--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ ১২ মে’ত বিশ্বৰ সৰ্বোচ্চ মাউণ্ট এভাৰেষ্টৰ চূড়া জয় কৰি অসমলৈ অহা হেদায়েৎ আলীক অগ্ৰণী দুঃসাহসিক ক্ৰীড়াসংগঠন এক্সপ্ল’ৰাৰ্ছে সম্বৰ্ধনা জ্ঞাপন কৰে৷ ‘হোটেল লেণ্ডমাৰ্ক’ত এই উপলক্ষে আয়োজিত এক অনুষ্ঠানত এভাৰেষ্ট আৰোহীজনক সম্বৰ্ধনা জনোৱা হয়৷ এভাৰেষ্টৰ আৰোহণৰ বাবে ৯ বছৰ ধৰি দেখা সপোন বাস্তৱায়িত কৰাৰ বাবে শাৰীৰিক-মানসিকভাৱে যথেষ্ট পৰিশ্ৰম কৰা বুলি আলীয়ে জানিবলৈ দিয়ে৷ এভাৰেষ্টৰ বক্ষত পৰিচিত ব্যক্তিৰ মৃতদেহৰ কাষেদি ওপৰলৈ আৰোহণ কৰি মনত পোৱা বেদনাৰ বিষয়ে তেওঁ উল্লেখ কৰে৷ 

ইতিমধ্যে এভাৰেষ্টৰ উপৰি তিনিখন মহাদেশৰ আন তিনিটা শিখৰ হেদায়েৎ আলীয়ে আৰোহণ কৰিছে৷ দক্ষিণ আমেৰিকাৰ সৰ্বোচ্চ শিখৰ মাউণ্ট একনাকাগুৱা, আফ্ৰিকাৰ সৰ্বোচ্চ কিলিমাঞ্জাৰো আৰু ইউৰোপৰ সৰ্বোচ্চ মাউণ্ট এলব্ৰাছৰ শীৰ্ষত ইতিমধ্যে গামোচা উৰুৱাইছে বৰ্তমান যুক্তৰাষ্ট্ৰৰ চিলিকনভেলীৰ নিবাসী হেদায়েৎ আলীয়ে৷ হাজোৰ দামপুৰ গাঁৱৰ পৰা গৈ যুক্তৰাষ্ট্ৰত থিতাপি লোৱা ছফটৱেৰ ইঞ্জিনিয়াৰ হেদায়েৎ আলীয়ে অনুষ্ঠানত এভাৰেষ্ট অভিযানৰ আন বহু অভিজ্ঞতা অনুষ্ঠানত বৰ্ণনা কৰে৷ হেদায়েৎ আলীৰ অভিযানৰ আন এক বিশেষত্ব হৈছে ৫১ বছৰ বয়সত এটা আন্তৰ্জাতিক পৰ্বতাৰোহণ অভিযানৰ নেতৃত্ব দি এভাৰেষ্ট শিখৰ জয় কৰাটো৷ 


এক্সপ্ল’ৰাৰ্ছ সংগঠনে জাপি, ফুলাম গামোচা, আৰনাই, চাদৰ, স্মাৰক প্ৰদান কৰি এভাৰেষ্ট আৰোহীজনক উষ্ম সম্বৰ্ধনা জ্ঞাপন কৰে৷ 
অনুষ্ঠানত অসম অলিম্পিক সন্থা, অসম কেনয়িং এণ্ড কায়াকিং সন্থা আদি সংগঠনেও সম্বৰ্ধনা জ্ঞাপন কৰে৷ এক্সপ্ল’ৰাৰ্ছৰ সভাপতি ৰাজীৱ প্ৰকাশ বৰুৱাৰ পৌৰহিত্যত আয়োজিত এই অনুষ্ঠানত ‘অসম অলিম্পিক সন্থা’ৰ সাধাৰণ সম্পাদক লক্ষ্য কোঁৱৰ, অসম ক্ৰীড়া সাংবাদিক সন্থাৰ সভাপতি সুবোধ মল্ল বৰুৱা, প্ৰণয় বৰদলৈ আদিয়েও হেদায়েৎ আলীক অভিনন্দন জনাই বক্তব্য দাঙি ধৰে৷



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ