--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰশংসাত পঞ্চমুখ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। তেওঁ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ কেন্দ্ৰৰ পদক্ষেপক প্ৰশংসা কৰে। তেওঁ টুইট কৰে, "ভাৰতে কোৱাডত অন্তৰ্ভুক্ত হোৱা স্বত্বেও কম মূল্যত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। ভাৰতে তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাপৰ সন্মুখীন হোৱা নাছিল। ই  দেশৰ সাধাৰণ লোকসকলক যথেষ্ট উপকৃত কৰিব।  সাধাৰণ মানুহক সহায় কৰিব পৰা এক সুস্থিৰ বৈদেশিক নীতি অতি গুৰুত্বপূৰ্ণ।" ভাৰতত পেট্ৰ'লত মূল্য প্ৰতি লিটাৰত ৯.৫ টকা আৰু ডিজেলৰ মূল্য ৭ টকালৈ হ্ৰাস পাইছে। তাৰ পিছত, ইমৰানে টুইট কৰি প্ৰশংসা কৰে।

বৰ্তমান পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া বুলি কৱ পাৰি। ডলাৰৰ মূল্য এতিয়া ২০০ পিকেআৰ। এই পৰিস্থিতিত শ্বাহবাজ শ্বৰীফৰ চৰকাৰক সমালোচনা কৰি ইমৰানে লগতে কয়, "আমাৰ চৰকাৰে পাকিস্তানৰ জনসাধাৰণৰ স্বাৰ্থক গুৰুত্ব দিয়া নাই, আৰু স্থানীয় মিৰ্জাফাৰ আৰু মীৰ চাদিকসকলে বিদেশী শক্তিৰ সন্মুখত নমস্কাৰ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া তেওঁলোকে মুণ্ডহীন কুকুৰাৰ দৰে জঁপিয়াই আছে। অৰ্থনীতি অৱস্থা দিনক-দিনে বেয়াৰ ফালে গতি কৰিছে। "

পাকিস্তানত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

বৰ্তমান পাকিস্তানত প্ৰতি লিটাৰত ১৫৯.৮৬ টকাত পেট্ৰ'ল বিক্ৰী হৈ আছে। সেই দেশত  ডিজেলৰ মূল্যও অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে, ইয়াৰ (প্ৰতি লিটাৰ) মূল্য হৈছে ১৫৪.১৫ টকা। লাইট স্পীড ডিজেলৰ মূল্য (প্ৰতি লিটাৰত) হৈছে ১২৩.৯৭ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ