--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ আচৰিত যেন লাগিলেও সত্য৷বিয়েৰ খোৱাৰ অভ্যাস ত্যাগ কৰাত ৬০ কেজি ওজন কমিছে হংকঙৰ এজন লোকৰ। ৰছ বেণ্ডিক্স নামৰ লোকজনে কিছুদিনৰ আগলৈকে দিনটোত ৬-৮ গিলাচ বিয়েৰ খাইছিল যদিও এতিয়া ৰ’ছে বিয়েৰৰ নিচাৰ পৰা বিদায় লৈছে৷

উল্লেখযোগ্য যে,এই নিচাৰ বাবে বেণ্ডিক্সৰ ওজন বহু পৰিমাণে বাঢ়ি গৈছিল আৰু লিভাৰ চিৰ’ছিছ নামৰ বিপজ্জনক লিভাৰ ৰোগকে ধৰি বহু ৰোগত আক্ৰান্ত হৈছিল।বেণ্ডিক্সৰ পেটৰ পৰা অস্ত্ৰোপচাৰৰ জৰিয়তে আঠ লিটাৰ তৰল পদাৰ্থ উলিয়াই দিয়া হৈছিল। 

চাউথ চাইনা মৰ্নিং পোষ্টৰ সৈতে নিজৰ কাহিনী শ্বেয়াৰ কৰি বেণ্ডিক্সে কয় যে ২০২২ চনৰ শেষলৈকে তেওঁৰ জীৱন সম্পূৰ্ণৰূপে সলনি হৈছে। বিয়েৰ ত্যাগ কৰি স্বাস্থ্যসন্মত অভ্যাস গ্ৰহণ কৰি বেণ্ডিক্সে নিজৰ ১২৭কিলোগ্ৰাম ওজনৰ ৬০ কিলোগ্ৰাম হ্ৰাস কৰি ৬৭ কিলোগ্ৰামলৈ মুঠ ওজন কৰিছে৷

ভুক্তভোগী ৰ’ছে লগতে উল্লেখ কৰিছে যে,২০২২ চনত নৱবৰ্ষৰ দিনটোতেই বেণ্ডিক্সৰ ষ্ট্ৰোক হৈছিল। ড্ৰয়িং ৰূমত বহি টিভি চাই থকা অৱস্থাত হঠাৎ তললৈ পৰি গৈছিল। চিকিৎসালয়লৈ যোৱাৰ পথত তেওঁৰ অৱস্থা অধিক বেয়া হোৱাত পাঁচ দিন আই চি ইউত থাকিব লগা হয়। ইয়াৰ পিছত আৰু ৪২ দিন হস্পিতালৰ বিচনাত কটাবলগীয়া হৈছিল।

এই ঘটনাৰ পিছতেই নিজৰ স্বাস্থ্যৰ যত্নৰ বাবে ৰ’ছে মদ্যপানক নিজৰ জীৱনৰ পৰা পৰিত্যাগ কৰি সুস্থ দেহ লাভ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে৷















FOLLOW US F
POPULAR
FEATURE
TRENDY
জৰুৰীকালীন সময়ত কৰা হৈছিল ১.০৭ কোটি লোকক বন্ধ্যাকৰণ
এক ঐতিহাসিক মাইলৰ খুঁটি ; ৰাজ্য সভাতো গৃহীত হ'ল গুৱাহাটী আই আই এম বিধেয়ক
অসমীয়া ঠিকাদাৰক প্ৰহাৰ মিঞা শ্ৰমিকৰ ; আটক আইনুদ্দিন আলি, মহিম আলি আৰু মুজামিল হক
শীর্ষ বাছনিৰ তনভি শৰ্মাৰ নেতৃত্বত ভাৰতীয় দল ঘোষণা
ৰণত পৰিল ইষ্ট বেংগল, ডুৰাণ্ড কাপত ইতিহাস ৰচি ফাইনেললৈ ডায়মণ্ড হাৰ্বাৰ
২০২৪-২৫ বর্ষত দেশত প্রয়োজনতকৈ অধিক ৰক্তদান
বন্দে মাতৰম! আজি স্বাধীনতা দিৱস; দেশভক্তিত উথলিছে জনতাৰ হৃদয়
উৎকট গৰম! মুছলপুৰত পেৰেডত অংশগ্ৰহণ কৰা আৰক্ষীকে ধৰি ঢলি পৰিল বহুকেইখন বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী
হোজাইত গৌৰৱ গগৈৰ কাৰ্যসূচীত পকেটমাৰে সাংবাদিকৰ পৰা লুটিলে নগদ ১৫ হাজাৰ টকা আৰু পৰিচয় পত্ৰ
এছিয়া কাপৰ ইতিহাসত সৰ্বনিম্ন স্ক’ৰ ; এই দুটা দলে বহুবাৰ সন্মুখীন হৈছিল লজ্জাজনক পৰিস্থিতিৰ
বাৰ্ড ফ্লু হ’লে কণী খাব পাৰি নে? ই কিমান নিৰাপদ?
কিমান দিন ৰিচাৰ্জ নকৰিলে বন্ধ হয় চিম কাৰ্ড, জানো আহক
গৰৈমাৰীৰ জোৰশিমুলীত ৬ টাকৈ ড্ৰাগছ কণ্টেইনাৰসহ ড্ৰাগছ সৰবৰাহকাৰীক আটক
স্বাধীনতা দিৱস উপলক্ষে মায়ঙৰ পবিতৰা অভয়াৰণ্যত নাও খেল প্ৰতিযোগিতা