--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দেশৰ ৰাজধানী দিল্লীৰ পৰিস্থিতি বৰ্তমান আটাইতকৈ ভয়াৱহ। প্ৰদূষণৰ বাবে ইয়াত গ্ৰেপ-৪ প্ৰযোজ্য। আনকি উচ্চতম ন্যায়ালয়েও কয় যে যেতিয়ালৈকে প্ৰদূষণ হ্ৰাস নহয় তেতিয়ালৈকে ৰাজধানীত গ্ৰেপ-৪ বলবৎ থাকিব। উল্লেখ্য, গ্ৰেপ-৪ মানে অতি গুৰুতৰ প্ৰদূষণ। অৰ্থাৎ এনে পৰিস্থিতিত মাস্ক নোহোৱাকৈ ওলাই যোৱাটো স্বাস্থ্যৰ বাবে বিপদজনক হ’ব পাৰে। 

দেশৰ ৰাজধানী দিল্লীক বিশ্বৰ অন্যতম প্ৰদূষিত চহৰ বুলি গণ্য কৰা হয়। শীতকালত ইয়াৰ বতাহ ইমানেই বিষাক্ত হৈ পৰে যে উশাহ-নিশাহ লোৱাটো কঠিন হৈ পৰে। এই প্ৰদূষণত ২.৫ পি এমৰ দৰে বিপজ্জনক কণা পোৱা যায়, যিবোৰে তেজত মিহলি হোৱাৰ পিছত মানুহক গুৰুতৰভাৱে অসুস্থ কৰি তোলে। উল্লেখ্য প্ৰদূষণে মানুহক অসুস্থ কৰাই নহয়, দেশৰ অৰ্থনীতিও নষ্ট কৰি আছে। প্ৰদূষণৰ বাবে দেশখন ইমান ক্ষতিৰ সন্মুখীন হৈছে যে সেয়া আপোনাৰ অকল্পিত।

ভাৰতত ক্ৰমবৰ্ধমান প্ৰদূষণে দেশৰ অৰ্থনীতিক গুৰুতৰভাৱে অসুস্থ কৰি তুলিছে। জাৰ্মান নিউজ ৱেবছাইট DW ত প্ৰকাশিত এক প্ৰতিবেদন অনুসৰি প্ৰদূষণৰ বাবে দেশখনে প্ৰতি বছৰে ৯৫ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হয়। এই সংখ্যা দেশৰ জিডিপিৰ প্ৰায় ৩ শতাংশ। দৰাচলতে ২০১৯ চনত ডালবাৰ্গ নামৰ এটা গ্ল’বেল কনচালটেন্সি ফাৰ্মে এই বিষয়ে গৱেষণা কৰি কৈছিল যে ভাৰতত প্ৰদূষণৰ বাবে ২০১৯ চনত ৯৫ বিলিয়ন ডলাৰৰ লোকচান হৈছে।

এই গৱেষণাৰ মতে প্ৰদূষণৰ বাবে মানুহৰ কৰ্ম উৎপাদনশীলতা কমি যায়, মানুহে ছুটী লয় আৰু কাল মৃত্যু হয়। ইয়াৰ বাহিৰেও দেশৰ বাৰ্ষিক স্বাস্থ্য ব্যয়ও প্ৰায় দুগুণ বৃদ্ধি পায়। প্ৰদূষণৰ ফলত হোৱা স্বাস্থ্যজনিত সমস্যাৰ বাবে মানুহে বজাৰ আৰু ৰেষ্টুৰেণ্টলৈ কমকৈ গৈ আছে, যাৰ বাবে দেশখনে বছৰি ২২ বিলিয়ন ডলাৰৰ লোকচানৰ সন্মুখীন হ’বলগীয়া হৈছে।














FOLLOW US F
POPULAR
FEATURE
TRENDY
২খনকৈ চুৰি বাইকসহ ৪ কুখ্যাত বাইকচোৰক গ্ৰেপ্তাৰ গোৰেশ্বৰ আৰক্ষীৰ
২০ টকা প্ৰিমিয়ামত পাব ২ লাখ! মোদী চৰকাৰৰ PMSBY ইন্সুৰেন্সত আবেদন কেনেকৈ কৰিব?
শ্বিলঙৰ ৰাইফল শ্বুটিং প্ৰতিযোগিতাত উত্তৰ-পূবৰ ৭ ৰাজ্যৰ ভিতৰত প্ৰথম স্থান দখল ডিব্ৰুগড়ৰ ৰিয়া দাসৰ
ওৰাঙত কৰুণ ঘটনা; বাগিছাত চাহপাত তুলি থাকোতে বজ্ৰপাতত মহিলা শ্রমিকৰ মৃত্যু, আহত ২
ৰঙাপৰাত বনৰীয়া হাতীৰ উপদ্ৰৱ; কথমপি প্ৰাণ ৰক্ষা মাতৃ-কন্যাৰ
ৰূপহীহাটত ১৩ বছৰীয়া কিশোৰ নিৰুদ্দেশ
দুপৰীয়াৰ আহাৰত চালাড খোৱাৰ নানা উপকাৰিতাৰ বিষয়ে আপুনি জানেনে?
ৰঙামাটিত উদ্ধাৰ বিৰল প্ৰজাতিৰ ‘বেং বগিয়া’ কাছ; আচৰিত ৰূপ দেখি হতবাক ৰাইজ
গুৱাহাটী ৰয়েলছক পৰাস্ত কৰি আছাম প্ৰিমিয়াৰ লীগৰ প্ৰথম চেম্পিয়ন খিতাপ অৰ্জন বৰপেটা ব্ৰেভছৰ
যোৰহাটত প্ৰকৃতিৰ কালৰূপ! প্ৰচণ্ড ধুমুহাত প্ৰাণ গ’ল ৬২টা শামুকভঙা চৰাইৰ, আঘাতপ্ৰাপ্ত ৬৮টা
বাংলাদেশত চাঞ্চল্যকৰ হত্যাকাণ্ড! এটা হিন্দু পৰিয়ালৰ চাৰি সদস্যক নিৰ্মমভাৱে হত্যা
টাইপ ১ নে টাইপ ২? কোনবিধ ডায়বেটিচ অধিক ভয়ানক জানো আহক
হাইলাকান্দিত আৰক্ষীৰ অভিযানত হেৰ’ইন জব্দ; গ্ৰেপ্তাৰ পেডলাৰ
পত্নীৰ মৰম পাহৰি বাৰে বাৰে পৰকীয়া প্ৰেম! ৰঙিয়াৰ উজ্জ্বল কলিতাৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ পত্নীৰ