--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত কৰ’না সংক্ৰমণ আৰু ইয়াৰ ব্যৱস্থাপনাক লৈ পুনৰ চৰকাৰক সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। চৰকাৰে পৰিস্থিতিক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা আৰু ‘অত্যধিক আত্মবিশ্বাসী’ হৈ থকা বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। টুইটাৰত ক’ভিড সম্পৰ্কীয় এটা বাতৰি প্ৰচাৰ কৰি ৰাহুলে সমালোচনা কৰিছে কেন্দ্ৰক।

আৰু পঢ়িব পাৰিব : জনহিতকৰ পদক্ষেপেৰে পুনৰ চৰ্চাত দিল্লীৰ কেজৰিৱাল চৰকাৰ

দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলৰ পৰা ক’ভিডৰ দুইধৰণৰ নতুন ৰূপ ভাৰতত প্ৰৱেশ কৰা বুলি প্ৰকাশিত বাতৰিৰ আঁত ধৰি কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতাগৰাকী। ‘কৰ’না এতিয়াও শেষ হোৱা নাই’ বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলৰ পৰা অহা অধিক সংক্ৰামক ক’ভিডৰ দুটা ৰূপ ভাৰতত ধৰা পৰিছে।

আৰু পঢ়িব পাৰিব : ক’ভিডমুক্ত হোৱাৰ দিশে দেশ, স্বাস্থ্য মন্ত্ৰণালয়ে দিছে সুখবৰ

এই নতুন ৰূপ দ্বাৰা সংক্ৰমিত হোৱা কেইবাজনো লোক ভাৰতত চিনাক্ত হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে মঙলবাৰে প্ৰকাশ কৰিছিল। সেইবোৰ দেশলৈ যোৱা লোকক অধিক ক্ষিপ্ৰতাৰে পৰীক্ষা কৰাৰ প্ৰয়োজন থকাৰ কথাও প্ৰকাশ কৰিছিল স্বাস্থ্য বিভাগে। উল্লেখ্য যে, নতুন ৰূপত ইংলেণ্ডৰপৰা সংক্ৰমণ হোৱা কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ১৮৭জন লোক ভাৰতত চিনাক্ত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ