--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্রেইনৰ সংঘাত সাময়িকভাৱে অবসান ঘটোৱাৰ বাবে এমাহৰ যুদ্ধ-বিৰতিৰ দিশত ৰাছিয়াক সম্মত কৰাৰ হেতু হেঁচা দিবলৈ চাৰিখন ইউৰোপীয় দেশৰ নেতা কীভত শনিবাৰে উপস্থিত হয়। ইউক্রেইনৰ সমর্থনত শনিবাৰে কীভত ফ্রান্স, জার্মানি, পোলেণ্ড আৰু ব্রিটেইনৰ নেতাসকল সমবেত হয়। কীভৰ ট্রেইন ষ্টেচনত তেওঁলোক গৈ উপস্থিত হোৱাৰ পাছতে ইউক্রেইনৰ বাষ্ট্রপতি জেলেনস্কীয়ে তেওঁলোকক সাক্ষাৎ কৰে। 

উল্লেখযোগ্য যে প্রথমবাৰৰ বাবে চাৰিখন দেশৰ নেতাই একেলগে ইউক্রেইন ভ্রমণলৈ গৈছে।আনহাতে, জামার্নিৰ নতুন চেঞ্চেলৰ হিচাপে ফ্রেডবিক মার্জৰ এইটো প্রথম ইউক্রেইন ভ্রমণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পে দুয়োখন দেশৰ মাজৰ সংঘর্ষ অন্ত পেলোৱাৰ বাবে শান্তি আলোচনাৰ পৰিৱেশ সৃষ্টিৰ হেতু ৩০ দিনীয়া যুদ্ধ-বিৰতিৰ এখন চুক্তিৰ বিষয়ে কছ ৰাষ্ট্ৰপতি পুটিনক সৈমান কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। 

এই সময়তে চাৰিখন গুৰুত্বপূর্ণ ইউৰোপীয় দেশৰ নেতাই ইউক্রেইনৰ সমর্থনত ৰাছিয়াক হেঁচা দিবলৈ কীভত উপস্থিত হোৱাটোৱে যথেষ্ট তাৎপর্য বহন কৰিছে। চাৰিখন দেশৰ নেতাই এটা যুটীয়া বিবৃতিত কয় যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ আহ্বানৰ প্রতি সঁহাৰি জনাই তেওঁলোকে বাছিয়াক ইউক্রেইনত আক্রমণ বন্ধ কৰিবলৈ আহ্বান জনাইছে আৰু দুয়োখন দেশৰ মাজত স্থায়ী শান্তি প্রতিষ্ঠাত গুৰুত্ব দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ