--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ভাৰতৰ প্ৰশংসাত পঞ্চমুখ পাকিস্তানৰ প্ৰাক্তন প্ৰধানমন্ত্ৰী ইমৰান খান। তেওঁ পেট্ৰ'ল আৰু ডিজেলৰ মূল্য হ্ৰাস কৰাৰ কেন্দ্ৰৰ পদক্ষেপক প্ৰশংসা কৰে। তেওঁ টুইট কৰে, "ভাৰতে কোৱাডত অন্তৰ্ভুক্ত হোৱা স্বত্বেও কম মূল্যত ৰাছিয়াৰ পৰা তেল ক্ৰয় কৰি আছে। ভাৰতে তদুপৰি আমেৰিকা যুক্তৰাষ্ট্ৰৰ চাপৰ সন্মুখীন হোৱা নাছিল। ই  দেশৰ সাধাৰণ লোকসকলক যথেষ্ট উপকৃত কৰিব।  সাধাৰণ মানুহক সহায় কৰিব পৰা এক সুস্থিৰ বৈদেশিক নীতি অতি গুৰুত্বপূৰ্ণ।" ভাৰতত পেট্ৰ'লত মূল্য প্ৰতি লিটাৰত ৯.৫ টকা আৰু ডিজেলৰ মূল্য ৭ টকালৈ হ্ৰাস পাইছে। তাৰ পিছত, ইমৰানে টুইট কৰি প্ৰশংসা কৰে।

বৰ্তমান পাকিস্তানৰ অৰ্থনৈতিক অৱস্থা খুবেই বেয়া বুলি কৱ পাৰি। ডলাৰৰ মূল্য এতিয়া ২০০ পিকেআৰ। এই পৰিস্থিতিত শ্বাহবাজ শ্বৰীফৰ চৰকাৰক সমালোচনা কৰি ইমৰানে লগতে কয়, "আমাৰ চৰকাৰে পাকিস্তানৰ জনসাধাৰণৰ স্বাৰ্থক গুৰুত্ব দিয়া নাই, আৰু স্থানীয় মিৰ্জাফাৰ আৰু মীৰ চাদিকসকলে বিদেশী শক্তিৰ সন্মুখত নমস্কাৰ কৰাৰ সিদ্ধান্ত লৈছে। এতিয়া তেওঁলোকে মুণ্ডহীন কুকুৰাৰ দৰে জঁপিয়াই আছে। অৰ্থনীতি অৱস্থা দিনক-দিনে বেয়াৰ ফালে গতি কৰিছে। "

পাকিস্তানত পেট্ৰ'ল আৰু ডিজেলৰ মূল্য

বৰ্তমান পাকিস্তানত প্ৰতি লিটাৰত ১৫৯.৮৬ টকাত পেট্ৰ'ল বিক্ৰী হৈ আছে। সেই দেশত  ডিজেলৰ মূল্যও অনিয়ন্ত্ৰিতভাৱে বৃদ্ধি পাইছে, ইয়াৰ (প্ৰতি লিটাৰ) মূল্য হৈছে ১৫৪.১৫ টকা। লাইট স্পীড ডিজেলৰ মূল্য (প্ৰতি লিটাৰত) হৈছে ১২৩.৯৭ টকা।

FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমত বানৰ সংহাৰ; উত্তৰ-পূৰ্বাঞ্চলত যাতায়াত ব্যাহত
‘ল’কটাক’ গেলাক্সি আৱিষ্কাৰ; মণিপুৰৰ জ্যোতিৰ্পদাৰ্থবিজ্ঞানী ড° ৰ’নাল্ডো লাইশ্ৰামক প্ৰধানমন্ত্ৰী মোদীৰ প্ৰশংসা
প্ৰতিবাদৰ হেঁচাত কেন্দ্ৰীয় শিক্ষামন্ত্ৰী ধৰ্মেন্দ্ৰ প্ৰধানৰ পদত্যাগ
অসমৰ বানপীড়িতক সহায় কৰক; দেশবাসীলৈ আহ্বান বলীউড অভিনেত্ৰী ভূমি পেডনেকাৰৰ
মাজুলীৰ ২০খন নাৱেৰে শিৱসাগৰৰ বানাক্ৰান্তলৈ সহায়ৰ হাত
অপুষ্টিত ভুগিছে দেশৰ ৫২ কোটি লোক
অসমত লঘু খনিজৰ নাটনি: স্তব্ধ নিৰ্মাণ কাৰ্য, অনিশ্চিত ভৱিষ্যত
কৃষ্ণকান্ত সন্দিকৈ মুক্ত বিশ্ববিদ্যালয়ৰ মঙলদৈত ৭০০ শিক্ষাৰ্থীক ডিগ্ৰী প্ৰদান
অসমত কৃষিভূমিৰ দ্ৰুত সংকোচন: দশকত হেৰুৱালে ৪২,৭১৫ হেক্টৰ মাটি
লক্ষ্মী টি-ক ৰাষ্ট্ৰীয় POSH উৎকৰ্ষ বঁটা প্ৰদান: অসমৰ চাহ বাগিচাত সুৰক্ষিত কৰ্মক্ষেত্ৰৰ বাবে স্বীকৃতি
অসম NRC: পৰিচয় পত্ৰ আৰু আপীল প্ৰক্ৰিয়া সন্দৰ্ভত উচ্চতম ন্যায়ালয়ৰ জাননী
ত্ৰিষ্ণা বৰ্মনক ১৪ দিনৰ ন্যায়িক জিম্মালৈ প্ৰেৰণ আদালতৰ
প্ৰাক্তন মন্ত্ৰী তথা জ্যেষ্ঠ অধিবক্তা আব্দুল মহিব মজুমদাৰৰ ৯০ বছৰ বয়সত দেহাৱসান
ছাত্ৰ প্ৰতিবাদকাৰীক আটক কৰা ঘটনাক লৈ নগাঁও আৰক্ষীক তীব্ৰ সমালোচনা CPI-ৰ