--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ সোমবাৰে অনুষ্ঠিত কেবিনেট বৈঠকত কৰদাতাসকলৰ বাবে এক বৃহৎ ঘোষণা মোদী চৰকাৰৰ। কেন্দ্ৰীয় মন্ত্ৰী অশ্বিনী বৈষ্ণৱে কয় যে প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ নেতৃত্বত অনুষ্ঠিত কেবিনেট বৈঠকত পান ২.০ প্ৰকল্পৰ অনুমোদন পোৱা গৈছে। এই প্ৰকল্পৰ বাবে চৰকাৰে ১৪৩৫ কোটি টকা ব্যয় কৰিব।

পেন ২.০ প্ৰকল্পৰ অনুমোদনৰ লগে লগে পেন কাৰ্ড সন্দৰ্ভত কৰদাতাসকল এক দ্বিধাদ্বন্দ্বত নামি পৰিছে। পেন কাৰ্ড সন্দৰ্ভত কৰদাতাৰ মনত বহু প্ৰশ্ন উত্থাপন হৈছে, যেনে বৰ্তমান তেওঁলোকৰ হাতত থকা পান কাৰ্ডখনৰ কোনো কাম নাই নেকি, তাৰ ঠাইত নতুন পান এটা ল’ব লাগিব নে দুয়োখন পান কাৰ্ড থকাটো প্ৰয়োজনীয় হ’ব?

উল্লেখ্য যে পেন ২.০ প্ৰকল্পৰ অধীনত নিৰ্মিত কাৰ্ডখন পেন ১.০ প্ৰকল্পৰ উন্নীত সংস্কৰণ। এই পেনত QR ক’ড থাকিব আৰু কৰদাতাই ইয়াক বনোৱাৰ বাবে এটকাও খৰচ কৰিব নালাগে। ইয়াৰ বাবে ক’লৈকো যোৱাৰ প্ৰয়োজন নাই। অনলাইন প্ৰক্ৰিয়াৰ জৰিয়তে একেবাৰে বিনামূলীয়াকৈ তৈয়াৰ হ’ব নতুন পেন।


নতুন পানকাৰ্ডৰ পৰিৱৰ্তন

পান ২.০ প্ৰকল্পৰ উদ্দেশ্য হৈছে ক্ষিপ্ৰতাৰে কৰদাতাৰ ডিজিটেল অভিজ্ঞতা উন্নত কৰা। নতুন পানৰ পৰিৱৰ্তনবোৰ এনেধৰনৰ-

১)প্ৰক্ৰিয়াসমূহ সুশৃংখলিত কৰা: কৰদাতাৰ পঞ্জীয়ন আৰু সেৱা সহজ আৰু দ্ৰুত কৰা।

২)তথ্যৰ সামঞ্জস্যতা: সকলো তথ্য একে ঠাইতে সহজে উপলব্ধ হ’ব।

৩)পৰিৱেশ অনুকূল পদ্ধতিঃ এই কাম পৰিৱেশ অনুকূল প্ৰক্ৰিয়াৰ জৰিয়তে অনলাইনত কৰা হ’ব আৰু ই খৰচ কমোৱাত সহায়ক হ’ব।

৪)উন্নত সুৰক্ষা: উন্নত সুৰক্ষাৰ বাবে ডিজিটেল আন্তঃগাঁথনি উন্নীত কৰা হৈছে।


ইতিমধ্যে প্ৰায় ৭৮ কোটি পেন জাৰি কৰা হৈছে। ইয়াৰে ৯৮ শতাংশ অৰ্থাৎ বৰ্তমানৰ প্ৰায় সকলো পেন ধাৰীকে কোনো ধৰণৰ ব্যৱস্থা নোলোৱাকৈ উন্নত ডিজিটেল অভিজ্ঞতা প্ৰদান কৰা হ’ব।








FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ