--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘটনা দুটা। প্ৰতিবাদো দুটাই। এটা ব্যক্তিগত পৰ্যায়ৰ, দ্বিতীয়টো দেশৰ স্বাৰ্থত। দুই ঘটনাৰ মাজত পাৰ্থক্য থাকিলেও কিন্তু দুয়োটা ক্ষেত্ৰতে প্ৰতিবাদৰ পৰিসৰ একে। দুয়োটা ঘটনা সংঘটিত হৈছে আন্তৰ্জাতিক চলচ্চিত্ৰৰ তথাকথিত জনপ্ৰিয় মঞ্চত। সমগ্ৰ বিশ্বৰ নাগৰিকে অস্কাৰ আৰু কান চলচ্চিত্ৰ মহোৎসৱৰ বিষয়ে অৱগত। দুমাহ নৌহওঁতেই অনুষ্ঠিত হোৱা দুটা অনুষ্ঠানত এনে প্ৰতিবাদৰ ভয়াৱহতাই এতিয়া কঁপাইছে বিশ্ব।

৫৪ দিনৰ ব্যৱধানত সংঘটিত হ’ল এক অনাকাংক্ষিত ঘটনা। ২৬ মাৰ্চত অস্কাৰ বঁটা বিতৰণী সন্ধিয়া মঞ্চত ভৰি দি অনুষ্ঠানটোৰ সঞ্চালকৰ গালত চৰ সোধাইছিল শ্ৰেষ্ঠ অভিনেতাগৰাকীয়ে। হলিউডৰ কৃষ্ণাংগ অভিনেতা উইল স্মিথে সঞ্চালক ক্ৰীছ ৰকক সোধাইছিল এটা পূৰ্ণহতীয়া চৰ। মিচেছ স্মিথক অপদস্থ কৰাৰ অভিযোগত এনে কাৰ্য সংঘটিত কৰিছিল প্ৰখ্যাত অভিনেতাজনে। সেইবাবে এই প্ৰতিবাদ।

শুকুৰবাৰে সন্ধিয়া ছবিৰ আৰু কবিতাৰ দেশ ফ্ৰান্সৰ কান চলচ্চিত্ৰ মহোৎসৱতো ঘটিল অনুৰূপ ঘটনা। অৱশ্যে, এয়া কোনো তাৰকা কেন্দ্ৰিক বিতৰ্ক নাছিল। কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত ভৰি দি নিজৰ  পোছাক ফালি পেলালে এগৰাকী ১৮ বছৰীয়া কিশোৰীয়ে।  অৰ্ধ-উলংগ হৈ কৰা কিশোৰী গৰাকীৰ এই প্ৰতিবাদে চকু কপালত তুলিছে সচেতন নাগৰিকৰ। শৰীৰৰ ওপৰৰ অংশ উন্মুক্ত। নিম্নাংশত তেজৰঙী পতাকা! ইউক্ৰেইনৰ হালধীয়া আৰু নীলা পতাকাত লিখা আছে এটা বাক্য, ‘আমাক ধৰ্ষণ নকৰিব।’

উল্লেখ্য যে, যুদ্ধৰ পিছতে আৰম্ভ হৈছে কান চলচ্চিত্ৰ মহোৎসৱ। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে তথ্যচিত্ৰ আনকি চিনেমাও কান চলচ্চিত্ৰ মহোৎসৱত দেখুওৱা হৈছে। কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম দিনটোত ৬ মিনিটৰ এটা চুটি ভাষণত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়েও যুদ্ধৰ অন্ত পেলোৱাত চিনেমাৰ ভূমিকা সম্পৰ্কে কৈছিল। তাৰমাজতে শুকুৰবাৰে ঘটিল এই অনাকাংক্ষিত ঘটনা।

জানিব পৰা মতে, কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত প্ৰতিবাদ কৰা যুৱতীগৰাকী পেৰিছৰ বাসিন্দা। মহিলাৰ অধিকাৰৰ হেতু কাম কৰা এটা সংগঠনৰ সৈতে জড়িত তেওঁ। শুকুৰবাৰে প্ৰতিবাদ কৰাৰ পূৰ্বে এজন সাংবাদিকে তেওঁৰ সৈতে কথা পাতিছিল। নিজকে সমাজকৰ্মী হিচাপে পৰিচয় দি তেওঁ কয় যে, ইউক্ৰেইনত ৰাছিয়ান সেনাই মহিলা আৰু শিশুৰ ওপৰত কৰা শাৰীৰিক নিৰ্যাতনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো। ইতিমধ্যে বেলজিয়ামতো সংঘটিত হৈছে প্ৰতিবাদ।

প্ৰতিবাদ বা বিক্ষোভৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱৰ দৰে  জনাজাত মঞ্চ এখন বাছি লোৱাটো কোনো অপ্ৰত্যাশিত ঘটনা নহয়। পূৰ্বেও এনে বহু ঘটনা সংঘটিত হৈছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে কান চলচ্চিত্ৰ মহোৎসৱৰ সুৰক্ষাক লৈ। চলচ্চিত্ৰ জগতৰ সুপৰিচিত ব্যক্তি সকলৰ মাজত কেনেকৈ সোমাই পৰিল যুৱতীগৰাকী? উইল স্মিথক অস্কাৰ বঁটালৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু এই যুৱতীগৰাকী? 

স্বাভাৱিকতে, দুটা মাহৰ ব্যৱধানৰ মাজত এনে দৰে সংঘটিত দুটি অপ্ৰত্যাশিত ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ