--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ মনোৰঞ্জনৰ বাতৰিত এতিয়া চৰ্চাত কেৱল ৰণবীৰ কাপুৰ আৰু আলিয়া ভাটৰ বিবাহ। পাছে এইবাৰ চৰ্চালৈ আহিছে কংগনা ৰাণাৱটৰ নাম। আলিয়া-কংগনাৰ শাৰীক লৈ হৈছে চৰ্চা। দুই তাৰকা অভিনেত্ৰীৰ শাৰীৰ ডিজাইনৰ সামঞ্জস্যতাই সৃষ্টি কৰিছে নতুন বিতৰ্কৰ। ভাট কন্যা আৰু কংগনাৰ বিয়াৰ শাৰীৰ ডিজাইনাৰ সব্যসাচীক সমালোচনাৰে থকাসৰকা কৰিছে অনুৰাগীয়ে। এনেও, আলিয়া-কংগনা ৰাণাৱটৰ সম্পৰ্ক বৰ এটা মধুৰ নহয়। কংগনাই কৰণ জোহৰৰ প্ৰিয় পাত্ৰীক কোনো কাৰণ নোহোৱাকৈয়ে কটাক্ষ কৰা দেখি আহিছে অনুৰাগীয়ে।পাছে এইবাৰ কংগনাৰ সূত্ৰ অনুসৰিয়েই আলিয়া আৰু সব্যসাচীক সমালোচনা অনুৰাগীৰ।

১৫ এপ্ৰিলত ৰণবীৰ কাপুৰৰ সৈতে বিবাহ পাশত আৱদ্ধ হয় আলিয়া ভাট। বিয়াত অভিনেত্ৰীগৰাকীয়ে  সব্যসাচীয়ে ডিজাইন কৰা শাৰী পৰিধান কৰিছিল। হাতেৰে বোৱা হৈছে আলিয়াৰ ঊৰ্ণা। সব্যসাচীৰ হেৰিটেজ শৈলীৰ গহনা পিন্ধি বিবাহথলীত দেখিবলৈ পোৱা গৈছিল আলিয়াক। ছ’চিয়েল মিডিয়া ব্যৱহাৰকাৰীয়ে আলিয়াৰ শাৰী আৰু কংগনাৰ শাৰীৰ মাজত সাদৃশ্য বিচাৰি পাইছে। কংগনাই ২০২০ চনত তেওঁৰ ভায়েকৰ বিয়াৰ অভ্যৰ্থনাত একে ডিজাইনৰ শাৰী পিন্ধিছিল বুলি দাবী একাংশৰ।

কেবল শাৰীয়েই নহয় আলিয়াৰ গহনাৰ সৈতে কংগনাৰ গহনাৰো সাদৃশ্য বিচাৰি পাইছে তেওঁলোকে। আৰু তাৰপাছতে  কটাক্ষৰ বন্যা বৈ যোৱা দেখা গৈছে। কোনোবাই যদি ডিজাইনাৰ সব্যসাচীক 'এলেহুৱা' বুলি অভিহিত কৰিছে, কোনোবাই আকৌ ব্যংগাত্মকভাৱে লিখিছে, ‘আলিয়াই নিৰ্লজ্জভাৱে কংগনাৰ শাৰীৰ ডিজাইন নকল কৰিছে।’ ছ’চিয়েল মিডিয়াত বিতৰ্কৰ সূত্ৰপাত হ’লেও অৱশ্যে এতিয়ালৈকে আলিয়া বা কংগনাৰ পৰা কোনো ধৰণৰ সঁহাৰি পোৱা হোৱা নাই।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ