--°C
Loading...
Listen to Article
2 min read
80%

নতুন দিল্লী : দেশত কৰ’না সংক্ৰমণ আৰু ইয়াৰ ব্যৱস্থাপনাক লৈ পুনৰ চৰকাৰক সমালোচনা কৰিছে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে। চৰকাৰে পৰিস্থিতিক সম্পূৰ্ণৰূপে অৱজ্ঞা কৰা আৰু ‘অত্যধিক আত্মবিশ্বাসী’ হৈ থকা বুলি মন্তব্য কৰিছে ৰাহুল গান্ধীয়ে। টুইটাৰত ক’ভিড সম্পৰ্কীয় এটা বাতৰি প্ৰচাৰ কৰি ৰাহুলে সমালোচনা কৰিছে কেন্দ্ৰক।

আৰু পঢ়িব পাৰিব : জনহিতকৰ পদক্ষেপেৰে পুনৰ চৰ্চাত দিল্লীৰ কেজৰিৱাল চৰকাৰ

দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলৰ পৰা ক’ভিডৰ দুইধৰণৰ নতুন ৰূপ ভাৰতত প্ৰৱেশ কৰা বুলি প্ৰকাশিত বাতৰিৰ আঁত ধৰি কেন্দ্ৰৰ বিৰুদ্ধে সৰৱ হৈ পৰে কংগ্ৰেছ নেতাগৰাকী। ‘কৰ’না এতিয়াও শেষ হোৱা নাই’ বুলি মন্তব্য কৰে ৰাহুল গান্ধীয়ে। উল্লেখ্য যে, দক্ষিণ আফ্ৰিকা আৰু ব্ৰাজিলৰ পৰা অহা অধিক সংক্ৰামক ক’ভিডৰ দুটা ৰূপ ভাৰতত ধৰা পৰিছে।

আৰু পঢ়িব পাৰিব : ক’ভিডমুক্ত হোৱাৰ দিশে দেশ, স্বাস্থ্য মন্ত্ৰণালয়ে দিছে সুখবৰ

এই নতুন ৰূপ দ্বাৰা সংক্ৰমিত হোৱা কেইবাজনো লোক ভাৰতত চিনাক্ত হোৱা বুলি কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰাণালয়ে মঙলবাৰে প্ৰকাশ কৰিছিল। সেইবোৰ দেশলৈ যোৱা লোকক অধিক ক্ষিপ্ৰতাৰে পৰীক্ষা কৰাৰ প্ৰয়োজন থকাৰ কথাও প্ৰকাশ কৰিছিল স্বাস্থ্য বিভাগে। উল্লেখ্য যে, নতুন ৰূপত ইংলেণ্ডৰপৰা সংক্ৰমণ হোৱা কৰ’না ভাইৰাছৰ দ্বাৰা আক্ৰান্ত ১৮৭জন লোক ভাৰতত চিনাক্ত হৈছে।

FOLLOW US F
POPULAR
FEATURE
TRENDY
ভাৰত-পোলেণ্ডৰ দ্বিপাক্ষিক বৈঠকত অসম সন্তানৰ সাফল্য; বাঁহীৰ সুৰেৰে সকলোকে মন্ত্ৰমুগ্ধ কৰিলে দেৱকিশোৰ গোস্বামীয়ে
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ