--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ বলীউড জগতৰ অন্যতম লেখত ল’বলগীয়া এটা নাম হৈছে ছেইফ আলী খান। একাধিক হিট ছবিত অভিনয় কৰি লক্ষ লক্ষ ভাৰতীয়ৰ প্ৰিয় তাৰকা হৈ পৰিছে তেওঁ। ভাৰতৰ বাহিৰেও বিদেশতো যথেষ্ট জনপ্ৰিয়তা অৰ্জন কৰিছে অভিনেতাজনে। জনপ্ৰিয়তাৰ লগতে তাৰকাগৰাকীৰ ব্যক্তিগত জীৱনটোলৈ টালে দেখা যায় ছেইফ আলী খান দুবাৰকৈ বিবাহ পাশত আৱদ্ধ হৈছে আৰু তেওঁৰ চাৰিটা সন্তান আছে। 

ছেইফ আলী খানে প্ৰথমে অমৃতা সিঙৰ সৈতে বিবাহপাশত আৱদ্ধ হৈছিল। অমৃতা ছেইফৰ দুটা সন্তান আছে। তেওঁলোক হৈছে ছাৰা আলী খান আৰু ইব্ৰাহিম আলী খান। অমৃতা সিঙৰ সৈতে বিবাহ বিচ্ছেদৰ পাছত,  অভিনেতাজনে বলীউডৰ জনপ্ৰিয় অভিনেত্ৰী কৰীণা কাপুৰৰ সৈতে নৱজীৱনৰ পাতনি মেলে। ছেইফ আৰু কৰীণাৰ বৰ্তমান দুটা সন্তান আছে। টাইমুৰ আৰু জাহাংগীৰ। অলপতে জন্ম হৈছিল জাহাংগীৰৰ। বিবাহ পাশত আৱদ্ধ হ’লেও কৰীণা কাপুৰৰ পৰিয়ালৰ সদস্যসকলে ছেইফক ঘৰ জোঁৱাই হিচাপে বিচৰা নাছিল। সম্প্ৰতি, এই বিষয়টো পুনৰ ছ’চিয়েল মিডিয়াত চৰ্চিত হোৱা দেখিবলৈ পোৱা গৈছে।

দৰাচলতে, কৰীণা কাপুৰক বিয়া কৰাৰ পূৰ্বেই ছেইফ আলী খান দুটাকৈ সন্তানৰ পিতৃ আছিল। সেইবাবে কৰীণাৰ পৰিয়ালে তেওঁলোকৰ জীয়ৰী কাৰোবাৰ দ্বিতীয় পত্নী হোৱাটো বিচৰা নাছিল। কেৱল পৰিয়ালেই নহয় শেহতীয়াকৈ পোহৰলৈ অহা খবৰ অনুসৰি কৰীণা কাপুৰে নিজেই এতিয়া অনুতপ্ত। ছেইফ আলী খানৰ ওপৰত এতিয়া অসন্তুষ্ট কৰীণা।  বিয়াৰ পাছত এতিয়া কিয় অনুশোচনাত দগ্ধ কৰীণা?

মন কৰিবলগীয়া যে, ছেইফ আলী খানক বিয়া কৰাৰ কেইবছৰমানৰ ভিতৰতে দুটাকৈ সন্তান জন্ম দিছে কৰীণা কাপুৰে । দুটাকৈ সন্তানৰ মাতৃ হোৱাৰ পাছত এতিয়া ফিট নহয় কৰীণা। পূৰ্বৰ দৰে ফিট হ’বলৈ এতিয়া কৰীণা কাপুৰে কঠোৰ পৰিশ্ৰম কৰিব লাগিব। ইয়াৰোপৰি কৰীণা কাপুৰে বৰ্তমান কোনো চলচ্চিত্ৰত কাম পোৱা নাই। বিয়াৰ পাছতে কৰীণাৰ চলচ্চিত্ৰ কেৰিয়াৰো সমাপ্তিৰ দিশে গতি কৰা বুলি ভাবিবলৈ লৈছে অনুৰাগীয়ে।সেয়ে বিষয়টো হৈ পৰিছে অধিক চৰ্চিত।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ