আছে নানা স্বাস্থ্য উপকাৰী গুণ; নোখোৱাকৈ নাথাকিব
বিশ্বনাথৰ বালিপুখুৰীত বোৱাৰীৰ ৰহস্যজনক মৃত্যু; হত্যাৰ অভিযোগত স্বামীসহ তিনিজনক আটক
ব্ৰহ্মপুত্ৰৰ ওপৰত চীনৰ নির্মীয়মাণ সর্ববৃহৎ বান্ধে নমাব মহাপ্রলয়
Advertisement