--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্ক: ক্লে’ কোৰ্টৰ অবিসম্বাদী সম্ৰাট ৰাফেল নাডাল আকৌ এবাৰ প্ৰৱেশ কৰিছে ৰোঁলা গেৰোঁৰ ফাইনেলত। শুকুৰবাৰে ছেমিফাইনেলত নাডালৰ প্ৰতিদ্বন্দী আলেকজেণ্ডাৰ জেভেৰেভে সোঁ ভৰিৰ আঘাতৰ বাবে খেল আধাতে সামৰিবলৈ বাধ্য হোৱাৰ লগে লগে ফাইনেলত স্থান নিশ্চিত হয় নাডালৰ। এইদৰে কেৰিয়াৰৰ ১৫ সংখ্যক ফ্ৰেঞ্চ অপেনত ১৪ তম বাৰৰ বাবে ফাইনেলত প্ৰৱেশ কৰিছে স্পেনিচ খেলুৱৈজন।

শুকুৰবাৰে অনুষ্ঠিত ছেমিফাইনেলত আলেকজেণ্ডাৰ জেভেৰেভে সোঁ গোৰোহাত আঘাত পোৱাৰ পিছতে খেল কিছু সময়ৰ বাবে ৰখাই দিয়া হয়। আঘাতৰ পিছতে হুইলচেয়াৰত বহি কোৰ্ট ত্যাগ কৰে জেভেৰভে। সেই সময়ত মেচখনত নাডাল ৭-৬ (১০/৮), ৬-৬ ব্যৱধানত আগবাঢ়ি আছিল। চিকিৎসকৰ সহায়ত প্ৰথমে কোৰ্ট ত্যাগ কৰা জেভেৰভে কিছুসময় পিছত পুনৰ কোৰ্টত প্ৰৱেশ কৰি মেচখনৰ পৰা আঁতৰি যোৱা বুলি ঘোষণা কৰে। 

মেচখনত জয়ী ঘোষণা কৰাৰ পিছতে নাডালে কয় জেভেৰেভৰ বাবে দুখ প্ৰকাশ কৰে। তেওঁ কয়, "এইয়া জেভেৰেভৰ বাবে অতি কঠিন আৰু দুখজনক। মই জানো তেওঁ গ্ৰেণ্ড শ্লেম জয়ৰ বাবে কিমান যুঁজ দি আছে। মই নিশ্চিত যে তেওঁ এটাতকৈ অধিক গ্ৰেণ্ড শ্লেম জয়ী হ’ব। মই তেওঁক শুভকামনা জনাইছো।”

আনহাতে তিনিঘণ্টাতকৈও অধিক সময় ধৰি চলা মেচখনত জেভেৰভে কঠিন প্ৰত্যাহ্বান জনাইছিল বুলি স্বীকাৰ কৰি নাডালে মেচখনক তেওঁৰ বাবে চলিত প্ৰতিযোগিতাখনৰ আটাইতকৈ কঠিন প্ৰত্যাহ্বান আখ্যা দিয়ে। 

অভিলেখ ২২ সংখ্যক গ্ৰেণ্ড শ্লেম খিতাপৰ সন্ধানত থকা নাডাল দেওবাৰে ফাইনেলত কেচপাৰ ৰুডৰ সন্মুখীন হ’ব। ফাইনেলত প্ৰৱেশৰ পথত ৰুডে মাৰিন ক্ৰ’ৱেছিয়াৰ চিলিকক ৩-৬, ৬-৪, ৬-২, ৬-২ ব্যৱধানত পৰাস্ত কৰে। এইদৰে টেনিছ ইতিহাসত কোনো গ্ৰেণ্ড শ্লেমৰ ফাইনেলত উপনীত হোৱা নৰৱেৰ প্ৰথমজন টেনিছ খেলুৱৈ হিচাপে পৰিগণিত হয় ৰুড।  উল্লেখ্য যে ৰুডে নাডালক নিজৰ আদৰ্শ হিচাপে আখ্যা দিয়ে। 

ইফালে নাডাল ১৯৩০ চনৰ ফ্ৰেঞ্চ অপেনৰ ৰানাৰ-আপ বিল টিল্ডেনৰ পিছতে ফ্ৰেঞ্চ অপেনৰ ইতিহাসত ফাইনেলত উপনীত হোৱা দ্বিতীয়গৰাকী বয়ষ্ক খেলুৱৈ হিচাপে পৰিগণিত হৈছে। ১৯৩০ চনত ফ্ৰেঞ্চ অপেনৰ ফাইনেল খেলাৰ সময়ত টিল্ডেনৰ বয়স আছিল ৩৭ বছৰ। আনহাতে নাডালে শুকুৰবাৰে ৩৬ বছৰ সম্পূৰ্ণ কৰিছে। 

উল্লেখ্য যে ২০০৫ চনত ফ্ৰেঞ্চ অপেনত অভিষেক ঘটোৱাৰ পিছত প্ৰতিযোগিতাখনত তেওঁৰ ১১৪ খন খেলৰ মাত্ৰ তিনিখনতহে পৰাজিত হৈছে নাডাল। কেৰিয়াৰত অভিলেখ সংখ্যক ২১ বাৰৰ গ্ৰেণ্ডশ্লেম বিজয়ী নাডালে টেনিছ ইতিহাসত সৰ্বাধিক গ্ৰেণ্ডশ্লেম খিতাপ জয়ী হিচাপে ইতিমধ্যে নিজকে প্ৰতিষ্ঠা কৰিছে।



FOLLOW US F
POPULAR
FEATURE
TRENDY
লামডিঙত মৰ্মান্তিক ঘটনা; কৰ্মৰত অৱস্থাত বিদ্যুৎস্পৃষ্ট হৈ গুৰুতৰভাৱে আহত অস্থায়ী বিদ্যুৎ কৰ্মচাৰী
শিৱসাগৰত চাঞ্চল্যকৰ ঘটনা! ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথৰ নলাৰ পৰা উদ্ধাৰ দুজন যুৱকৰ মৃতদেহ
চফগুটি: এই সৰু মছলাবিধত লুকাই আছে স্বাস্থ্যৰ নানা উপকাৰিতা
২৪ ডিচেম্বৰৰ পৰা ৬ জানুৱাৰীলৈ অসম গ্রন্থমেলা; প্ৰকাশন পৰিষদৰ ঘোষণা
চাকৰি হেৰুৱাই আমেৰিকাৰ পৰা দেশলৈ উভতিল ১০ হাজাৰ ভাৰতীয়
’২৭ৰ ফেব্ৰুৱাৰীলৈ থাকিব এল নিন’ৰ প্ৰভাৱ
নেপালত অসমৰ ৮ শ্ৰমিকক উদ্ধাৰ; ৫ শ্ৰমিকৰ নাই কোনো সন্ধান
২ কোটি টকাৰ ‘হনুমান অংশ’ৰ আশ্চৰ্যকৰ সাফল্য! ৫০০ কোটি টকাৰ ‘টক্সিক’ৰ সৈতে কৰিছে তীব্ৰ প্ৰতিদ্বন্দ্বিতা
ভাৰতৰ হিমালয় অঞ্চলত ২০০টা অতি বিপজ্জনক হিমবাহীয় হ্রদ চিনাক্ত
ফুটবলৰ খেলপথাৰত ৰোনাল্ডোৰ চমক অব্যাহত; ৪১ বছৰ বয়সতো ধাৰাবাহিকভাৱে দি গৈছে গ’ল
তিব্বতত বানৰ ধ্বংসলীলা! ভয়াবহ দুৰ্যোগৰ এই খবৰ লুকুৱাই ৰাখি চীনৰ ৰহস্যজনক নিস্তব্ধতা
৬ ছেপ্টেম্বৰত গুৱাহাটীৰ ছিগাল থিয়েটাৰত মঞ্চস্থ হ’ব ‘ৱহ কক্ষ’
ভেজাল ঔষধেৰে ভৰিছে ৰাজ্যৰ বজাৰ; কোনো গুৰুত্ব নাই ঔষধ নিয়ন্ত্রকৰ
বিয়াৰ ৫ মাহৰ পাছতেই সংসাৰ ভাঙিল বাদশ্বাহৰ; দ্বিতীয় বাৰলৈ বিবাহ বিচ্ছেদ জনপ্ৰিয় গায়কগৰাকীৰ