--°C
Loading...
Listen to Article
2 min read
80%

কৰিমগঞ্জ : পাছপোৰ্ট, ভিছাৰ নিয়ম উলংঘা কৰাৰ বাবে বাংলাদেশৰ এগৰাকী ইছলামিক নেতাক ওভতাই পঠিয়ালে ভাৰতে। কৰিমগঞ্জ আৰক্ষীয়ে আজি সুতাৰকান্দি সীমান্তৰে ইছলামিক নেতা মুফতি হুছেইন আহমদ ছিদ্দিকিক বাংলাদেশলৈ ওভতাই পঠিয়ায়।

আৰু পঢ়িব পাৰিব : লাডাখ সীমান্তৰ বিবদমান স্থানৰপৰা আঁতৰিল ভাৰত-চীনৰ সৈন্য


ছিদ্দিকিৰ ঘৰ বাংলাদেশৰ ব্ৰাহ্মণবাৰিয়াত। তেওঁ যোৱা ফেব্ৰুৱাৰী মাহত চিকিৎসাৰ ভিছা লৈ ভাৰতত প্ৰৱেশ কৰি অসমৰ বিভিন্ন জিলাৰ লগতে কৰিমগঞ্জৰ বহু এলেকাত ধৰ্ম প্ৰচাৰ কৰিছিল। অৱশ্যে পাথাৰকান্দিত ওয়াজ মেহফিলত অংশ লোৱাৰ পূৰ্বে কৰিমগঞ্জ আৰক্ষীয়ে বাংলাদেশৰ ইছলামিক নেতাজনক আটক কৰিবলৈ সক্ষম হয়।

আৰু পঢ়িব পাৰিব : গালোৱান সংঘৰ্ষ : প্ৰথমবাৰলৈ নিজৰ ক্ষতিৰ কথা স্বীকাৰ চীনৰ


উল্লেখ্য যে, হুছেইন মুফতিয়ে চিকিৎসা কৰোঁৱাৰ নামত ভিছা সংগ্ৰহ কৰি ধৰ্ম প্ৰচাৰ আৰম্ভ কৰিছিল।অতিৰিক্ত আৰক্ষী অধীক্ষক পংকজ যাদৱৰ নেতৃত্বত আৰক্ষীয়ে গোপন সূত্ৰৰ পম খেদি তেওঁক আটক কৰি নিজ দেশলৈ ওভতাই পঠিয়ায়।


FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ