--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম্বানী- নামেই যাৰ পৰিচয়। বিভিন্ন সময়ত বিভিন্ন খবৰৰ বাবে চৰ্চালৈ আহে আম্বানী পৰিয়াল। সম্প্ৰতি, আম্বানী পৰিয়ালৰ স্বত্বাধীকাৰী দুজন। তেওঁলোক হৈছে ধীৰুভাই আম্বানীৰ পুত্ৰ মুকেশ আম্বানী আৰু অনিল আম্বানী। কিন্তু এই মুহূৰ্তত, আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰ অনিল আম্বানীৰ পত্নী টিনা আম্বানীৰ বিষয়ে এটা খবৰ পোহৰলৈ আহিছে। এই খবৰে আচৰিত কৰি তুলিব আপোনাকো। টিনা আম্বানীৰ বিষয়ে ওলাইছে নানা কথা। টিনাৰ যৌৱনকালত বলীউডৰ এজন বিখ্যাত নায়কৰ প্ৰেমত হাবু ডুবু খাইছিল টিনাই। এসময়ত টিনা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আছিল। কিন্তু সম্প্ৰতি তেওঁ তেওঁৰ অভিনয়ৰ বাবে নহয় অভিনেত্ৰীগৰাকী  ছ’চিয়েল মিডিয়াত চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে এটা সম্পৰ্কৰ বাবে। এই সম্পৰ্কও পিছে দৃষ্টিনন্দন। বলীউড অভিনেতা সঞ্জয় দত্তৰ সৈতে টিনাৰ আছিল নিবিড় সম্পৰ্ক।

টিনা আম্বানী আগতে বলীউডৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী আছিল। তেতিয়া টিনা মুনিম নামেৰে কেইবাখনো হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে এতিয়াৰ অনিল আম্বানীৰ পত্নীয়ে। সঞ্জয় দত্তৰ সৈতে ‘ৰকী’ ছবিত অভিনয় কৰোঁতে তেওঁৰ সৈতে প্ৰেমত পৰিছিল অভিনেত্ৰী টিনাই। সঞ্জয় দত্তৰে সম্পৰ্ক ইমানেই গভীৰ হৈ পৰিছিল যে দুয়োৰে মাজত বিয়াৰো গুঞ্জন উঠিছিল। অৱশ্যে, তেওঁলোকৰ এই সম্পৰ্কই অৱেশেষত পূৰ্ণতা নাপালে। ইয়াৰ কাৰণ আছিল সঞ্জয় দত্তৰ একাধিক বেয়া ৰুচি। টিনাৰ সৈতে থকা সময়ছোৱাতে সঞ্জয় দত্ত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰতি অত্যন্ত আকৰ্ষিত হৈছিল। 

সঞ্জয়ৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষণ ইমানে বৃদ্ধি পাইছিল যে, নিশা বহু পৰলৈ তেওঁ ঘৰৰ বাহিৰতে আছিল,পত্নীক লৈ নাছিল কোনো চিন্তা,সকলো কথাই যেন এৰাই চলিবলৈ লৈছিল দত্তই।  এনে কেতবোৰ বদঅভ্যাসৰ বাবে টিনা মুনিমৰ পিতৃয়ে সঞ্জয়ৰ সৈতে  জীয়ৰীৰ  সম্পৰ্কক আৰু আগুবাঢ়িব নিদিলে।ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি লাহে লাহে আঁতৰি আহে টিনাইয়ো। আৰু সঞ্জয়ৰ পৰিৱৰ্তে অনিল আম্বানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় টিনাই।দশক পুৰণি এ‌ই কথাবোৰ এতিয়াও মানুহৰ মনত সজীৱ। আপুনি-মই ভবাৰ দৰে টিনা-সঞ্জয়ৰ মনতো অতীৰ স্মৃতিকথাই আমনি নকৰাকে যে নাথাকে সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ