--°C
Loading...
Listen to Article
2 min read
80%

ডিজিটেল ডেস্ক : কংগ্ৰেছৰ প্ৰাক্তন সভাপতি ৰাহুল গান্ধীক আজি নেচনেল হেৰল্ড গোচৰৰ সন্দৰ্ভত ইডি কাৰ্যালয়ত সোধা-পোছা কৰা হৈছে। ইয়াক লৈ ৰাজনৈতিক অস্থিৰতাও তীব্ৰতৰ হৈছে। এফালে, কংগ্ৰেছে ইডিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে। দেশজুৰি ইডিৰ কাৰ্যালয়ৰ সন্মুখত প্ৰতিবাদ কৰে কংগ্ৰেছে। তাৰ বিপৰীতে বিজেপিয়েও তীব্ৰ প্ৰত্যাক্ৰমণ কৰা দেখিবলৈ পোৱা গৈছে। দলৰ নেতা ৰণদীপ সিং সূৰ্যেৱালা আৰু যুৱ কংগ্ৰেছৰ সভাপতি শ্ৰীনিবাসকে ধৰি কেইবাজনো জ্যেষ্ঠ নেতাক আৰক্ষীয়ে পদযাত্ৰাৰ সময়তে আটক কৰে। ইফালে, এটা সূত্ৰই সদৰি কৰিছে যে, ৰাহুল গান্ধীক কোনবোৰ প্ৰশ্ন কৰিছিল ইডিয়ে। ইডিয়ে একেপাত কাড়েৰে একাধিক লক্ষ্যত আঘাত হনাৰ চেষ্টা কৰা বুলিও সূত্ৰটোৱে সদৰি কৰিছে। ৰাহুল গান্ধীৰ সৈতে ইডিৰ প্ৰথম পৰ্যায়ৰ প্ৰশ্ন শেষ হৈছে। এতিয়া দ্বিতীয় পৰ্যায়ৰ বাবে প্ৰশ্ন কৰা হৈছে। ৰাহুলে আজি সন্মুখীন হোৱা প্ৰশ্নবোৰৰ ভিতৰত আছে-

(১)ইয়ং ইণ্ডিয়ান কোম্পানীৰ সৈতে সম্পৰ্ক কি?

(২)আপুনি এই কোম্পানীৰ পৰিচালক কেনেকৈ  হ'ল?

(৩)আপুনি শ্বেয়াৰ কেনেদৰে ক্ৰয় কৰিছিল?

(৪)শ্বেয়াৰ ক্ৰয়ৰ বাবে আপোনাক কোনোবাই ধন দিছিল নেকি?

(৫)যদি দিছিল, কোনটো বেংক একাউণ্টৰ কেনেদৰে দিয়া হৈছিল?

আনহাতে, ৰাহুলক  কোন বেংকত তেওঁৰ  একাউণ্ট আছে? বিদেশত বেংক একাউণ্ট আছে নেকি? যদি আছে, তাৰ তথ্য, তেওঁৰ সম্পত্তি ক'ত ক’ত আছে? তেওঁৰ বিদেশতো সম্পত্তি আছে নেকি? যদি আছে, তেন্তে কাৰ সবিশেষ আদিৰ বিষয়েও প্ৰশ্ন কৰে।

 ইয়াৰ পূৰ্বে, ৰাহুল গান্ধীয়ে ইডি কাৰ্যালয়লৈ যোৱাৰ সময়ত কংগ্ৰেছৰ মুখ্য কাৰ্যালয়ৰ পৰা কিছু দূৰ খোজকাঢ়ি গৈছিল। আৰক্ষীয়ে এই সময়ছোৱাত কংগ্ৰেছ নেতা আৰু কৰ্মীসকলক বাধা দিয়ে। পুৱা প্ৰায় ১১ বজাত, ৰাহুল গান্ধীৰ কনভয় ইডি কাৰ্যালয়ত উপস্থিত হৈছিল। ইয়াৰ পূৰ্বে, দলটোৰ প্ৰস্তাৱিত পদযাত্ৰাৰ পৰিপ্ৰেক্ষিতত, আৰক্ষীয়ে কেইবাজনো কংগ্ৰেছ কৰ্মীক আটক কৰে আৰু দলৰ মুখ্য কাৰ্যালয়ৰ চাৰিওফালে ১৪৪ ধাৰা জাৰি কৰে।

 ইফালে, কেন্দ্ৰীয় চৰকাৰে বিভিন্ন কেন্দ্ৰীয় তদন্তকাৰী সংস্থাবোৰৰ অপব্যৱহাৰৰ অভিযোগ উত্থাপন কৰিছে। কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধী আৰু ৰাহুল গান্ধীৰ বিৰুদ্ধে মিছা অভিযোগ উত্থাপন কৰি চৰকাৰে তেওঁলোকৰ বিৰুদ্ধে ষড়যন্ত্ৰ ৰচনা কৰা বুলি অভিযোগ কৰিছে কংগ্ৰেছে। কংগ্ৰেছৰ জ্যেষ্ঠ নেতা মানিক্কম ঠাকুৰে কয়, প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডী আৰু কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহে ইডি, চিবিআই আদিক বিৰোধীৰ কণ্ঠৰোধৰ বাবে ব্যৱহাৰ কৰিছে। উল্লেখ্য যে, কংগ্ৰেছে তেওঁৰ শীৰ্ষ দুই নেতাৰ বিৰুদ্ধে ইডি-এ অনা অভিযোগ মিছা আৰু ভিত্তিহীন বুলি অভিযোগ কৰিছিল। এয়া বিজেপিৰ প্ৰতিশোধৰ ৰাজনীতি বুলিও দলটোৱে অভিযোগ কৰি আহিছে। ইফালে, কংগ্ৰেছ সভাপতি ছোনিয়া গান্ধীকো ২৩ জুনত ইডিৰ সন্মুখত হাজিৰ হ’বলৈ নিৰ্দেশ দিয়া হৈছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ
মৰাণত ভয়ংকৰ পথ দুৰ্ঘটনা; দুটি শিশুসহ মুঠ ৫ গৰাকী আহত