--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ সামৰণি পৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ছিজন আৰম্ভ হৈছে। সম্প্ৰতি, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা চলি আছে। এই শৃংখলাৰ সামৰণিৰ পিছতে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণ। পিছে এই সময়ছোৱাত দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত নাথাকে ৰাহুল দ্ৰাবিড়। আগন্তুক আয়াৰলেণ্ড ভ্ৰমণত ৰাহুলৰ পৰিৱৰ্তে ভাৰতীয় প্ৰশিক্ষকৰ ভূমিকাত দেখিবলৈ পোৱা যাব ভিভিএছ লক্ষ্মণক।

১ জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰতৰ ইংলেণ্ড ভ্ৰমণ। এই সময়ছোৱাতে আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’ব টি-২০ ছিৰিজ। সেয়েহে একে সময়তে দুয়োটা দলক নেতৃত্ব দিয়াটো দ্ৰাবিড়ৰ পক্ষে সম্ভৱপৰ নহ’ব। সেইবাবেই নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী ভি ভি এছ লক্ষ্মণৰ প্ৰশিক্ষণত ভাৰতে আয়াৰলেণ্ডলৈ প্ৰেৰণ কৰিব টি-২০ৰ বিশেষজ্ঞ দল।

লক্ষ্মণৰ লগতে সীতাংশু কোটাক, ছিৰাজ বাহুতুলে আৰু মুনিষ বালিকো কোচিং ষ্টাফৰ অংশ হিচাপে প্ৰেৰণ কৰা হ’ব বুলি চৰ্চা চলিছে। এই সময়ছোৱাত সীতাংশু কোটাকে ভাৰতীয় দলটোৰ বেটিং প্ৰশিক্ষক হিচাপে দায়িল ত্বত থাকিব। আনহাতে, অনূৰ্ধ্ব-১৯ বিশ্বকাপৰ সময়ত বালি আৰু বাহুতুলেও ভাৰতীয় দলৰ অংশ আছিল। তেওঁলোক ক্ৰমে ফিল্ডিং আৰু বলিং বিভাগৰ প্ৰশিক্ষক হিচাপে জড়িত থাকিব।

বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, জ্যেষ্ঠ প্ৰশিক্ষক ষ্টাফ ইংলেণ্ডলৈ যোৱাৰ পিছত বালি, বাহুতুলে আৰু কোটাক, ৰাজকোট আৰু বেংগালুৰুই বাকী ছিৰিজ কেইখনৰ দায়িত্ব ল’ব। ইতিমধ্যে জ্যেষ্ঠ দলটোৰ সৈতে তেওঁলোক আছেই আৰু জ্যেষ্ঠ প্ৰশিক্ষক কৰ্মচাৰীসকল গুচি গ’লে দায়িত্ব ল’বলৈ সাজু বুলিও জানিবলৈ পোৱা গৈছে । আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলটো এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও অতি সোনকালে ঘোষণা কৰা হ’ব বুলিও সদৰী কৰিছে বিচিচিআই-এ।
 
FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ