--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোৰঞ্জনৰ বাতৰিত এতিয়া চৰ্চাত কেৱল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহ। পাছে এইবাৰ চৰ্চালৈ আহিছে কংগনা ৰাণাৱটৰ নাম। আলিয়া-কংগনাৰ শাৰীক লৈ হৈছে চৰ্চা। দুই তাৰকা অভিনেত্ৰীৰ শাৰীৰ ডিজাইনৰ সামঞ্জস্যতাই সৃষ্টি কৰিছে নতুন বিতৰ্কৰ। ভাট কন্যা আৰু কংগনাৰ বিয়াৰ শাৰীৰ ডিজাইনাৰ সব্যসাচীক সমালোচনাৰে থকাসৰকা কৰিছে অনুৰাগীয়ে। এনেও, আলিয়া-কংগনা ৰাণাৱটৰ সম্পৰ্ক বৰ এটা মধুৰ নহয়। কংগনাই কৰণ জোহৰৰ প্ৰিয় পাত্ৰীক কোনো কাৰণ নোহোৱাকৈয়ে কটাক্ষ কৰা দেখি আহিছে অনুৰাগীয়ে।পাছে এইবাৰ কংগনাৰ সূত্ৰ অনুসৰিয়েই আলিয়া আৰু সব্যসাচীক সমালোচনা অনুৰাগীৰ।

১৫ এপ্ৰিলত ৰণবীৰ কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আলিয়া ভাট। বিয়াত অভিনেত্ৰীগৰাকীয়ে  সব্যসাচীয়ে ডিজাইন কৰা শাৰী পৰিধান কৰিছিল। হাতেৰে বোৱা হৈছে আলিয়াৰ ঊৰ্ণা। সব্যসাচীৰ হেৰিটেজ শৈলীৰ গহনা পিন্ধি বিবাহথলীত দেখিবলৈ পোৱা গৈছিল আলিয়াক। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আলিয়াৰ শাৰী আৰু কংগনাৰ শাৰীৰ মাজত সাদৃশ্য বিচাৰি পাইছে। কংগনাই ২০২০ চনত তেওঁৰ ভায়েকৰ বিয়াৰ অভ্যৰ্থনাত একে ডিজাইনৰ শাৰী পিন্ধিছিল বুলি দাবী একাংশৰ।

কেবল শাৰীয়েই নহয় আলিয়াৰ গহনাৰ সৈতে কংগনাৰ গহনাৰো সাদৃশ্য বিচাৰি পাইছে তেওঁলোকে। আৰু তাৰপাছতে  কটাক্ষৰ বন্যা বৈ যোৱা দেখা গৈছে। কোনোবাই যদি ডিজাইনাৰ সব্যসাচীক 'এলেহুৱা' বুলি অভিহিত কৰিছে, কোনোবাই আকৌ ব্যংগাত্মকভাৱে লিখিছে, ‘আলিয়াই নিৰ্লজ্জভাৱে কংগনাৰ শাৰীৰ ডিজাইন নকল কৰিছে।’ ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূত্ৰপাত হ’লেও অৱশ্যে এতিয়ালৈকে আলিয়া বা কংগনাৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ