--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আম্বানী- নামেই যাৰ পৰিচয়। বিভিন্ন সময়ত বিভিন্ন খবৰৰ বাবে চৰ্চালৈ আহে আম্বানী পৰিয়াল। সম্প্ৰতি, আম্বানী পৰিয়ালৰ স্বত্বাধীকাৰী দুজন। তেওঁলোক হৈছে ধীৰুভাই আম্বানীৰ পুত্ৰ মুকেশ আম্বানী আৰু অনিল আম্বানী। কিন্তু এই মুহূৰ্তত, আম্বানী পৰিয়ালৰ কনিষ্ঠ পুত্ৰ অনিল আম্বানীৰ পত্নী টিনা আম্বানীৰ বিষয়ে এটা খবৰ পোহৰলৈ আহিছে। এই খবৰে আচৰিত কৰি তুলিব আপোনাকো। টিনা আম্বানীৰ বিষয়ে ওলাইছে নানা কথা। টিনাৰ যৌৱনকালত বলীউডৰ এজন বিখ্যাত নায়কৰ প্ৰেমত হাবু ডুবু খাইছিল টিনাই। এসময়ত টিনা বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী আছিল। কিন্তু সম্প্ৰতি তেওঁ তেওঁৰ অভিনয়ৰ বাবে নহয় অভিনেত্ৰীগৰাকী  ছ’চিয়েল মিডিয়াত চৰ্চাৰ অভিকেন্দ্ৰ হৈ পৰিছে এটা সম্পৰ্কৰ বাবে। এই সম্পৰ্কও পিছে দৃষ্টিনন্দন। বলীউড অভিনেতা সঞ্জয় দত্তৰ সৈতে টিনাৰ আছিল নিবিড় সম্পৰ্ক।

টিনা আম্বানী আগতে বলীউডৰ এগৰাকী প্ৰখ্যাত অভিনেত্ৰী আছিল। তেতিয়া টিনা মুনিম নামেৰে কেইবাখনো হিন্দী চলচ্চিত্ৰত অভিনয় কৰিছে এতিয়াৰ অনিল আম্বানীৰ পত্নীয়ে। সঞ্জয় দত্তৰ সৈতে ‘ৰকী’ ছবিত অভিনয় কৰোঁতে তেওঁৰ সৈতে প্ৰেমত পৰিছিল অভিনেত্ৰী টিনাই। সঞ্জয় দত্তৰে সম্পৰ্ক ইমানেই গভীৰ হৈ পৰিছিল যে দুয়োৰে মাজত বিয়াৰো গুঞ্জন উঠিছিল। অৱশ্যে, তেওঁলোকৰ এই সম্পৰ্কই অৱেশেষত পূৰ্ণতা নাপালে। ইয়াৰ কাৰণ আছিল সঞ্জয় দত্তৰ একাধিক বেয়া ৰুচি। টিনাৰ সৈতে থকা সময়ছোৱাতে সঞ্জয় দত্ত ড্ৰাগছ আৰু নিচাযুক্ত দ্ৰব্যৰ প্ৰতি অত্যন্ত আকৰ্ষিত হৈছিল। 

সঞ্জয়ৰ নিচাযুক্ত দ্ৰব্যৰ প্ৰতি আকৰ্ষণ ইমানে বৃদ্ধি পাইছিল যে, নিশা বহু পৰলৈ তেওঁ ঘৰৰ বাহিৰতে আছিল,পত্নীক লৈ নাছিল কোনো চিন্তা,সকলো কথাই যেন এৰাই চলিবলৈ লৈছিল দত্তই।  এনে কেতবোৰ বদঅভ্যাসৰ বাবে টিনা মুনিমৰ পিতৃয়ে সঞ্জয়ৰ সৈতে  জীয়ৰীৰ  সম্পৰ্কক আৰু আগুবাঢ়িব নিদিলে।ভৱিষ্যতৰ সুৰক্ষাৰ প্ৰতি লক্ষ্য ৰাখি লাহে লাহে আঁতৰি আহে টিনাইয়ো। আৰু সঞ্জয়ৰ পৰিৱৰ্তে অনিল আম্বানীৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় টিনাই।দশক পুৰণি এ‌ই কথাবোৰ এতিয়াও মানুহৰ মনত সজীৱ। আপুনি-মই ভবাৰ দৰে টিনা-সঞ্জয়ৰ মনতো অতীৰ স্মৃতিকথাই আমনি নকৰাকে যে নাথাকে সেয়া নিশ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ