--°C
Loading...
Listen to Article
2 min read
80%
ডিজিটেল ডেস্কঃ দীপক চাহাৰৰ বিবাহৰ আগৰ পৰাই ছ’চিয়েল মিডিয়াত ভনীয়েক মালতী চাহাৰৰ অন্তহীন উৎসাহ-উদ্দীপনা। টীম ইণ্ডিয়াৰ তাৰকা ক্ৰিকেটাৰগৰাকীৰ বিয়াত ভনীয়েকৰ সাজ-পোছাকো আছিল চকুত লগা। এইবাৰ চাহাৰৰ বিবাহৰ পিছত মালতীয়ে এনে এটা কাণ্ড কৰিলে, যিটো ছ’চিয়েল মিডিয়াত এতিয়া চৰ্চাৰ কেন্দ্ৰবিন্দু হৈ পৰিছে।

হনীমুনৰ পূৰ্বে ছ’চিয়েল মিডিয়াত ইঙ্গিতবহ ভাষাৰে দীপক চাহাৰক পৰামৰ্শ দিছে ভনীয়েক মালতীয়ে। ননভেজ কৌতুকৰ দৰেই আছিল মালতীৰ পৰামৰ্শ। হনীমুনলৈ গ’লেও সন্মুখত যে বিশ্বকাপ সেই কথা পাহৰি নাযাবলৈ পৰামৰ্শ দিছে ভনীয়েক মালতীয়ে।
 
টুইটাৰ আৰু ইনষ্টাগ্ৰামত একেখন ছবি পোষ্ট কৰি মালতীয়ে লিখিছে, ‘এইবাৰ ছোৱালীজনী আমাৰ হ’ল। বিবাহিত জীৱনৰ অলেখ শুভেচ্ছা। দীপক চাহাৰ হনীমুনলৈ গৈ নিজৰ পিঠিখন বচাই ৰাখিবা। সন্মুখত আমাৰ বিশ্বকাপ।’

স্মৰ্তব্য যে, ডাঙৰ চুক্তি লাভ কৰাৰ পিছতো আঘাতৰ বাবে আইপিএল ২০২২ত খেলিব পৰা নাছিল খেলুৱৈজনে। সেইবাবে জাতীয় দলৰ পৰাও আঁতৰি থাকিব লগা হৈছে তেওঁ। অৱশ্যে, বিশ্বকাপত অৱতীৰ্ণ হোৱাৰ সুযোগ এতিয়াও আছে দীপক চাহাৰৰ।



FOLLOW US F
POPULAR
FEATURE
TRENDY
প্ৰদূষণৰ মাত্রা হ্রাস কৰাৰ লক্ষ্য দিল্লীত; ১ নৱেম্বৰৰ পৰা ১০ লাখ বাহনৰ প্ৰৱেশ নিষিদ্ধ
সোণতলীত ভয়ংকৰ অগ্নিকাণ্ড; সাতটাকৈ পৰিয়ালৰ বাসগৃহ সম্পূৰ্ণৰূপে ভস্মীভূত
২৪টা কুকুৰ জব্দ বকলীয়াঘাট আৰক্ষীৰ; এজন যুৱকক আটক
ইউৰোপীয় বজাৰলৈ কাৰ্বি আংলঙৰ জৈৱিক আদা; শ্লোভেনিয়াই মুকলি কৰিলে ৰপ্তানিৰ নতুন সম্ভাৱনা
ৰাজ্য চৰকাৰৰ সিদ্ধান্ত; আকৌ ল’লে ১০০০ কোটি টকাৰ ঋণ
হাজাৰ হাজাৰ কিল’মিটাৰ আকাশী পথ অতিক্ৰমি অসমলৈ আগমন পৰিভ্ৰমী চৰাইৰ