--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রাচীন কালৰে পৰা নাগচম্পা উদ্ভিদে ৰোগ নিৰাময় গুণৰ বাবে মানৱ জাতিৰ প্ৰতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে।

ডিজিটেল ডেস্ক : প্রকৃতি আৰু বন্যপ্ৰাণীৰ কল্যাণৰ বাবেই উৎসর্গিত এক সত্তা তেজপুৰৰ সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে আৰম্ভ কৰিছে অন্য এক অভিযান। বিভিন্ন মূল্যৱান গছপুলি ৰোপণেৰে সেউজ বিপ্লৱৰ সূচনা কৰি অহা বৰকটকীৰ প্ৰচেষ্টাত বহু দুর্লভ গছ-গছনিৰ সমাহাৰ ঘটিছে শোণিতপুৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।


ইয়াৰ মাজতে বৰকটকীয়ে এইবাৰ অভিযান আৰম্ভ কৰিছে সম্প্রতি অতি দুর্লভ হিচাপে পৰিগণিত নাগচম্পাৰ পুলি ৰোপণৰ। এই অভিযানৰ অংশ হিচাপে ২৯ জুনত অসমৰ অন্যতম পৰিৱেশ সংৰক্ষণমূলক সংস্থা 'সেউজ ছ'চাইটি'ৰ উদ্যোগত শ্বহীদ নগৰী ঢেকীয়াজুলিত কেইবাটাও স্থানত নাগচম্পা পুলি ৰোপণ কৰা হয়।


শোণিতপুৰৰ গছ বিহুৰ প্ৰাংগণ হিচাপে পৰিচিত পশ্চিম ঢেকীয়াজুলি ৰঙালী বিহুস্থলীত সর্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ নেতৃত্বত সেউজ ছ'চাইটিৰ ৰাজ্যিক সভাপতি সঞ্জয় বৰুৱাৰ পৰিচালনাত ৰাজ্যিক কার্যবাহী সদস্য সুশান্ত দত্ত, সংস্থাৰ ঢেকীয়াজুলি আঞ্চলিকৰ পৰিৱেশ কৰ্মী ডলী দাস আৰু মনময়ূৰী দাস সমন্বিতে পশ্চিম ঢেকীয়াজুলি বঙালী বিহু সন্মিলনৰ সভাপতি গিৰীশ চন্দ্র দাস, সম্পাদক দুলাল নাথে উক্ত অভিযানত সহযোগ কৰে। আনহাতে দ্বিতীয় কার্যসূচীত শ্বহীদ নগৰীৰ শ্বহীদ উদ্যানত নাগচম্পা ৰোপণ কাৰ্যসূচীত সহযোগ কৰে আছাম প্ৰেছ কৰেছপণ্ডেছ ইউনিয়ন চমুকৈ আপকুৰ ঢেকীয়াজুলি সমাজিলাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কল্পজ্যোতি নাথে। উক্ত কাৰ্যসূচীত পৰিৱেশ কর্মী বাপধন দাস, 'প্রকৃতি' গোটৰ সম্পাদক মচিনুৰ ৰহমানৰ লগতে কেইবাগৰাকীও বিশিষ্ট পৰিৱেশকৰ্মীৰ উপস্থিতিত নাগচম্পাৰ অভিযান সম্পর্কে সর্প বিশেষজ্ঞগৰাকীয়ে কয়, নাগচম্পা বহু ঔষধি গুণ থকা গছ।


প্রাচীন কালৰে পৰা এনে উদ্ভিদে ৰোগ নিৰাময় গুণৰ বাবে মানৱ জাতিৰ প্ৰতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে। এই অভিযান কালত সংবাদ মাধ্যমক বৰকটকীয়ে জনোৱা মতে প্রাচীন কালৰে পৰা এনে উদ্ভিদে ৰোগ নিৰাময় গুণৰ বাবে মানৱ জাতিৰ প্রতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে। ইয়াৰ মৌলিক দিশ, যেনে- সুৰক্ষা, গুণগত মান আৰু কার্যক্ষমতাই স্বাস্থ্যসেৱাত উদ্ভিদ ভিত্তিক ঔষধৰ ভূমিকা নিশ্চিত কৰে।


সাধাৰণতে 'কেননবল' গছ বুলি জনাজাত এইবিধ গছ 'ব্রাজিল-বাদাম পৰিয়াল'ৰ সদস্য। এন্টিবায়টিক, এন্টিচেপ্টিক, এন্টি-ইনফ্লেমেটৰী, এপ্টিমাইক্র 'বিয়াল, এন্টিমাইক্র' বেক্টেৰিয়েল, এন্টিআর্থাইটিক, এন্টিবায়'ফিল্ম, এন্টিডায়েৰিয়াল, এন্টিফার্টিলিটা, এন্টিপাইৰেটিক, এন্টিষ্ট্ৰেছ, এন্টিটিউমাৰ, এন্টিআলচাৰ, এন্টিডার্মেট ফাইটিক আদি বহু গুণৰ বাবে কেননবল গছে আজি বিশ্বজুৰি চর্চা লাভ কৰিছে। নাগচম্পা গছৰ প্ৰায় সকলো অংশই পৰম্পৰাগতভাৱে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছে।


২০২৪ বর্ষত 'প্রকৃতি' গোটৰ তৰফৰ পৰা নাগচম্পা সন্দর্ভত সমগ্র অসমতে 'সর্পবান্ধৱ সৌৰভ বৰকটকী টীম'ৰ তৰফৰ এক জৰীপ কৰা হৈছিল। জৰীপত প্রায় ৭ জোপা এই প্রজাতিৰ গছ পোৱা বুলি মঙলবাৰে প্রকাশ কৰে সৌৰভ বৰকটকীয়ে। উল্লেখযোগ্য যে বিগত বৰ্ষত অসমৰ কেইবাখনো জিলাত নাগচম্পা ৰোপণ কার্য ইতিমধ্যে সম্পন্ন হৈছে। এইবাৰ আৰম্ভ হৈছে নাগচম্পাৰ দ্বিতীয় পৰ্যায়ৰ ৰোপণ -২০২৫।


শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ নাগচম্পা ৰোপণৰ বীজ ইতিমধ্যে বেংগালুৰুৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ বনাঞ্চলৰ প্ৰাক্তন সঞ্চালক ভাৰতীয় বন সেৱাৰ বিষয়া তথা আন্তঃৰাষ্ট্ৰীয় ছেৰিকালচাৰ আয়োগৰ মহাসচিব পি শিৱ কুমাৰে প্ৰেৰণ কৰিছিল তেজপুৰলৈ। আগন্তুক ১-২ মাহত অসমৰ প্ৰতিখন জিলাতে ৰোপণ কৰা হ'ব নাগচম্পা। উল্লেখ্য যে ২০১৭ চনৰ পৰা আজিলৈকে নাগচম্পা ৰোপণৰ ক্ষেত্ৰত বৰকটকীয়ে কোনো চৰকাৰী অনুদান কিম্বা বেচৰকাৰী সহায় নোলোৱাকৈয়ে সম্পূর্ণ নিজাববীয়াকৈ ৰোপণ কৰি আহিছে নাগচম্পা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
বচ্চন পৰিয়ালত আৰ্থিক সমস্যা ! অমিতাভে বিক্ৰী কৰিলে দুটাকৈ বিলাসী ফ্লেট
নিলম্বন কৰা হ'ল হাফলং উপকাৰাগাৰৰ 'Jailer' আৰু 'Warder'ক
আকৌ উন্মোচন মহম্মদ ইউনুছৰ ভাৰত-বিৰোধী ব্লুপ্রিন্ট, অসমসহ উত্তৰ-পূৰ্বাঞ্চলক সামৰি এখন বৃহত্তৰ বাংলাদেশৰ পৰিকল্পনা
কাছাৰত পুনৰ গ্ৰেপ্তাৰ ভুৱা চিকিৎসক
ভাৰতীয় মহিলা ক্ৰিকেট দলৰ খেলুৱৈসকললৈ Tata Sierra উপহাৰ টাটা মটৰ্ছৰ
মই সেই মুহূৰ্ততে এতিয়াও আবদ্ধ হৈ আছোঁ; আহমেদাবাদ বিমান দুৰ্ঘটনাৰ একমাত্ৰ জীৱিত ব্যক্তি বিশ্বাস কুমাৰ ৰমেশে যুঁজি আছে গুৰুতৰ ৰোগৰ সৈতে
জুবিন গাৰ্গৰ ন্যায় বিচাৰি দুখত ভাগি পৰিছে এগৰাকী আইতা
'হেছটেগ জাষ্টিচ ফৰ জুবিন গাৰ্গ'এ স্পর্শ কৰিলে ৪.১ মিলিয়ন, অসমীয়াৰ ডিজিটেল আন্দোলনৰ অভিলেখ
প্রধানমন্ত্রী মোদী দেখিবলৈও সুন্দৰ, তেওঁ মহান ব্যক্তি; মোদীৰ প্ৰশংসাত পঞ্চমুখ মাৰ্কিন ৰাষ্ট্ৰপতি ট্রাম্প
ৰৈ ৰৈ বিনালে চাবলৈ নোপোৱা দুখে দহিছে মাজুলীবাসীক ; মাজুলীত ছবিগৃহ নিৰ্মাণ কৰাৰ কথা মঞ্চত ঘোষণা কৰিছিল জুবিন গাৰ্গে
বাংলাদেশৰ জাতীয় সংগীত গোৱা কংগ্ৰেছীৰ বিৰুদ্ধে ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ তৰিব অসম চৰকাৰে
জুবিনৰ শক্তি! ‘ৰৈ ৰৈ বিনালে’ৰ বাবে অসমত এটাও দৰ্শনী পোৱা নাই আজি মুক্তি পোৱা ‘বাহুবলী ৩’য়ে
৩৩ বছৰৰ পাছত পাৰমাণৱিক অস্ত্ৰ পৰীক্ষা কৰিব আমেৰিকাই, ৰাছিয়া-চীনক লক্ষ্য কৰি ট্ৰাম্পৰ ঘোষণা
বল্লভভাই পেটেলক স্মৰণ কৰি বিশাল পেৰেডেৰে আজি একতা দিৱস উদযাপন; অনুষ্ঠানত উপস্থিত প্ৰধানমন্ত্ৰী মোদী