--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ থমাছ কাপ ২০২২ত স্বৰ্ণ জয়েৰে ইতিহাস ৰচিছে ভাৰতে। বিশেষজ্ঞসকলৰ দৃষ্টিত এই স্বৰ্ণপদক ১৯৮৩ চনৰ ক্ৰিকেট বিশ্বকাপ জয় কৰাতকৈ ডাঙৰ সাফল্য। প্ৰধানমন্ত্ৰীৰ পৰা সাধাৰণ নাগৰিকলৈকে  সকলোৱে ভাৰতীয় বেডমিণ্টন দলক অভিনন্দন জনাইছে। কিন্তু ভাৰতীয় দলক শুভেচ্ছা জনাবলৈ গৈ এগৰাকী IAS বিষয়াই এনে এখন ছবি পোষ্ট কৰিছিল। এই ছবিখনক পোষ্ট কৰি দৰাচলতে  তেওঁ বেডমিণ্টন খেলক অপমান কৰা বুলি মন্তব্য কৰা দেখা গৈছে নেটিজেনে। 

সোমেশ উপাধ্যায় নামৰ IAS বিষয়াগৰাকীয়ে  টুইটত লিখিছে, ‘ইণ্ডোনেচিয়ানসকল হতবাক হৈছে, ভাৰতীয়সকল কেনেকৈ বেডমিণ্টনত ইমান ভাল প্ৰদৰ্শন দেখুৱাব পাৰিছে?’ এইটো কেপচনৰ সৈতে তেওঁ এখন ফটো পোষ্ট কৰিছে। সেই ছবিখনক লৈয়ে এতিয়া বিপত্তিৰ অন্ত নাই। মন কৰিবলগীয়া যে, বেডমিণ্টন ৰেকেটৰ পৰিৱৰ্তে মহ মৰা ৰেকেটৰ এখন ছবিৰে টুইট কৰিছিল এইগৰাকী IAS বিষয়াই।

ছবিখন দেখাৰ পাছতে  IAS বিষয়াগৰাকী নেটিজেনৰ ট্ৰ'লৰ সন্মুখীন হ’বলগীয়া হৈছে। ভাৰতীয় লেগস্পিনাৰ অমিত মিশ্ৰাইও IAS বিষয়াগৰাকীৰ টুইটক সমালোচনাৰ দৃষ্টিৰে চাইছে। তেওঁ কয়, ‘এই টুইটটো কেৱল নিম্ন মানৰে নহয়, আমাৰ বেডমিণ্টন নায়কসকলৰ বাবেও ই অপমানজনক।’

ক্ৰীড়ামন্ত্ৰী অনুৰাগ ঠাকুৰক মেনছন কৰি এগৰাকী নেটিজেনে লিখিছে, ‘উচ্চ পদস্থ আমোলা-বিষয়াসকলে আমাৰ দেশৰ খেলুৱৈসকলক এনে দৃষ্টিৰেই চায় আমাৰ দেশৰ খেলুৱৈসকলক।এই আচৰণ অত্যন্ত নিম্ন মানৰ।’ নেটিজেনসকলে এনে ধৰণৰ টুইটে প্ৰকৃততে খেলুৱৈসকলক অসন্মান কৰা বুলি ধাৰণা কৰি লৈছে। এগৰাকী নেটিজেনে টুইট কৰিছে, ‘IAS বিষয়াসকলৰ পৰা অলপ বেছি বুদ্ধিমত্তা আশা কৰা য়ায়। এই টুইটৰ যোগেদি খেলুৱৈসকলৰ কঠোৰ পৰিশ্ৰমক আঘাত কৰিছে তেওঁ।’

অৱশ্যে, IAS বিষয়াগৰাকীয়ে নেটিজেনসকলৰ সমালোচনাৰ প্ৰতি কোনো ধৰণৰ সঁহাৰি দিয়া নাই। লক্ষ্যণীয় যে,  ১৪ বাৰৰ চেম্পিয়ন ইণ্ডোনেছিয়াক ৩-০ ৰ ব্যৱধানত পৰাস্ত কৰি প্ৰথমবাৰৰ বাবে থমাছ কাপত চেম্পিয়ন হৈছে ভাৰত। এই প্ৰতিযোগিতাখনক বেডমিণ্টনৰ বিশ্বকাপ বুলি কোৱা হয়। ভাৰতীয় দলটোৰ বাবে কেন্দ্ৰীয় ক্ৰীড়া মন্ত্ৰণালয়ে ১ কোটি টকাৰ পুৰস্কাৰ ঘোষণা কৰিছে। গতিকে, দেশৰ এনে গৌৰৱজ্জল মুহূৰ্তত খেলুৱৈসকলৰ সাফল্যক এনেদৰে সমালোচনা কৰা কথাতো সহজে ল’ব পৰা নাই  দেশৰ জনসাধাৰণে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ