--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড জগতৰ অন্যতম লেখত ল’বলগীয়া এটা নাম হৈছে ছেইফ আলী খান। একাধিক হিট ছবিত অভিনয় কৰি লক্ষ লক্ষ ভাৰতীয়ৰ প্ৰিয় তাৰকা হৈ পৰিছে তেওঁ। ভাৰতৰ বাহিৰেও বিদেশতো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে অভিনেতাজনে। জনপ্ৰিয়তাৰ লগতে তাৰকাগৰাকীৰ ব্যক্তিগত জীৱনটোলৈ টালে দেখা যায় ছেইফ আলী খান দুবাৰকৈ বিবাহ পাশত আৱদ্ধ হৈছে আৰু তেওঁৰ চাৰিটা সন্তান আছে। 

ছেইফ আলী খানে প্ৰথমে অমৃতা সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অমৃতা ছেইফৰ দুটা সন্তান আছে। তেওঁলোক হৈছে ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খান। অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদৰ পাছত,  অভিনেতাজনে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰৰ সৈতে নৱজীৱনৰ পাতনি মেলে। ছেইফ আৰু কৰীণাৰ বৰ্তমান দুটা সন্তান আছে। টাইমুৰ আৰু জাহাংগীৰ। অলপতে জন্ম হৈছিল জাহাংগীৰৰ। বিবাহ পাশত আৱদ্ধ হ’লেও কৰীণা কাপুৰৰ পৰিয়ালৰ সদস্যসকলে ছেইফক ঘৰ জোঁৱাই হিচাপে বিচৰা নাছিল। সম্প্ৰতি, এই বিষয়টো পুনৰ ছ’চিয়েল মিডিয়াত চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছে।

দৰাচলতে, কৰীণা কাপুৰক বিয়া কৰাৰ পূৰ্বেই ছেইফ আলী খান দুটাকৈ সন্তানৰ পিতৃ আছিল। সেইবাবে কৰীণাৰ পৰিয়ালে তেওঁলোকৰ জীয়ৰী কাৰোবাৰ দ্বিতীয় পত্নী হোৱাটো বিচৰা নাছিল। কেৱল পৰিয়ালেই নহয় শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি কৰীণা কাপুৰে নিজেই এতিয়া অনুতপ্ত। ছেইফ আলী খানৰ ওপৰত এতিয়া অসন্তুষ্ট কৰীণা।  বিয়াৰ পাছত এতিয়া কিয় অনুশোচনাত দগ্ধ কৰীণা?

মন কৰিবলগীয়া যে, ছেইফ আলী খানক বিয়া কৰাৰ কেইবছৰমানৰ ভিতৰতে দুটাকৈ সন্তান জন্ম দিছে কৰীণা কাপুৰে । দুটাকৈ সন্তানৰ মাতৃ হোৱাৰ পাছত এতিয়া ফিট নহয় কৰীণা। পূৰ্বৰ দৰে ফিট হ’বলৈ এতিয়া কৰীণা কাপুৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰোপৰি কৰীণা কাপুৰে বৰ্তমান কোনো চলচ্চিত্ৰত কাম পোৱা নাই। বিয়াৰ পাছতে কৰীণাৰ চলচ্চিত্ৰ কেৰিয়াৰো সমাপ্তিৰ দিশে গতি কৰা বুলি ভাবিবলৈ লৈছে অনুৰাগীয়ে।সেয়ে বিষয়টো হৈ পৰিছে অধিক চৰ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ