--°C
Loading...
Listen to Article
2 min read
80%

In Short

  • প্রাচীন কালৰে পৰা নাগচম্পা উদ্ভিদে ৰোগ নিৰাময় গুণৰ বাবে মানৱ জাতিৰ প্ৰতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে।

ডিজিটেল ডেস্ক : প্রকৃতি আৰু বন্যপ্ৰাণীৰ কল্যাণৰ বাবেই উৎসর্গিত এক সত্তা তেজপুৰৰ সৰ্পবান্ধৱ সৌৰভ বৰকটকীয়ে আৰম্ভ কৰিছে অন্য এক অভিযান। বিভিন্ন মূল্যৱান গছপুলি ৰোপণেৰে সেউজ বিপ্লৱৰ সূচনা কৰি অহা বৰকটকীৰ প্ৰচেষ্টাত বহু দুর্লভ গছ-গছনিৰ সমাহাৰ ঘটিছে শোণিতপুৰ জিলাৰ লগতে ৰাজ্যৰ বিভিন্ন প্ৰান্তত।


ইয়াৰ মাজতে বৰকটকীয়ে এইবাৰ অভিযান আৰম্ভ কৰিছে সম্প্রতি অতি দুর্লভ হিচাপে পৰিগণিত নাগচম্পাৰ পুলি ৰোপণৰ। এই অভিযানৰ অংশ হিচাপে ২৯ জুনত অসমৰ অন্যতম পৰিৱেশ সংৰক্ষণমূলক সংস্থা 'সেউজ ছ'চাইটি'ৰ উদ্যোগত শ্বহীদ নগৰী ঢেকীয়াজুলিত কেইবাটাও স্থানত নাগচম্পা পুলি ৰোপণ কৰা হয়।


শোণিতপুৰৰ গছ বিহুৰ প্ৰাংগণ হিচাপে পৰিচিত পশ্চিম ঢেকীয়াজুলি ৰঙালী বিহুস্থলীত সর্প বিশেষজ্ঞ সৌৰভ বৰকটকীৰ নেতৃত্বত সেউজ ছ'চাইটিৰ ৰাজ্যিক সভাপতি সঞ্জয় বৰুৱাৰ পৰিচালনাত ৰাজ্যিক কার্যবাহী সদস্য সুশান্ত দত্ত, সংস্থাৰ ঢেকীয়াজুলি আঞ্চলিকৰ পৰিৱেশ কৰ্মী ডলী দাস আৰু মনময়ূৰী দাস সমন্বিতে পশ্চিম ঢেকীয়াজুলি বঙালী বিহু সন্মিলনৰ সভাপতি গিৰীশ চন্দ্র দাস, সম্পাদক দুলাল নাথে উক্ত অভিযানত সহযোগ কৰে। আনহাতে দ্বিতীয় কার্যসূচীত শ্বহীদ নগৰীৰ শ্বহীদ উদ্যানত নাগচম্পা ৰোপণ কাৰ্যসূচীত সহযোগ কৰে আছাম প্ৰেছ কৰেছপণ্ডেছ ইউনিয়ন চমুকৈ আপকুৰ ঢেকীয়াজুলি সমাজিলাৰ সম্পাদক তথা জ্যেষ্ঠ সাংবাদিক কল্পজ্যোতি নাথে। উক্ত কাৰ্যসূচীত পৰিৱেশ কর্মী বাপধন দাস, 'প্রকৃতি' গোটৰ সম্পাদক মচিনুৰ ৰহমানৰ লগতে কেইবাগৰাকীও বিশিষ্ট পৰিৱেশকৰ্মীৰ উপস্থিতিত নাগচম্পাৰ অভিযান সম্পর্কে সর্প বিশেষজ্ঞগৰাকীয়ে কয়, নাগচম্পা বহু ঔষধি গুণ থকা গছ।


প্রাচীন কালৰে পৰা এনে উদ্ভিদে ৰোগ নিৰাময় গুণৰ বাবে মানৱ জাতিৰ প্ৰতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে। এই অভিযান কালত সংবাদ মাধ্যমক বৰকটকীয়ে জনোৱা মতে প্রাচীন কালৰে পৰা এনে উদ্ভিদে ৰোগ নিৰাময় গুণৰ বাবে মানৱ জাতিৰ প্রতি গুৰুত্বপূর্ণ অৱদান আগবঢ়াই আহিছে। ইয়াৰ মৌলিক দিশ, যেনে- সুৰক্ষা, গুণগত মান আৰু কার্যক্ষমতাই স্বাস্থ্যসেৱাত উদ্ভিদ ভিত্তিক ঔষধৰ ভূমিকা নিশ্চিত কৰে।


সাধাৰণতে 'কেননবল' গছ বুলি জনাজাত এইবিধ গছ 'ব্রাজিল-বাদাম পৰিয়াল'ৰ সদস্য। এন্টিবায়টিক, এন্টিচেপ্টিক, এন্টি-ইনফ্লেমেটৰী, এপ্টিমাইক্র 'বিয়াল, এন্টিমাইক্র' বেক্টেৰিয়েল, এন্টিআর্থাইটিক, এন্টিবায়'ফিল্ম, এন্টিডায়েৰিয়াল, এন্টিফার্টিলিটা, এন্টিপাইৰেটিক, এন্টিষ্ট্ৰেছ, এন্টিটিউমাৰ, এন্টিআলচাৰ, এন্টিডার্মেট ফাইটিক আদি বহু গুণৰ বাবে কেননবল গছে আজি বিশ্বজুৰি চর্চা লাভ কৰিছে। নাগচম্পা গছৰ প্ৰায় সকলো অংশই পৰম্পৰাগতভাৱে বিভিন্ন ৰোগৰ চিকিৎসাৰ বাবে ব্যৱহাৰ কৰা হৈছে।


২০২৪ বর্ষত 'প্রকৃতি' গোটৰ তৰফৰ পৰা নাগচম্পা সন্দর্ভত সমগ্র অসমতে 'সর্পবান্ধৱ সৌৰভ বৰকটকী টীম'ৰ তৰফৰ এক জৰীপ কৰা হৈছিল। জৰীপত প্রায় ৭ জোপা এই প্রজাতিৰ গছ পোৱা বুলি মঙলবাৰে প্রকাশ কৰে সৌৰভ বৰকটকীয়ে। উল্লেখযোগ্য যে বিগত বৰ্ষত অসমৰ কেইবাখনো জিলাত নাগচম্পা ৰোপণ কার্য ইতিমধ্যে সম্পন্ন হৈছে। এইবাৰ আৰম্ভ হৈছে নাগচম্পাৰ দ্বিতীয় পৰ্যায়ৰ ৰোপণ -২০২৫।


শ্বহীদ নগৰী ঢেকীয়াজুলিৰ পৰা আৰম্ভ হোৱা দ্বিতীয় পৰ্যায়ৰ নাগচম্পা ৰোপণৰ বীজ ইতিমধ্যে বেংগালুৰুৰ পৰা বিশ্ব ঐতিহ্য ক্ষেত্ৰ কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান আৰু ব্যাঘ্র সংৰক্ষণ বনাঞ্চলৰ প্ৰাক্তন সঞ্চালক ভাৰতীয় বন সেৱাৰ বিষয়া তথা আন্তঃৰাষ্ট্ৰীয় ছেৰিকালচাৰ আয়োগৰ মহাসচিব পি শিৱ কুমাৰে প্ৰেৰণ কৰিছিল তেজপুৰলৈ। আগন্তুক ১-২ মাহত অসমৰ প্ৰতিখন জিলাতে ৰোপণ কৰা হ'ব নাগচম্পা। উল্লেখ্য যে ২০১৭ চনৰ পৰা আজিলৈকে নাগচম্পা ৰোপণৰ ক্ষেত্ৰত বৰকটকীয়ে কোনো চৰকাৰী অনুদান কিম্বা বেচৰকাৰী সহায় নোলোৱাকৈয়ে সম্পূর্ণ নিজাববীয়াকৈ ৰোপণ কৰি আহিছে নাগচম্পা।


উৎসঃ দৈনিক জনমভূমি


FOLLOW US F
POPULAR
FEATURE
TRENDY
৬০০সংখ্যক টেষ্ট খেলিব ভাৰতে; ১৫ আগষ্টত শ্ৰীলংকাৰ গালেত ৰচনা হ’ব ইতিহাস
শিৱসাগৰৰ অভিজিত দুৱৰাৰ উদ্ভাৱন; বানে ঢকা নলা-নৰ্দমা আৰু গাঁতৰ পৰা হোৱা বিপদ ৰোধিবলৈ সৌৰ সুৰক্ষা যন্ত্ৰ নিৰ্মাণ
অসমৰ বানাক্ৰান্তালৈ সহায়ৰ হাত বিহাৰৰ ৰিপুৰাজ ফাউণ্ডেশ্যনৰ
কাৰ্বি পাহাৰত ধাৰাসাৰ বৰষুণ; বানৰ কবলত নগাঁও আমনিৰ কেইবাটাও অঞ্চল
ডাবৰ কোম্পানীৰ খাদ্য, পানীয় বিক্ৰীত নিষেধাজ্ঞা
সমগ্ৰ দেশৰ উদীয়মান কলাকাৰসকলক উপযুক্ত মঞ্চ প্ৰদান কৰিবলৈ ‘য়শ ৰাজ ফিল্মছ’ৰ ‘ৰাহ ৰেকৰ্ডছ’ মুকলি
গ্লাছগোত পদক জয়ত ব্যৰ্থ ভাৰতীয় ভাৰোত্তোলক মাৰ্টিনা দেৱী
অসমত বানৰ সংহাৰী ৰূপ: প্ৰায় ২ লাখ লোক গৃহহীন, জনজীৱন ব্যাহত
অসমৰ বানাক্ৰান্ত কৃষকক ১০০ দিনৰ আগতীয়া মজুৰিৰ দাবী, কেন্দ্ৰীয় গৃহমন্ত্ৰীৰ আশ্বাস
কুলছি বান্ধ প্ৰকল্পৰ বিৰুদ্ধে সীমান্তৱৰ্তী ৰাইজৰ তীব্ৰ প্ৰতিবাদ: প্ৰতিবেদন দাখিলৰ পিছতে পুনৰ জাগ্ৰত শংকা
বানত তিনিচুকীয়াত ৮০০ মিটাৰ ৰেল ট্ৰেক উটি যোৱাৰ পিছত উ.পূ.সী.ৰে.ৰ মেৰামতি অভিযান
উজনি অসমৰ বান: প্ৰকৃতিৰ এক কঠোৰ বাৰ্তা আৰু আমাৰ কৰণীয়
যোৰহাটত বানৰ বিভীষিকা: ঋণৰ বোজাৰে জুৰুলা পানগাঁওবাসী, চৰকাৰী সকাহে কিমান দূৰ পাব?
শিৱসাগৰত বানত আৱদ্ধ ১০০০ৰো অধিক লোকক স্থানীয় ৰাইজৰ সাহসিকতাৰে উদ্ধাৰ