--°C
Loading...
Listen to Article
2 min read
80%

লক্ষ্ণৌ : মাতৃক ক্ষমাদানৰ প্ৰাৰ্থনাৰে ৰাষ্ট্ৰপতিৰ কাষ চাপিছে এগৰাকী ১২বছৰীয়া কিশোৰ। এটা জঘন্য হত্যাকাণ্ডত জড়িত মাতৃক ন্যায়ালয়ে দিছে মৃত্যুদণ্ড। দেশৰ ৰাষ্ট্ৰপতিয়েও তেওঁৰ ক্ষমাপ্ৰাৰ্থনা অগ্ৰাহ্য কৰিছে। এনে পৰিপ্ৰেক্ষিতত মহিলাগৰাকী ফাঁচিকাঠত ওলোমাতো প্ৰায় নিশ্চিত হৈ পৰিছে। তেওঁক লৈ দেশজুৰি চলিছে চৰ্চা। কিয়নো তেওঁ হ’ব স্বাধীন ভাৰত প্ৰথম মহিলা অপৰাধী যিয়ে ফাঁচিৰ চৰম শাস্তি ভোগ কৰিবলৈ অগ্ৰসৰ হৈছে।

আৰু পঢ়িব পাৰিব : ‘আছু’ উপ-সভাপতি মানিক গগৈৰ পদত্যাগঃ আৱেগিক ছাত্ৰকৰ্মী

শ্বৱনম আলী নামৰ মহিলাগৰাকীৰ ফাঁচি দিয়াৰ প্ৰস্তুতি

উত্তৰ প্ৰদেশৰ মথুৰা কাৰাগাৰত শ্বৱনম আলী নামৰ মহিলাগৰাকীৰ ফাঁচি দিয়াৰ প্ৰস্তুতি চলি থকাৰ সময়তে তেওঁৰ ১২ বছৰীয়া পুত্ৰই এতিয়া ৰাষ্ট্ৰপতিক প্ৰাৰ্থনা জনাইছে তেওঁৰ মাতৃক ক্ষমাদান কৰাৰ বাবে। মহম্মদ তাজ নামৰ শ্ববনমৰ ১২বছৰীয়া পুত্ৰই সাংবাদিকৰ আগত কয়, ‘মই মোৰ মাক ভাল পাওঁ। ৰাষ্ট্ৰপতি আংকলৰ ওচৰত মোৰ এটাই দাবী, তেওঁ যাতে মোৰ মাৰ ফাঁচি হ’বলৈ নিদিয়ে।’ এখন চকীৰ ওপৰত থিয় হৈ তাজে মাতৃৰ বাবে ক্ষমা প্ৰাৰ্থনা লিখা থকা এখন ব’ৰ্ড সকলোৰে সন্মুখত তুলি ধৰিছিল। ‘মোৰ মাক ক্ষমা কৰাটো ৰাষ্ট্ৰপতি মহোদয়ৰ হাতত আছে। এই বিষয়ে মোৰ সম্পূৰ্ণ বিশ্বাস আছে।’ তাজে কয়।

আৰু পঢ়িব পাৰিব : কুইপ’ৰ ২ বিষয়াক চৰম শাস্তিৰ ঘোষণা আলফা(স্বা)ৰ…

উল্লেখ্য যে, ২০০৮ চনত প্ৰেমিকৰে মিলি শ্ববনমে তেওঁৰ পৰিয়ালৰ ৭জন সদস্যক হত্যা কৰাৰ গোচৰত দোষী সাব্যস্ত হৈছিল। কাৰাগাৰতে শ্বৱনমে তাজক জন্ম দিছিল আৰু কিশোৰটি এতিয়া সাংবাদিক উছমান ছাইফীৰ আশ্ৰয়ত থাকে। তাজে প্ৰায়েই তেওঁৰ তোলনীয়া পিতৃৰ সৈতে মাকক কাৰাগাৰত সাক্ষাৎ কৰে। এই বিষয়ে প্ৰকাশ কৰি তাজে কয়, ‘মই যেতিয়াই তেওঁৰ কাষলৈ যাওঁ, তেওঁ মোক সাবটি ধৰে আৰু মই কেনে আছোঁ সোধে। মই কি কৰি আছোঁ, স্কুল কেতিয়া খুলিব, মই মা-দেউতাক আমনি কৰিছোঁ নেকি সকলো খবৰ লয়।’

আৰু পঢ়িব পাৰিব : মানৱ সৰবৰাহকাৰী দম্পত্তিক গ্ৰেপ্তাৰ ওদালগুৰিৰ চাহ বাগিছাত…

তাজক তুলি লোৱা ইছমান ছাইফীয়ে কয়, আমি তেওঁক ভাল শিক্ষা দিবলৈ যৎপৰোনাস্তি চেষ্টা কৰিছোঁ। তেওঁক ভাল মানুহ হিচাপে গঢ়িবলৈ যত্ন কৰিছোঁ। আমি এই বাৰ্তা দিবলৈ যত্ন কৰিছোঁ যে, তেওঁৰ মাতৃ যি অপৰাধতেই দোষী সাব্যস্ত নহওক কিয় তেওঁৰ শিশুটি কেতিয়াও অপৰাধী নহয়।’ উল্লেখ্য যে, মথুৰাৰ মহিলা ফাঁচিশালত স্বাধীনতাৰ পাছত প্ৰথমবাৰৰ বাবে শ্ববনম ফাঁচি দিয়াটো নিশ্চিত হৈছে। ফাঁচিৰ দিন ঠিক নহ’লেও ইয়াৰ বাবে যাৱতীয় প্ৰস্তুতি চলিছে আৰু মৃত্যু পৰোৱানালৈ কৰ্তৃপক্ষই বাট চাইছে।


FOLLOW US F
POPULAR
FEATURE
TRENDY
অসমৰ কৃষকলৈ সুখবৰ! আলু খেতিৰে জীৱিকাৰ নতুন পথ মুকলি কৰিবলৈ ‘KADlien’ৰ বিশেষ পদক্ষেপ
ৰৌতাত চাঞ্চল্যকৰ ঘটনা; ধাননি পথাৰৰ মাজত উদ্ধাৰ অচিনাক্ত মৃতদেহ
লক্ষ্মী নাৰায়ণ ৰাজযোগ: সোণালী সময় আৰম্ভ হ’ব ৪টা ৰাশিৰ
বিশ্ব অৰ্থনীতিত সংকট! তেলৰ তিনিটা মূল পথ বন্ধ হোৱাৰ আশংকাত কঁপিছে সমগ্ৰ বিশ্ব
নুমলীগড়ত হৃদয়বিদাৰক দৃশ্য; বাহনৰ খুন্দাত বান্দৰৰ মৃত্যু, দীৰ্ঘ সময় মৃতদেহ পহৰা দি ৰাখে পোৱালি আৰু এটা সংগী বান্দৰে
বিজনীত আঢ়ৈ মাহ ধৰি সন্ধানহীন ৬ বছৰীয়া সন্তানৰ মাতৃ
মহানগৰীৰ বেলতলাত লোমহৰ্ষক হত্যাকাণ্ড! ফ্ৰীজত পত্নীৰ ছিন্নমুণ্ড, মৃতদেহৰ কাষতে বহি সুৰাপান স্বামীৰ
জোনাইত মাহ-প্ৰসাদত বিষক্ৰিয়া; ১০জন গুৰুতৰভাৱে অসুস্থ,দুজনৰ অৱস্থা সংকটজনক
ধেমাজিত তীব্ৰবেগী অচিনাক্ত বাহনৰ খুন্দাত প্ৰথম শ্ৰেণীৰ ছাত্ৰৰ থিতাতে মৃত্যু
আয়’ডিনৰ অভাৱত ভূগিছে নেকি? ডায়েটত অন্তৰ্ভূক্ত কৰক এইকেইবিধ খাদ্য
ৰঙাপৰাত ১২টাকৈ গৰু জব্দ, দুজন লোকক আটক
বাস্তুশাস্ত্ৰ অনুযায়ী ঘৰত কি কি বস্তু একেলগে দুটা থকাটো অশুভ? জানি লওক সৱিশেষ
পনীৰ খালে শৰীৰে কি কি উপকাৰ লাভ কৰে আপুনি জানেনে?
৪দিন ধৰি সন্ধানহীন সৰুপথাৰৰ যুৱক; পৰিয়ালত হাহাকাৰ