--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আইপিএলৰ সামৰণি পৰাৰ লগে লগে আন্তঃৰাষ্ট্ৰীয় ক্ৰিকেট ছিজন আৰম্ভ হৈছে। সম্প্ৰতি, দক্ষিণ আফ্ৰিকাৰ বিৰুদ্ধে টি-২০ শৃংখলা চলি আছে। এই শৃংখলাৰ সামৰণিৰ পিছতে আয়াৰলেণ্ড আৰু ইংলেণ্ড ভ্ৰমণ। পিছে এই সময়ছোৱাত দলটোৰ প্ৰশিক্ষকৰ দায়িত্বত নাথাকে ৰাহুল দ্ৰাবিড়। আগন্তুক আয়াৰলেণ্ড ভ্ৰমণত ৰাহুলৰ পৰিৱৰ্তে ভাৰতীয় প্ৰশিক্ষকৰ ভূমিকাত দেখিবলৈ পোৱা যাব ভিভিএছ লক্ষ্মণক।

১ জুলাইৰ পৰা আৰম্ভ হ’ব ভাৰতৰ ইংলেণ্ড ভ্ৰমণ। এই সময়ছোৱাতে আয়াৰলেণ্ডৰ বিৰুদ্ধে আৰম্ভ হ’ব টি-২০ ছিৰিজ। সেয়েহে একে সময়তে দুয়োটা দলক নেতৃত্ব দিয়াটো দ্ৰাবিড়ৰ পক্ষে সম্ভৱপৰ নহ’ব। সেইবাবেই নেচনেল ক্ৰিকেট একাডেমীৰ মুৰব্বী ভি ভি এছ লক্ষ্মণৰ প্ৰশিক্ষণত ভাৰতে আয়াৰলেণ্ডলৈ প্ৰেৰণ কৰিব টি-২০ৰ বিশেষজ্ঞ দল।

লক্ষ্মণৰ লগতে সীতাংশু কোটাক, ছিৰাজ বাহুতুলে আৰু মুনিষ বালিকো কোচিং ষ্টাফৰ অংশ হিচাপে প্ৰেৰণ কৰা হ’ব বুলি চৰ্চা চলিছে। এই সময়ছোৱাত সীতাংশু কোটাকে ভাৰতীয় দলটোৰ বেটিং প্ৰশিক্ষক হিচাপে দায়িল ত্বত থাকিব। আনহাতে, অনূৰ্ধ্ব-১৯ বিশ্বকাপৰ সময়ত বালি আৰু বাহুতুলেও ভাৰতীয় দলৰ অংশ আছিল। তেওঁলোক ক্ৰমে ফিল্ডিং আৰু বলিং বিভাগৰ প্ৰশিক্ষক হিচাপে জড়িত থাকিব।

বিচিচিআইৰ এক সূত্ৰই পিটিআইক জনোৱা মতে, জ্যেষ্ঠ প্ৰশিক্ষক ষ্টাফ ইংলেণ্ডলৈ যোৱাৰ পিছত বালি, বাহুতুলে আৰু কোটাক, ৰাজকোট আৰু বেংগালুৰুই বাকী ছিৰিজ কেইখনৰ দায়িত্ব ল’ব। ইতিমধ্যে জ্যেষ্ঠ দলটোৰ সৈতে তেওঁলোক আছেই আৰু জ্যেষ্ঠ প্ৰশিক্ষক কৰ্মচাৰীসকল গুচি গ’লে দায়িত্ব ল’বলৈ সাজু বুলিও জানিবলৈ পোৱা গৈছে । আয়াৰলেণ্ড ভ্ৰমণৰ বাবে ভাৰতীয় দলটো এতিয়াও ঘোষণা কৰা হোৱা নাই যদিও অতি সোনকালে ঘোষণা কৰা হ’ব বুলিও সদৰী কৰিছে বিচিচিআই-এ।
 

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ