--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্কঃ ঘটনা দুটা। প্ৰতিবাদো দুটাই। এটা ব্যক্তিগত পৰ্যায়ৰ, দ্বিতীয়টো দেশৰ স্বাৰ্থত। দুই ঘটনাৰ মাজত পাৰ্থক্য থাকিলেও কিন্তু দুয়োটা ক্ষেত্ৰতে প্ৰতিবাদৰ পৰিসৰ একে। দুয়োটা ঘটনা সংঘটিত হৈছে আন্তৰ্জাতিক চলচ্চিত্ৰৰ তথাকথিত জনপ্ৰিয় মঞ্চত। সমগ্ৰ বিশ্বৰ নাগৰিকে অস্কাৰ আৰু কান চলচ্চিত্ৰ মহোৎসৱৰ বিষয়ে অৱগত। দুমাহ নৌহওঁতেই অনুষ্ঠিত হোৱা দুটা অনুষ্ঠানত এনে প্ৰতিবাদৰ ভয়াৱহতাই এতিয়া কঁপাইছে বিশ্ব।

৫৪ দিনৰ ব্যৱধানত সংঘটিত হ’ল এক অনাকাংক্ষিত ঘটনা। ২৬ মাৰ্চত অস্কাৰ বঁটা বিতৰণী সন্ধিয়া মঞ্চত ভৰি দি অনুষ্ঠানটোৰ সঞ্চালকৰ গালত চৰ সোধাইছিল শ্ৰেষ্ঠ অভিনেতাগৰাকীয়ে। হলিউডৰ কৃষ্ণাংগ অভিনেতা উইল স্মিথে সঞ্চালক ক্ৰীছ ৰকক সোধাইছিল এটা পূৰ্ণহতীয়া চৰ। মিচেছ স্মিথক অপদস্থ কৰাৰ অভিযোগত এনে কাৰ্য সংঘটিত কৰিছিল প্ৰখ্যাত অভিনেতাজনে। সেইবাবে এই প্ৰতিবাদ।

শুকুৰবাৰে সন্ধিয়া ছবিৰ আৰু কবিতাৰ দেশ ফ্ৰান্সৰ কান চলচ্চিত্ৰ মহোৎসৱতো ঘটিল অনুৰূপ ঘটনা। অৱশ্যে, এয়া কোনো তাৰকা কেন্দ্ৰিক বিতৰ্ক নাছিল। কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত ভৰি দি নিজৰ  পোছাক ফালি পেলালে এগৰাকী ১৮ বছৰীয়া কিশোৰীয়ে।  অৰ্ধ-উলংগ হৈ কৰা কিশোৰী গৰাকীৰ এই প্ৰতিবাদে চকু কপালত তুলিছে সচেতন নাগৰিকৰ। শৰীৰৰ ওপৰৰ অংশ উন্মুক্ত। নিম্নাংশত তেজৰঙী পতাকা! ইউক্ৰেইনৰ হালধীয়া আৰু নীলা পতাকাত লিখা আছে এটা বাক্য, ‘আমাক ধৰ্ষণ নকৰিব।’

উল্লেখ্য যে, যুদ্ধৰ পিছতে আৰম্ভ হৈছে কান চলচ্চিত্ৰ মহোৎসৱ। ৰাছিয়া-ইউক্ৰেইন যুদ্ধৰ বিষয়ে তথ্যচিত্ৰ আনকি চিনেমাও কান চলচ্চিত্ৰ মহোৎসৱত দেখুওৱা হৈছে। কান চলচ্চিত্ৰ মহোৎসৱৰ প্ৰথম দিনটোত ৬ মিনিটৰ এটা চুটি ভাষণত ইউক্ৰেইনৰ ৰাষ্ট্ৰপতি ভল’ডিমিৰ জেলেনস্কিয়েও যুদ্ধৰ অন্ত পেলোৱাত চিনেমাৰ ভূমিকা সম্পৰ্কে কৈছিল। তাৰমাজতে শুকুৰবাৰে ঘটিল এই অনাকাংক্ষিত ঘটনা।

জানিব পৰা মতে, কান চলচ্চিত্ৰ মহোৎসৱৰ ৰেড কাৰ্পেটত প্ৰতিবাদ কৰা যুৱতীগৰাকী পেৰিছৰ বাসিন্দা। মহিলাৰ অধিকাৰৰ হেতু কাম কৰা এটা সংগঠনৰ সৈতে জড়িত তেওঁ। শুকুৰবাৰে প্ৰতিবাদ কৰাৰ পূৰ্বে এজন সাংবাদিকে তেওঁৰ সৈতে কথা পাতিছিল। নিজকে সমাজকৰ্মী হিচাপে পৰিচয় দি তেওঁ কয় যে, ইউক্ৰেইনত ৰাছিয়ান সেনাই মহিলা আৰু শিশুৰ ওপৰত কৰা শাৰীৰিক নিৰ্যাতনৰ বিৰুদ্ধে আমি প্ৰতিবাদ কৰিছো। ইতিমধ্যে বেলজিয়ামতো সংঘটিত হৈছে প্ৰতিবাদ।

প্ৰতিবাদ বা বিক্ষোভৰ বাবে কান চলচ্চিত্ৰ মহোৎসৱৰ দৰে  জনাজাত মঞ্চ এখন বাছি লোৱাটো কোনো অপ্ৰত্যাশিত ঘটনা নহয়। পূৰ্বেও এনে বহু ঘটনা সংঘটিত হৈছে। কিন্তু প্ৰশ্ন উত্থাপন হৈছে কান চলচ্চিত্ৰ মহোৎসৱৰ সুৰক্ষাক লৈ। চলচ্চিত্ৰ জগতৰ সুপৰিচিত ব্যক্তি সকলৰ মাজত কেনেকৈ সোমাই পৰিল যুৱতীগৰাকী? উইল স্মিথক অস্কাৰ বঁটালৈ আমন্ত্ৰণ জনোৱা হৈছিল। কিন্তু এই যুৱতীগৰাকী? 

স্বাভাৱিকতে, দুটা মাহৰ ব্যৱধানৰ মাজত এনে দৰে সংঘটিত দুটি অপ্ৰত্যাশিত ঘটনাই জোকাৰি গৈছে সমগ্ৰ বিশ্ব।



FOLLOW US F
POPULAR
FEATURE
TRENDY
গাঁৱত বিবাদ! পুত্ৰৰ অন্ত্যেষ্টিক্রিয়া মুছলমান ৰীতি-নীতিৰে হোৱাটো বিচাৰিছিল মাতৃয়ে কিন্তু শেষ ৰীতি-নীতি হ'ল হিন্দু পৰম্পৰা অনুসৰি
শ্ৰী শ্ৰী মাধৱদেৱৰ তিৰোভাৱ তিথিত শিৱসাগৰৰ মাৰোৱাৰী সমাজে দেখুৱালে সম্প্ৰীতিৰ অন্যন্য নিদৰ্শন
হংকঙক ৭ উইকেটত পৰাস্ত বাংলাদেশৰ, লিটন দাসৰ উজ্জ্বল অৰ্ধশতক
পাকঘৰত ৰখা এই ৫টা বস্তু মুখত লগোৱাৰ আগত সাৱধান হওক
দেশৰ ১৫ সংখ্যক উপ-ৰাষ্ট্ৰপতি হিচাবে শপত গ্ৰহণ চি পি ৰাধাকৃষ্ণনৰ
নেপালত ক্ষুব্ধ জনতাই জুই লগাই দিলে হোটেলত; চতুৰ্থ মহলাৰ পৰা ভাৰতীয় দম্পতীৰ তললৈ জাঁপ, পত্নীৰ মৃত্যু
সত্যাগ্রহ, প্রতিলিপি দাহেৰে উত্তাল ৰাজ্য ; ২০২৪ চনলৈকে অমুছলমান বিদেশীক আশ্রয় দিয়া কেন্দ্ৰৰ অধিসূচনাৰ প্ৰতিবাদ
এতিয়াৰ পৰা UPI-ত ৫ লাখ পৰ্যন্ত পেমেন্ট সহজ ! NPCI-এ বঢ়ালে UPI ৰ লেনদেনৰ সীমা
'চীনৰ হাতত ভাৰত-ৰাছিয়াক হেৰুৱাই পেলোৱা যেন লাগিছে'- ড’নাল্ড ট্ৰাম্প
আমেৰিকাক পুটিনৰ সকীয়নি ; ভাৰত-চীনক দুৰ্বল কৰাৰ চেষ্টা নকৰিব
বয়সৰ আগতেই মুখত পৰিছে নেকি বয়সৰ চাপ! জীৱনত এইবোৰ পৰিৱৰ্তন কৰক
শিৱসাগৰত আহোম যুৱকক গাহৰি মাংস বিক্ৰীত বাধা মুছলমান যুৱকৰ! উত্তপ্ত পৰিস্থিতিৰ সৃষ্টি
৪ বাৰৰ বিধায়ক ডাঃ মানছিং ৰংপিয়ে এৰিলে বিজেপি
ছট্টিশগড়ত এন এইচ এমৰ ১৪ সহস্রাধিক কৰ্মচাৰীৰ পদত্যাগ