--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক : ৰাছিয়া-ইউক্রেইনৰ সংঘাত সাময়িকভাৱে অবসান ঘটোৱাৰ বাবে এমাহৰ যুদ্ধ-বিৰতিৰ দিশত ৰাছিয়াক সম্মত কৰাৰ হেতু হেঁচা দিবলৈ চাৰিখন ইউৰোপীয় দেশৰ নেতা কীভত শনিবাৰে উপস্থিত হয়। ইউক্রেইনৰ সমর্থনত শনিবাৰে কীভত ফ্রান্স, জার্মানি, পোলেণ্ড আৰু ব্রিটেইনৰ নেতাসকল সমবেত হয়। কীভৰ ট্রেইন ষ্টেচনত তেওঁলোক গৈ উপস্থিত হোৱাৰ পাছতে ইউক্রেইনৰ বাষ্ট্রপতি জেলেনস্কীয়ে তেওঁলোকক সাক্ষাৎ কৰে। 

উল্লেখযোগ্য যে প্রথমবাৰৰ বাবে চাৰিখন দেশৰ নেতাই একেলগে ইউক্রেইন ভ্রমণলৈ গৈছে।আনহাতে, জামার্নিৰ নতুন চেঞ্চেলৰ হিচাপে ফ্রেডবিক মার্জৰ এইটো প্রথম ইউক্রেইন ভ্রমণ। আমেৰিকাৰ ৰাষ্ট্ৰপতি ডানাল্ড ট্রাম্পে দুয়োখন দেশৰ মাজৰ সংঘর্ষ অন্ত পেলোৱাৰ বাবে শান্তি আলোচনাৰ পৰিৱেশ সৃষ্টিৰ হেতু ৩০ দিনীয়া যুদ্ধ-বিৰতিৰ এখন চুক্তিৰ বিষয়ে কছ ৰাষ্ট্ৰপতি পুটিনক সৈমান কৰিবলৈ অহৰহ চেষ্টা চলাই আছে। 

এই সময়তে চাৰিখন গুৰুত্বপূর্ণ ইউৰোপীয় দেশৰ নেতাই ইউক্রেইনৰ সমর্থনত ৰাছিয়াক হেঁচা দিবলৈ কীভত উপস্থিত হোৱাটোৱে যথেষ্ট তাৎপর্য বহন কৰিছে। চাৰিখন দেশৰ নেতাই এটা যুটীয়া বিবৃতিত কয় যে মার্কিন ৰাষ্ট্ৰপতি ট্রাম্পৰ আহ্বানৰ প্রতি সঁহাৰি জনাই তেওঁলোকে বাছিয়াক ইউক্রেইনত আক্রমণ বন্ধ কৰিবলৈ আহ্বান জনাইছে আৰু দুয়োখন দেশৰ মাজত স্থায়ী শান্তি প্রতিষ্ঠাত গুৰুত্ব দিছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত