--°C
Loading...
Listen to Article
2 min read
80%

চণ্ডীগড় : কৃষি আইনবিৰোধী কৃষকৰ দীঘলীয়া প্ৰতিবাদে কেন্দ্ৰৰ বিজেপি চৰকাৰক ব্যতিব্যস্ত কৰি ৰখাৰ সময়তে এইবাৰ পঞ্জাবৰ পৰা আন এক দুঃখবৰ আহিছে বিজেপিলৈ। পঞ্জাবৰ পৌৰ নিগমৰ নিৰ্বাচনত কংগ্ৰেছে বৃহৎ জয় সাব্যস্ত কৰিবলৈ সক্ষম হৈছে।

আৰু পঢ়িব পাৰিব : জম্মু-কাশ্মীৰত উপস্থিত কুৰিজনীয়া বিদেশী ৰাষ্ট্ৰদূতৰ দল

সাতখন মিউনিচিপাল কৰ্প’ৰেচনৰ বাবে হোৱা নিৰ্বাচনত ছখনতে বিজয় সাব্যস্ত কৰিছে কংগ্ৰেছে। মোগা, হোছিয়াৰপুৰ, কাপুৰথালা, অবোহাৰ, পাঠানকোট আৰু ভাতিণ্ডাত বিজয়ী হৈছে কংগ্ৰেছ। মন কৰিবলগীয়া যে, ৫৩বছৰ পাছত ভাতিণ্ডা পৌৰনিগম নিজৰ দখললৈ নিবলৈ সক্ষম হৈছে কংগ্ৰেছে।

আৰু পঢ়িব পাৰিব : এইবাৰ মন্ত্ৰীৰ বিৰুদ্ধে অপপ্ৰচাৰ ৱেব প’ৰ্টেলৰ, কঠোৰ আৰক্ষী

ভাতিণ্ডা লোকসভা সমষ্টিটোক প্ৰতিনিধিত্ব কৰি আছে শিৰোমণি আকালি দলৰ হৰছিমৰাত বাদলে। বিজেপিৰ দীৰ্ঘকালৰ সহযোগী দলটোৱে কৃষি আইনৰ বিৰুদ্ধে স্থিতি গ্ৰহণ কৰি এনডিএ চৰকাৰৰ পৰা আঁতৰি আহিছিল। কৃষি আইনবিৰোধী প্ৰতিবাদৰ মাজতে বিজেপিৰ বাবে এই ফলাফল আন এক আঘাত হিচাপে বিবেচিত হৈছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ